জে বি আইন মহাবিদ্যালয়ত বহু কোটি টকাৰ কেলেংকাৰী

গুৱাহাটীৰ জগন্নাথ বৰুৱা আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মালবিকা তালুকদাৰক নিলম্বন কৰা হৈছে। মহাবিদ্যালয়খনত সংঘটিত বহু কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ বাবে তেওঁক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

জে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ মালবিকা তালুকদাৰৰ লগতে আন দুজন কৰ্মচাৰী—প্ৰেকটিকেল ক’ৰ্ছ ক'ৰ্ডিনেটৰ ৰঞ্জন জ্যোতি দাস আৰু গাণনিক প্ৰদীপ বেজবৰুৱাকো নিলম্বন কৰা হৈছে। এই কেলেংকাৰীৰ পোহৰলৈ অহাৰ পিছতে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ গঠন কৰা হৈছিল পাঁচ জনীয়া তদন্ত কমিটী। কমিটীটোৱে আৰ্থিক দিশসমূহ পৰ্যালোচনা কৰাৰ লগতে অডিটো কৰিছিল।

দৰমহা বৃদ্ধিৰ দাবীত গুৱাহাটীত অংগনৱাড়ী কৰ্মীৰ প্ৰতিবাদ

দৰমহা বৃদ্ধিৰ দাবীত আজি চাৰি নৱেম্বৰত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা (ASAWWA)-ই গুৱাহাটী উজান বজাৰস্থিত মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ সন্মুখত  মঙলবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ মুখ্য উদ্দেশ্য আছিল অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ প্ৰস্তাৱিত দৰমহা বৃদ্ধি সম্পৰ্কে চৰকাৰে আনুষ্ঠানিকভাৱে এক নিৰ্দেশনা প্ৰকাশ কৰা। অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই কয় যে এই দৰমহা বৃদ্ধি সন্থাৰ সদস্যাসকলৰ জীৱিকাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰতিবাদকাৰীসকলে নিজ দাবীৰ সমৰ্থনত বিভিন্ন ধ্বনি দিয়ে।

দিপাৱলী নিশা কেনেকৈ সংঘটিত হ’ল দুজনৰ প্ৰাণহানি কৰা দুৰ্ঘটনাটো ? চিচি টিভি ফুটেজে কি কয় ?

 যোৱা দিপাৱলীৰ নিশা গুৱাহাটীৰ খানাপাৰাত দুই যুৱক-যুৱতীৰ প্ৰাণহানি কৰা ভয়ংকৰ দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হৈছিল ?

কালী পূজাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত ব্ৰহ্মপুত্ৰত ডুবি যুৱকৰ মৃত্যু, কথমপি প্ৰাণৰক্ষা দুজনৰ

ব্ৰহ্মপুত্ৰত কালী পূজাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন দুজনৰ কথমপি প্ৰাণৰক্ষা পৰে।

দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় শুক্ৰেশ্বৰ ঘাটত। মৃত যুৱকজনক ব্ৰিজেশ বুলি চিনাক্ত কৰা হৈছে। তেওঁ আৰু আন দুজন যুৱকে কালীপূজাৰ প্ৰতিমা বিসৰ্জন কৰোতে পানীৰ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত সোমাই পৰে।

একাংশ লোকে তৎপৰতা দেখুৱাই দুজন যুৱকক ৰক্ষা কৰে যদিও ব্ৰিজেশ পানীৰ সোঁতত উটি যায়। পাছত এনডিআৰএফৰ উদ্ধাৰকর্মীয়ে তেওঁক উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা যুৱকজনক সংকটজনক অৱস্থাত সঞ্জীৱনী হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
 

বিনা-অনুমতিত চলা গ্ৰিল পাণ্ডাসহ ছখন ৰেস্তোঁৰা বন্ধ কৰিলে পৌৰ নিগমে

গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ বিভিন্ন ৰেস্তোৰাঁ আৰু খাদ্য সেৱা প্ৰতিষ্ঠানত অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ সময়ত  চাৰিদিনত অনুমতিৰ অবিহনে চলা, গ্ৰাহকক নিম্নমানৰ খাদ্য খুওৱা আৰু খাদ্য-সুৰক্ষাৰ মান পালন নকৰা ছখন খাদ্য বিপনী বন্ধ কৰা হৈছে।

বৃহস্পতিবাৰে পৌৰ নিগমৰ খাদ্য পৰীক্ষকৰ দলে জু-ৰোড অঞ্চলৰ 'গ্ৰিল পাণ্ডা' নামৰ ৰেস্তোৰাঁখন বন্ধ কৰে।  প্ৰয়োজনীয় অনুমতি অবিহনে বহুবছৰ ধৰি ৰেস্তোঁৰাখন চলি আছিল বুলি সূত্ৰই জনায়।

কেন্দ্ৰীয় বন মন্ত্ৰণালয়ে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ পুৰণি গছ কটাৰ প্ৰস্তাৱৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে

ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীৰ পাৰৰ শতাধিক বছৰ পুৰণি গছ কটাৰ প্ৰস্তাৱক লৈ কেন্দ্ৰীয় বন মন্ত্ৰণালয়ে ক্ষোভ প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। উৰণীয়া সেতু নিৰ্মাণৰ বাবে দীঘলীপুখুৰীৰ পাৰৰ ২১ জোপা গছ কটাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে, যাৰ ফলত পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি কোনো অধ্যয়ন নকৰাকৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

