গুৱাহাটীৰ মাষ্টাৰ প্লেন ২০৪৫-ত সালসলনিৰ দাবী নাগৰিক মঞ্চৰ

গুৱাহাটীৰ মাষ্টাৰ প্লেন ২০৪৫-ত সালসলনিৰ দাবী নাগৰিক মঞ্চৰ

Concerned Citizens Group (CCG) শীৰ্ষক নাগৰিক মঞ্চই খচৰা গুৱাহাটী মাষ্টাৰ প্লেন- ২০৪৫ৰ কিছু সালসলনিৰ দাবী কৰিছে। মাষ্টাৰ প্লেনখনৰ কেতবোৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি মহানগৰখনৰ পৰিৱেশগত সুৰক্ষাৰ বাবে আৰু সাৰ্বজনীন নগৰীয়া বৃদ্ধি নিশ্চিত কৰিবলৈ গুৰুত্বপূর্ণ পৰিৱৰ্তনৰ দাবী কৰিছে। মহানগৰীৰ স্থাপত্য, আবাসন, দুৰ্ঘটনা ব্যৱস্থাপনা আৰু পৰিৱেশৰক্ষাৰ বাবে আইনী সজাগতা সৃষ্টি আদিত এই নাগৰিক মঞ্চই গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ সংৰক্ষিত বনাঞ্চল হ্ৰাস আৰু আবাসিক অঞ্চলৰ বিস্তাৰকলৈ মঞ্চই উদ্বেগ প্ৰকাশ কৰিছে। মঞ্চই কয়, “দেখা হৈছে যে সংৰক্ষিত বনাঞ্চল, জলাশয় আৰু জলাভূমিৰ হ্ৰাসৰ কথা কোৱা হৈছে। ২০২০ৰ ১৮৩ বৰ্গ কিঃমিঃৰ পৰা ২০৪৫ ত এই সুৰক্ষিত অঞ্চলসমূহ মাত্ৰ ১০০ বৰ্গ কিঃমিঃত সীমিত হ'ব। এয়া ৪৫% হ্ৰাস আৰু ইয়ে মহানগৰীৰ পৰিবেশগত স্থিতিশীলতাৰ ওপৰত সংকট সৃষ্টিৰ আশংকা আছে।"  মঞ্চই দাবী কৰে যে ২০৪৫-ৰ ভিতৰত আবাসিক অঞ্চলসমূহৰ ৩১% বৃদ্ধি পৰিকল্পনা কৰা উচিত । অৰ্থাৎ ৮৬ বৰ্গ কিঃমিঃৰ পৰা ১১৩ বৰ্গ কিঃমিঃ বৃদ্ধি কৰা উচিত। "যদিও আবাসিক বিস্তাৰ অত্যাৱশ্যক, ই গুৱাহাটীৰ প্ৰাকৃতিক পৰিৱেশত বিৰূপ প্ৰভাৱ পেলাব নোৱাৰিব," মঞ্চৰ এজন প্ৰতিনিধিয়ে এনেদৰে কয় । তেওঁ লগতে কয় যে এই দ্ৰুত নগৰীকৰণ, উপযুক্ত পৰিকল্পনাৰ অভাৱে বান আৰু পৰিৱেশগত ক্ষতিৰ আশংকাৰ সৃষ্টি কৰিছে।

Guwahati Masterplan 2025-45

এই নাগৰিক মঞ্চই লগতে একাংশ নাগৰিকৰ বাবে যথাযথ ব্যৱস্থাৰ অভাৱৰ কথাও উল্লেখ কৰিছে ৷ "মাষ্টাৰ প্লেনত বস্তিৰ বাসিন্দাসকল বা পথ ব্যৱসায়ীসকলৰ বাবে আৱাসিক অঞ্চলৰ কথা  বিশেষ উল্লেখ নাই। অথচ এনে ব্যৱস্থা বহু নগৰীয়া দৰিদ্ৰ লোকৰ জীৱন-যাপনৰ বাবে অত্যন্ত প্ৰয়োজনীয়," মঞ্চৰ এজন নগৰ পৰিকল্পনাকৰ্তাই এনেদৰে কয়।

আনহাতে, ভূমিৰ ব্যৱহাৰৰ বিষয়কলৈ মঞ্চই উদ্বেগ প্ৰকাশ কৰি লগতে কয় যে উক্ত মাষ্টাৰ প্লেনৰ কেতবোৰ উন্নয়ন প্ৰস্তাৱৰ দ্বাৰা পৰিৱেশগত বিপদৰ আশংকা আছে। "ভৰালু আৰু বশিষ্ঠ নদী সংলগ্ন বাণিজ্যিক ৰাস্তা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে উচ্চ বান-প্ৰৱণ অঞ্চলত ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ASDMA)ৰ বান মণ্ডল মেপৰ ভিত্তিত  এনে পৰিকল্পনালৈ পৰিৱৰ্তন আনিবলৈ মঞ্চই  দাবী কৰিছে, যাতে ভবিষ্যৎ বিপদৰ পৰা ৰক্ষা পোৱা যায়। মঞ্চই লগতে পৰিকল্পনা প্ৰক্ৰিয়াত অধিক স্বচ্ছতা দাবী কৰিছে। ইয়াৰ অংশস্বৰূপে অসমীয়া ভাষাত মাষ্টাৰ প্লেন প্ৰকাশ কৰিবলৈ আৰু ৰাজহুৱা পৰামৰ্শ ল’বলৈ মঞ্চই দাবী জনাইছে ৷

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com