জে বি আইন মহাবিদ্যালয়ত বহু কোটি টকাৰ কেলেংকাৰী

জে বি আইন মহাবিদ্যালয়ত বহু কোটি টকাৰ কেলেংকাৰী

গুৱাহাটীৰ জগন্নাথ বৰুৱা আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মালবিকা তালুকদাৰক নিলম্বন কৰা হৈছে। মহাবিদ্যালয়খনত সংঘটিত বহু কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ বাবে তেওঁক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

জে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ মালবিকা তালুকদাৰৰ লগতে আন দুজন কৰ্মচাৰী—প্ৰেকটিকেল ক’ৰ্ছ ক'ৰ্ডিনেটৰ ৰঞ্জন জ্যোতি দাস আৰু গাণনিক প্ৰদীপ বেজবৰুৱাকো নিলম্বন কৰা হৈছে। এই কেলেংকাৰীৰ পোহৰলৈ অহাৰ পিছতে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ গঠন কৰা হৈছিল পাঁচ জনীয়া তদন্ত কমিটী। কমিটীটোৱে আৰ্থিক দিশসমূহ পৰ্যালোচনা কৰাৰ লগতে অডিটো কৰিছিল।

এই অডিট ৰিপ’ৰ্ট আৰু পৰ্যালোচনাৰ অন্তত কেলেংকাৰীৰ বিষয়ে স্পষ্ট প্রমাণ পোৱা যায়। তাৰ পাছতেই মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে তেওঁলোকক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে, আৰু ২ নৱেম্বৰত আনুষ্ঠানিকভাৱে পদৰ পৰা নিলম্বনৰ অনুমোদন দিয়ে।

অধ্যক্ষসহ নিলম্বিত তিনিওজনে ২০১৯ ৰ পৰা ২০২৪ চনৰ ভিতৰত এই কেলেংকাৰী সংঘটিত কৰিছিল বুলি তদন্তত প্ৰকাশ পায়। তদন্ত কমিটীয়ে মুঠ ৬৭ পৃষ্ঠাৰ এক প্ৰতিবেদন দাখিল কৰিছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com