বিনা-অনুমতিত চলা গ্ৰিল পাণ্ডাসহ ছখন ৰেস্তোঁৰা বন্ধ কৰিলে পৌৰ নিগমে

বিনা-অনুমতিত চলা গ্ৰিল পাণ্ডাসহ ছখন ৰেস্তোঁৰা বন্ধ কৰিলে পৌৰ নিগমে

গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ বিভিন্ন ৰেস্তোৰাঁ আৰু খাদ্য সেৱা প্ৰতিষ্ঠানত অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ সময়ত  চাৰিদিনত অনুমতিৰ অবিহনে চলা, গ্ৰাহকক নিম্নমানৰ খাদ্য খুওৱা আৰু খাদ্য-সুৰক্ষাৰ মান পালন নকৰা ছখন খাদ্য বিপনী বন্ধ কৰা হৈছে।

বৃহস্পতিবাৰে পৌৰ নিগমৰ খাদ্য পৰীক্ষকৰ দলে জু-ৰোড অঞ্চলৰ 'গ্ৰিল পাণ্ডা' নামৰ ৰেস্তোৰাঁখন বন্ধ কৰে।  প্ৰয়োজনীয় অনুমতি অবিহনে বহুবছৰ ধৰি ৰেস্তোঁৰাখন চলি আছিল বুলি সূত্ৰই জনায়।

তদুপৰি যোৱা ৩০ অক্টোবৰৰ পৰা পৌৰ নিগমৰ  খাদ্য পৰীক্ষকৰ দলটোৱে বাৰ্বী হোটেল এণ্ড ৰেস্তোঁৰা, কেৰী বেৰি আৰু টেণ্ডো কিং নামৰ খাদ্য বিপনী তিনিখন বন্ধ কৰে। সূত্ৰৰ মতে, এইসমূহে প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ তথা  খাদ্য সুৰক্ষা নিয়ম ভংগ কৰাৰ বাবে পৌৰ নিগমে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে । তদুপৰি যোৱা ২৪ অক্টোবৰত বাণিজ্যিক অনুমতিৰ নিয়ম উলংঘাৰ বাবে মাদ্ৰাজ কাফে নামৰ প্ৰতিষ্ঠাখন বন্ধ কৰে পৌৰ নিগমে। আনহাতে, অপৰিষ্কাৰভাৱে আৱৰ্জনা নিষ্কাষণ কৰাৰ বাবে আৰু দিলখুচ পাঞ্জাৱী ধাবা নামৰ খাদ্য বিপণীখন বন্ধ কৰা হয় ৷
পৌৰ নিগমৰ সূত্ৰই জনোৱা মতে, এই অভিযানৰ সময়ত সকলো ৰেস্তোঁৰা তথা খাদ্য বিপনীক প্ৰয়োজনীয় পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু খাদ্য সুৰক্ষাৰ মান ৰক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হয় । জনস্বাস্থ্য সুৰক্ষাৰ বাবে পৌৰ নিগমে এনে পদক্ষেপ শীঘ্ৰে পথৰ কাষৰ ঠেলা আৰু ফুড ট্ৰাকসমূহতো গ্ৰহণ কৰিব বুলি সূত্ৰই জনায়।

GMC-এ গুৱাহাটীবাসীক সতৰ্ক হৈ খাদ্যৰ মানৰ ওপৰত গুৰুত্ব দিয়াৰ অনুৰোধ কৰিছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com