কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ মৃত্যুৰ নিজববীয়া গোচৰ ৰুজু মানৱাধিকাৰ আয়োগৰ

যোৱা ১৯ ডিচেম্বৰত গুৱাহাটীত কংগ্ৰেছৰ "ৰাজভৱন চলো" আন্দোলনৰ সময়ত আৰক্ষীৰ কন্দুৱাৰ গেছৰ প্ৰভাৱত মৃত্যুক আঁকোৱালি লোৱা কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলামৰ মৃত্যু সন্দর্ভত অসম মানৱ অধিকাৰ আয়োগে (AHRC) এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে উক্ত প্ৰতিবাদী কাৰ্যসূচীত হেজাৰৰো অধিক কংগ্ৰেছ নেতা-কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে। প্ৰতিবাদৰ মূল উদ্দেশ্য আছিল শীঘ্ৰে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ, আদানিৰ ঘোচ কেলেংকাৰীৰ তদন্ত কৰা, মণিপুৰৰ  সংকট, আৰু প্ৰস্তাৱিত "এক ৰাষ্ট্ৰ, এক নিৰ্বাচন" বিধেয়কৰ বিৰোধিতা কৰা ।

গুৱাহাটী পৌৰনিগম কৰ্মী সংঘৰ আন্দোলন ঘোষণা

পেঞ্চন মুকলিকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত গুৱাহাটী পৌৰনিগম কৰ্মী সংঘ (GMKS)ই অহা ২৬ ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন ধর্মঘট ঘোষণা কৰিছে। গুৱাহাটী পৌৰনিগম (GMC)ৰ কৰ্মীসকলক প্ৰতিনিধিত্ব কৰা কৰ্মী সংঘৰ নেতৃত্বই জানিবলৈ দিয়া মতে, কেতবোৰ দীৰ্ঘদিনীয়া  সমস্যা সমাধান নোহোৱাত কৰ্মীসকল অসন্তুষ্ট। এই ধর্মঘটৰ ফলত পৌৰনিগমে আগবঢ়োৱা দৈনন্দিন সেৱাসমূহত গুৰুতৰ বাধা পৰাৰ সম্ভাৱনা আছে।

ধৰ্মঘটৰ মুখ্য দাবীসমূহ হ’ল পৌৰনিগমৰ কৰ্মীসকলৰ পেঞ্চন নিয়মীয়া কৰণ, প্ৰতিশ্ৰুতি অনুসৰি দৈনিক মজুৰি আৰু ঠিকাভিত্তিক কৰ্মীসকলৰ বেতন বৃদ্ধি কৰা হয় আৰু স্থায়ী কৰ্মীসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰা আদি।

খাওগলিৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ

গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীপাৰত ক্ষুদ্ৰ ছাট হাউচসমূহ উচ্ছেদ কৰাৰ সিদ্ধান্ত লৈ ৰাজ্য চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলক গভীৰ সংকটত পেলাইছে। মঙলবাৰৰ নিশা গুৱাহাটী পৌৰ নিগমে বুলডজাৰ লগাই শতাধিক ক্ষুদ্ৰ ব্যৱসায়ী পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ উৎস উচ্ছেদ কৰে।

Pipe Leak in Chandmari Causes Flooding Amidst Drinking Water Shortage

Residents of Chandmari, Guwahati, faced a dual crisis today as a water leakage in the Milanpur area led to road flooding, even as the locality continues to grapple with a four-day drinking water shortage.

The incident occurred when a washout valve of a supply pipe developed a fault during routine maintenance, causing thousands of liters of water to gush out onto the streets. The leakage not only inundated roads but also caused significant traffic disruptions in the area.

অসম আৰক্ষীৰ অত্যাচাৰৰ ঘটনা আৰু সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া

অসম আৰক্ষীত কৰ্মৰত একাংশ লোকৰ আচৰণ লৈ গভীৰ চিন্তাৰ কাৰণ হৈছে। মায়া-মমতাৰ অভাৱ দেখুওৱা একাংশ আৰক্ষী বিষয়াৰ আচৰণে ঠেলাৱালা, ৰিক্সাৱালা, আৰু ডেলিভাৰী বয় আদি দুখীয়া লোকৰ ওপৰত অত্যাচাৰ কৰি আসুৰিক তৃপ্তি লাভ কৰাৰ ঘটনাক লৈ বহুতো প্ৰশ্ন উত্থাপন হৈছে। এনে এটাৰ সাম্প্ৰতিক উদাহৰণ গুৱাহাটী চহৰত সংঘটিত হৈছে, য'ত এজন জমেটোৰ ডেলিভাৰী বয়ক এজন আৰক্ষী বিষয়াই ৰাজহুৱা স্থানত চৰম নিৰ্মমতাৰে প্ৰহাৰ কৰিছে।