চৰকাৰী পুঁজিৰ অপব্যৱহাৰঃ অসমৰ পাঁচজনক কাৰাদণ্ড চিবিআই আদালতৰ

গুৱাহাটী, ৩ নৱেম্বৰঃ চৰকাৰী পুঁজি অপব্যৱহাৰৰ এটা ২৪ বছৰ পুৰণি গোচৰত চিবিআইৰ গুৱাহাটীস্থিত বিশেষ আদালতে দুজন প্ৰাক্তন চৰকাৰী বিষয়া-কৰ্মচাৰীসহ পাঁচজন লোকক আৰ্থিক জৰিমনাসহ তিনিবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে। বুধবাৰে চিবিআইৰ বিশেষ আদালতে এই পাঁচজন লোকৰ শাস্তি ঘোষণা কৰে। কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হোৱা এই লোককেইজনে জালিয়াতিৰে কোষাগাৰৰ পৰা চৰকাৰী পুঁজিৰ ধন উলিয়াই নিছিল। চিবিআইৰ বিশেষ আদালতখনে এই পাঁচজন লোকক তিনিবছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে ১.৬ লাখ টকাৰ আৰ্থিক জৰিমনাৰ শাস্তি বিহে ।  ১৯৯৩ত এই লোককেইজনৰ বিৰুদ্ধে চৰকাৰী পুঁজিৰ ধন জালিয়াতিৰে উলিয়াই নিয়াৰ গোচৰ ৰুজু হয়। চিবিআইৰ বিশেষ আদালতে গোচৰটোত শাস

গুৱাহাটীৰ মাষ্টাৰ প্লেন ২০৪৫-ত সালসলনিৰ দাবী নাগৰিক মঞ্চৰ

Concerned Citizens Group (CCG) শীৰ্ষক নাগৰিক মঞ্চই খচৰা গুৱাহাটী মাষ্টাৰ প্লেন- ২০৪৫ৰ কিছু সালসলনিৰ দাবী কৰিছে। মাষ্টাৰ প্লেনখনৰ কেতবোৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি মহানগৰখনৰ পৰিৱেশগত সুৰক্ষাৰ বাবে আৰু সাৰ্বজনীন নগৰীয়া বৃদ্ধি নিশ্চিত কৰিবলৈ গুৰুত্বপূর্ণ পৰিৱৰ্তনৰ দাবী কৰিছে। মহানগৰীৰ স্থাপত্য, আবাসন, দুৰ্ঘটনা ব্যৱস্থাপনা আৰু পৰিৱেশৰক্ষাৰ বাবে আইনী সজাগতা সৃষ্টি আদিত এই নাগৰিক মঞ্চই গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ সংৰক্ষিত বনাঞ্চল হ্ৰাস আৰু আবাসিক অঞ্চলৰ বিস্তাৰকলৈ মঞ্চই উদ্বেগ প্ৰকাশ কৰিছে। মঞ্চই কয়, “দেখা হৈছে যে সংৰক্ষিত বনাঞ্চল, জলাশয় আৰু জলাভূমিৰ হ্ৰাসৰ কথা কোৱা হৈছে। ২০২০ৰ ১৮৩ বৰ্গ কিঃমিঃৰ পৰ

গুৱাহাটীত ৭ মাহত এহেজাৰৰো অধিক চুৰি কাণ্ড

চোৰৰ টিঘিলঘিলনিত নিদ্ৰা হৰণ হৈছে মহানগৰবাসীৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰাজধানী মহানগৰীত ক্ৰমান্বয়ে বৃদ্ধি পোৱা চোৰৰ সন্ত্ৰাসে আতংকিত কৰি আহিছে সাধাৰণ ৰাইজক। দিনৰ পোহৰতে মহিলাৰ ডিঙিৰ অলংকাৰ কাঢ়ি নিয়াৰ পৰা নিশাৰ নিদ্ৰাৰত গৃহস্থৰ ঘৰত লুটপাত চলোৱালৈকে মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে চুৰি কাণ্ডৰ ঘটনা। ইফালে নিশাৰ এন্ধাৰৰ সুযোগ লৈ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ সৰু সৰু গলিবোৰতো প্ৰতিদিনে চুৰিকাণ্ড সংঘটিত হোৱাৰ খবৰে প্ৰায়ে বাতৰিৰ পৃষ্ঠা ভৰাইছে। মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ নাকৰ তলতে নিতৌ সংঘটিত এনেধৰণৰ চুৰিকাণ্ডই আতংকিত কৰি ৰাখিছে গুৱাহাটীৰ নিৱাসীসকলক। 

টাটা ইনষ্টিটিউট অব ছ’চিয়েল ছায়েন্সেছ (TISS)ৰ ১১ সংখ্যক সমাৱৰ্তন সম্পন্ন

গুৱাহাটী, ২৫ অক্টোবৰঃ টাটা ইনষ্টিটিউট অব ছ’চিয়েল ছায়েন্সেছ চমুকৈ টিআইএছএছৰ ১১ সংখ্যক সমাৱৰ্তন আজি মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আডম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয়। টিছৰ আচাৰ্য অধ্যাপক ডি পি সিঙৰ লগতে আন কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইউনিভাৰ্ছিটি অব ছায়েন্স এণ্ড টেকন’লজি, মেঘালয় (ইউএছটিএম)ৰ উপাচাৰ্য অধ্যাপক গৌৰীদত্ত শৰ্মাই। বন্তি প্ৰজ্বলন আৰু সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে প্ৰ’-উপাচাৰ্য অধ্যাপক শংকৰ দাসে। তেওঁ নিজৰ ভাষণত উপস্থিত থকা অতিথিসকলক আদৰণি জনোৱাৰ লগতে শিক্ষাগ্ৰহণ সম্পূৰ্ণ কৰা শিক্ষাৰ্থী

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media