অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰাৰ পিছত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই বাজেটক লৈ সমালোচনা কৰি কৈছে যে এই বাজেটখন "আনৰ পিঠাৰে বিহু পতা কথাৰ দৰে এখন হাঁহি উঠা বাজেট"। তেওঁ কয় যে এই বাজেটখনত কোনো বাস্তৱসন্মত কথা নাই আৰু ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিত্তমন্ত্ৰীয়ে অসমৰ ৰাইজক "টুপী" দিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ, শ্বাহৰ কাৰ্যসূচীক লৈ পৰ্যালোচনা বৈঠক মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ
১৪ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁ অসম আৰু মিজোৰামত চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ লগতে দলীয় কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উত্তৰ-পূৰ্বাঞ্চল তথা অসম ভ্ৰমণক লৈ বিবৃতি জাৰি কৰিছে।
গুৱাহাটীত ডায়াগনষ্টিক চেণ্টাৰৰ বিৰুদ্ধে মহিলাৰ গোপনীয়তা ভংগৰ গুৰুতৰ অভিযোগ
Ad1
Urmul desert Craft
ৰংমহলত উচ্চ ন্যায়ালয় স্থানান্তৰৰ প্ৰস্তাৱ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য ন্যায়াধীশ বিজয় বিষ্ণইৰ বৈঠক
গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰৰ প্ৰস্তাৱৰ ওপৰত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণইৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উত্তৰ গুৱাহাটীৰ ৰংমহলত নিৰ্মাণ হ’বলগীয়া উচ্চ ন্যায়ালয়ৰ স্থায়ী ভৱনৰ মাষ্টাৰ প্লেন উপস্থাপন কৰা হৈছে।
গুৱাহাটীৰ দুই নৱম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ: চাঞ্চল্যৰ সৃষ্টি
গুৱাহাটী মহানগৰীৰ পৰা দুই নৱম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চানমাৰিৰ বিকাশ ৰাজবংশী আৰু নুনমাটি নিজৰাপাৰৰ আলী হুছেইন নামৰ দুয়োজন ছাত্ৰই ৭ মাৰ্চত পৰীক্ষা দিবলৈ বিদ্যালয়লৈ যোৱাৰ পিছত ঘৰলৈ উভতি অহা নাই। দুয়োজনেই নুনমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ।
জানিব পৰা মতে, ৭ মাৰ্চত ইংৰাজী বিষয়ৰ বছৰেকীয়া পৰীক্ষা আছিল। পৰীক্ষা শেষ হোৱাৰ পিছত ছাত্ৰ দুয়োজন ঘৰলৈ উভতি নোৱাত পৰিয়াল দুয়োটা উদ্বিগ্ন হৈ পৰে। ৰাতি পৰ্যন্ত কোনো খবৰ নোপোৱাত পৰিয়ালে চাৰিওফালে বিচাৰি ফুৰিছে। শেষত নুনমাটি আৰক্ষী থানা আৰু চানমাৰি আৰক্ষী থানাত গৈ এজাহাৰ দাখিল কৰে।
উমৰাংছুৰ ৯ শ্ৰমিক নিহত কাণ্ড, চাৰ্জশ্বিটত ৰহস্যজনকভাৱে নাই কণিকা হোজাইৰ নাম
ডিমা হাচাওৰ উমৰাংছুৰ কয়লাৰ অবৈধ ৰেট হোল মাইনিঙৰ সময়ত ৯ শ্ৰমিক জীৱন্তে আৱদ্ধ হৈ মৃত্যুক আকোৱালি লোৱা ঘটনাটোৰ প্ৰায় দুমাহৰ মূৰত আজি বিশেষ তদন্ত সমিতি (এছআইটি)য়ে চাৰ্জশ্বিট দাখিল কৰিছে। ডিমা হাচাওৰ মুখ্য ন্যায়াধীশৰ আদালতত দাখিল কৰা চাৰ্জশ্বিটত ১২ জন অভিযুক্তৰ নাম সন্নিৱিষ্ট কৰা হৈছে। কিন্তু চাৰ্জশ্বিটত কণিকা হোজাইৰ নাম নোহোৱাত ৰহস্যজনক বিবেচিত হৈছে।
কাৰ্বি আংলঙত ১৮ হাজাৰ বিঘা মাটি অধিগ্ৰহণৰ বিৰুদ্ধে জনজাতীয় সমাজৰ প্ৰতিবাদ
কাৰ্বি আংলঙ জিলাৰ খটখটি-লংকাথাৰত ১০০০ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ বাবে ১৮ হাজাৰ বিঘা মাটি অধিগ্ৰহণৰ প্ৰস্তাৱে স্থানীয় জনজাতীয় সমাজক আতংকিত কৰি তুলিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰিবলৈ লোৱা মাটিত কাৰ্বি, নগা আৰু আদিবাসীসহ হাজাৰ হাজাৰ লোক বসবাস কৰি আহিছে। এই মাটিত তেওঁলোকে বাঁহ, কলগছ, ৰবি শস্য, চিত্ৰনলাৰ খেতি কৰি জীৱন-জীৱিকা নিৰ্বাহ কৰি আহিছে।
মহানগৰীৰ উচ্ছেদ - ২৪টা পৰিয়ালৰ ঘৰত বুলডজাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদ অভিযান চলোৱাত কোনো থমকি ৰখা নাই। এইবাৰ ধৰ্মীয় সংখ্যালঘুৰ পৰিৱৰ্তে ভাষিক সংখ্যালঘু পৰিয়ালৰ ঘৰত বুলডজাৰ চলাই উচ্ছেদ অভিযান চলালে। গুৱাহাটী মহানগৰীৰ বিৰুবাৰী অঞ্চলত কামৰূপ জিলা প্ৰশাসনে আজি পুৱাৰে পৰা বুলডজাৰেৰে কেইবাটাও ঘৰ ভাঙি দিছে। আজিৰ দিনটোত মুঠ ২৪টা ঘৰ ভাঙি পেলোৱা হৈছে বুলি জনা গৈছে।
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা
অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। মুঠ ৩৬টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ ২ এপ্ৰিলত আৰু ভোট গণনা ৪ এপ্ৰিলত কৰা হ’ব। ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈকে চলিব। ৰাভা হাছং স্বায়ত্ব শাসিত এলেকাত মুঠ ৬৩০টা ভোট কেন্দ্ৰ আছে আৰু ভোটাৰৰ সংখ্যা ৪,৪৫,৫৮৬ জন। ইয়াৰ ভিতৰত ২,২৯,৩৯৪ গৰাকী মহিলা ভোটাৰ অন্তৰ্ভুক্ত।