গুৱাহাটীত ৭ মাহত এহেজাৰৰো অধিক চুৰি কাণ্ড

গুৱাহাটীত ৭ মাহত এহেজাৰৰো অধিক চুৰি কাণ্ড

চোৰৰ টিঘিলঘিলনিত নিদ্ৰা হৰণ হৈছে মহানগৰবাসীৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰাজধানী মহানগৰীত ক্ৰমান্বয়ে বৃদ্ধি পোৱা চোৰৰ সন্ত্ৰাসে আতংকিত কৰি আহিছে সাধাৰণ ৰাইজক। দিনৰ পোহৰতে মহিলাৰ ডিঙিৰ অলংকাৰ কাঢ়ি নিয়াৰ পৰা নিশাৰ নিদ্ৰাৰত গৃহস্থৰ ঘৰত লুটপাত চলোৱালৈকে মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে চুৰি কাণ্ডৰ ঘটনা। ইফালে নিশাৰ এন্ধাৰৰ সুযোগ লৈ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ সৰু সৰু গলিবোৰতো প্ৰতিদিনে চুৰিকাণ্ড সংঘটিত হোৱাৰ খবৰে প্ৰায়ে বাতৰিৰ পৃষ্ঠা ভৰাইছে। মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ নাকৰ তলতে নিতৌ সংঘটিত এনেধৰণৰ চুৰিকাণ্ডই আতংকিত কৰি ৰাখিছে গুৱাহাটীৰ নিৱাসীসকলক। 

শেহতীয়া এক সূত্ৰ অনুসৰি, বিগত সাত মাহত কেৱল গুৱাহাটীতে সংঘটিত হৈছে সহস্ৰাধিক চুৰিকাণ্ড। চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩১ জুলাইলৈকে মহানগৰীৰ ১৯ খন থানাত ৰুজু কৰা হৈছে ১,১৭১টা চুৰিৰ গোচৰ। সূত্ৰ অনুসৰি এই সময়ছোৱাত কেৱল দিছপুৰ থানাতে ৰুজু হৈছে ২২৪টা চুৰিকাণ্ডৰ গোচৰ। ইয়াৰোপৰি চানমাৰি থানাত ৫৯টা, গীতানগৰ থানাত ৬৩টা, নুনমাটি থানাত ২৯টা, পল্টন বজাৰ থানাত ১০৫টা, জালুকবাৰী থানাত ১০০টা, বশিষ্ঠ থানাত ১৪২টা চুৰিৰ গোচৰ ৰুজু হৈছে বিগত সাত মাহৰ ভিতৰত। উল্লেখ্য যে, গৃহস্থৰ ধন-সোণৰ লগতে চোৰৰ দৃষ্টিৰ পৰা বাদ পৰা নাই মন্দিৰ, মছজিদৰ দৰে ধৰ্মীয় স্থানসমূহো। কিন্তু ইয়াৰ পিছতো মহানগৰ আৰক্ষীয়ে এনে চুৰিকাণ্ড ৰোধ কৰাত ব্যৰ্থ হোৱাটোৱে মহানগৰবাসীৰ মাজত ক্ষোভৰ উদগীৰণ ঘটাইছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com