দৰমহা বৃদ্ধিৰ দাবীত আজি চাৰি নৱেম্বৰত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা (ASAWWA)-ই গুৱাহাটী উজান বজাৰস্থিত মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ সন্মুখত মঙলবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ মুখ্য উদ্দেশ্য আছিল অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ প্ৰস্তাৱিত দৰমহা বৃদ্ধি সম্পৰ্কে চৰকাৰে আনুষ্ঠানিকভাৱে এক নিৰ্দেশনা প্ৰকাশ কৰা। অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই কয় যে এই দৰমহা বৃদ্ধি সন্থাৰ সদস্যাসকলৰ জীৱিকাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰতিবাদকাৰীসকলে নিজ দাবীৰ সমৰ্থনত বিভিন্ন ধ্বনি দিয়ে।