দীঘলীপুখুৰী-নুনমাটি উৰণীয়া সেঁতুৰ নক্সা সলনি: চৰকাৰৰ নমনীয় স্থিতি

অৱশেষত চৰকাৰে নমনীয় স্থিতি গ্ৰহণ কৰি দীঘলীপুখুৰী-নুনমাটি উৰণীয়া সেঁতুৰ পূৰ্বৰ নক্সা সলনি কৰা হ’ব বুলি আদালতক অৱগত কৰে। আজিৰ দিনত অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰি কয়, “উৰণীয়া সেঁতুখনৰ দীঘলীপুখুৰীপাৰ অংশ সলনি কৰা হ’ব।”

নতুন আৰ্হিৰ বিষয়ে চৰকাৰে জানিবলৈ দিয়ে, “ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীপাৰ আৰু গছ-গছনি সুৰক্ষিত কৰা হ’ব। দীঘলীপুখুৰীপাৰৰ নাপাওতেই এটি ফালে জিএনবি ৰোড আৰু আন ফালে লেম্ব ৰোডত সেঁতুখন সমাপ্ত কৰা হ’ব।” চৰকাৰে আরও উল্লেখ কৰে যে, “উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য হ্ৰাস কৰি গছ-গছনি সংৰক্ষণ কৰা হ’ব।”

বজৰং দলক আলফা স্বাধীনৰ সকীয়নি: বুৰঞ্জী বিকৃতি বন্ধ কৰক

“অসমৰ থলগিৰি জনগণৰ বুৰঞ্জীক বিকৃত নকৰিবলৈ বজৰং দলক শেষবাৰৰ বাবে সকীয়নি প্ৰদান কৰিছে সংযুক্ত মুক্তি বাহিনী স্বাধীনে,” বিদ্ৰোহী সংগঠনটোৱে ঘোষণা কৰে। সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ সহঃ প্ৰচাৰ সম্পাদক ঈশান অসমে এক বিবৃতিত কৈছে, “প্ৰয়োজনত বিপৰীতে উপায়েৰে প্ৰতিক্ৰিয়া দিয়াৰ ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰোঁ।”

প্ৰাপ্যৰ দাবীত পুনৰ ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ আন্দোলন

প্ৰাপ্যৰ দাবীত পুনৰ আন্দোলন আৰম্ভ কৰিছে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই। আজি গুৱাহাটীৰ চচলত উত্তাল প্ৰতিবাদ কৰি, দীর্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবী পুনৰ জনাই। কৰ্তব্যৰ পোছাক পিন্ধি প্ৰতিবাদকাৰীসকলে শ্লোগানেৰে চচল ধৰ্মঘট ক্ষেত্ৰ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে দাবী কৰে, “আমাৰ দৰমহা বৃদ্ধি, স্থায়ী কৰ্মচাৰীৰ হাৰত দৰমহা, আৰু অতিৰিক্ত শ্ৰমৰ বাবে অতিৰিক্ত মজুৰি প্ৰদান হোৱা উচিত।” তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক  স্মাৰকপত্ৰ প্ৰদান কৰিছে।

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ সভাপতি পদৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা আজি প্ৰকাশিত হৈছে। সমিতিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি, পাঁচজনীয়া তালিকাখন সদৰী কৰা হয়। তালিকাত অন্তৰ্ভূক্ত সাহিত্যিকসকল হল অনুৰাধা শৰ্মা পূজাৰী, ড. গোবিন্দ প্ৰসাদ শৰ্মা, ড. উপেন ৰাভা হাকাচাম, ড. ভীমকান্ত বৰুৱা আৰু ড. বসন্ত কুমাৰ গোস্বামী।

ফোনযোগে প্ৰাৰ্থীসকলৰ অনুমতি লোৱাৰ পিছত উচ্চ ক্ষমতা সম্পন্ন সমিতিয়ে আনুষ্ঠানিকভাৱে তালিকাখন ঘোষণা কৰে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media