গুৱাহাটী, ১১ নৱেম্বৰ: অসমৰ জনগণ বৰ্তমান আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত ত্ৰাহি ত্ৰাহি কৰিছে। নিম্ন মধ্যবিত্ত, মধ্যবিত্ত, দৰিদ্ৰ, খাটিখোৱা আৰু দিনমজদুৰ শ্রেণীৰ লোকবোৰে একেবাৰে দৈনিক ভাতসাজৰ চিন্তাত দিন পাৰ কৰিবলগীয়া হৈছে। মূল্যবৃদ্ধিয়ে সমাজৰ এক বিশেষ শ্ৰেণীক জোকাৰি যাওঁতে দেখা গৈছে যে বিৰোধী দল আৰু জাতীয় সংগঠনসমূহে সাধাৰণতঃ যেতিয়া মাত মাতিব লাগে, সেয়া যথাযথভাৱে হোৱা নাই।
গুৱাহাটীৰ কেইবাটাও অঞ্চলত দুদিনৰ বাবে পানী যোগান বন্ধ থাকিব
সাতপুখুৰী পানী যোগান আঁচনিৰ ট্রেন্সফৰ্মাৰ বিকল হোৱাৰ ফলত, গুৱাহাটীৰ কেইবাটাও অঞ্চলত দুদিনৰ বাবে পানী যোগান ব্যাহত হ'ব। এই ঘটনাৰ ফলত ১২ আৰু ১৩ নৱেম্বৰ তাৰিখে পানী যোগান বন্ধ থাকিব। জিএমচিৰ অধীনস্থ এই অঞ্চলসমূহৰ ৰাইজে এই সময়ছোৱাত পানীৰ অসুবিধাৰ সন্মুখীন হ'ব।
প্ৰভাৱিত অঞ্চলসমূহত উজাবজাৰ, চেনিকুঠি, গুৱাহাটী ক্লাব, চিলপুখুৰী, চান্দমাৰী, চৰকাৰী মুদ্ৰণ এলেকা, খাৰঘুলী, হাউচিং কলনী, কৃষ্ণনগৰ, নিজাৰাপাৰ, কানৱাচল, নবগিৰি, পেঞ্চনপাৰা, মিলনপুৰ, নবগ্ৰহ, উদয়গিৰি, চিত্ৰাচল পৰ্বত আদি অন্তৰ্ভুক্ত।
সুৰাপায়ী ভাতৃৰ ছুৰীকাঘাতত মৃত্যু যুৱকৰ
পুনৰ সংঘটিত হ'ল এক নৃশংস হত্যাকাণ্ড। সুৰাপায়ী ভাতৃৰ ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে এজন যুৱকে। নিহত যুৱকজনৰ নাম শংকৰ সৰকাৰ। এই চাঞ্চল্যকৰ ঘটনাটো কালি নিশা প্ৰায় ১০ বজাত বিৰুবাৰীত সংঘটিত হয়। জানিব পৰা মতে, সামান্য কথাক লৈ নিশা দুই ভাতৃৰ মাজত বাক-বিতণ্ডা হয়। তাতে সুৰাসক্ত অৱস্থাত থকা বিশ্বজিৎ সৰকাৰে ছুৰীৰে শংকৰৰ ডিঙি আৰু পেটত উপৰ্যুপৰি আক্ৰমণ কৰে। ফলত গুৰুতৰভাৱে আহত যুৱকজনক পৰিয়ালে তৎক্ষণাৎ জি এম চি এইচত ভৰ্তি কৰায়, যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইফালে, ঘটনা সংঘটিত কৰি বিশ্বজিৎ সৰকাৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশেষত, পল্টন বজাৰ আৰক্ষীয়ে আজি বিশ্বজিৎ সৰকাৰক গ্ৰেপ্তাৰ কৰে।
ভৰলুমুখত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ চিত্ৰশিল্পী - ছাত্ৰ মুক্তিৰ সদস্য
ভৰলুমুখত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অৱশেষত গ্ৰেপ্তাৰ হ'ল চিত্ৰশিল্পী মাৰ্চেল বৰুৱা আৰু ছাত্ৰ মুক্তিৰ সদস্য অংকুমান বৰদলৈ। কালি নিশা ভৰলুমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে। উল্লেখ্য কালি পুৱতি নিশা স্থানীয় প্ৰতিবাদকাৰী যুৱক কমল কুমাৰৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আৱাসৰ পৰা আটক কৰিছিল মাৰ্চেল বৰুৱা আৰু অংকুমান বৰদলৈক। কালি দিনটো জেৰাৰ অন্তত আৰক্ষীয়ে নিশা কমল কুমাৰক যাবলৈ দিয়াৰ বিপৰীতে গ্ৰেপ্তাৰ কৰে আন দুই প্ৰতিবাদকাৰী যুৱকক। গ্ৰেপ্তাৰৰ পিছত পুৱাই স্বাস্থ্য পৰীক্ষা কৰোৱা হয় দুয়োজনৰ। আনহাতে আজিয়ে দুয়োজনক আদালতত হাজিৰ কৰি ভৰলুমুখ আৰক্ষীয়ে জিম্মাত লোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ভৰলুমু
গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাত নতুন সদস্যৰ আগমন
অসম ৰাজ্যিক চিৰিয়াখানা-কাম-বটানিকেল উদ্যানত থকা গঁড় 'পৰী'য়ে এটা সুস্থ গঁড়ৰ পোৱালি জন্ম দিছে।
"অসম ৰাজ্যিক চিৰিয়াখানাত 'পৰী'ৰ পৰা জন্ম লোৱা নতুন অতিথি হৈছে এটা গঁড়ৰ পোৱালি । ২০১৩ চনৰ পাছত এইবাৰেই প্ৰথমবাৰৰ বাবে @assamzoo-ত গঁড়ৰ জন্ম হৈছে। গঁড়ৰ পোৱালিৰ উপৰি চিৰিয়াখানাত এতিয়া ৪ টা মাইকী আৰু ৩ টা মতা গঁড় আছে।” -- অসম বন বিভাগে এইদৰে Xত লিখিছে।
ভৰলুমুখত ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে নাগৰিকৰ প্ৰতিবাদ
দিঘলীপুখুৰীৰ পিছত এতিয়া গুৱাহাটী ভৰলুমুখৰ নাগৰিকসকলে অঞ্চলটোৰ ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে চৰকাৰৰ গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে।
উন্নয়নমূলক কাৰ্যসূচীৰ বাবে বৃহৎ সংখ্যক গছ কটাৰ ফলত পৰিৱেশৰ ওপৰত সম্ভাৱ্য প্ৰভাৱৰ ওপৰত প্ৰতিবাদকাৰীসকলে হতাশা প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে প্লেকাৰ্ড জোকাৰি, উন্নয়নৰ ক্ষেত্ৰত উন্নত পন্থা গ্ৰহণৰ আহ্বান জনাই শ্লোগানেৰে উত্তাল কৰি তোলে।
গছ কাটাৰ সিদ্ধান্তই অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত ব্যাপক অসন্তোষৰ সৃষ্টি কৰিছে। ইতিমধ্যে ফ্লাইঅভাৰ নিৰ্মাণৰ অংশ হিচাপে ৮০ৰো অধিক গছ চিহ্নিত কৰা হৈছে।
গুৱাহাটীত ৭০ লাখ টকাৰ জালনোট উদ্ধাৰ
ড্ৰাগছ, জালনোটৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে৷ বিগত কেইবাটাও দিনত ড্ৰাগছ আৰু জালনোট সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰি অহাৰ সময়তে আজি গুৱাহাটী মহানগৰ আৰক্ষীয়ে অভিযান চলাই জালনোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
আজি পুৱাৰভাগত আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলত গড়চুক আৰক্ষীৰ এটা দলে অভিযান চলাই জালনোটসহ হাফিজ আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ হাফিক আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৭০ লাখ টকাৰ নকল নোট উদ্ধাৰ কৰিবলৈ সক্ষম হয় গড়চুক আৰক্ষী৷ স
চানমাৰিৰ খাদী ব’ৰ্ডৰ ল’জৰ পৰা পৰি চিকিউৰিটি গাৰ্ডৰ মৃত্যু
মহানগৰীৰ চানমাৰিস্থিত খাদী ব’ৰ্ডৰ ল’জৰ পৰা পৰি এজন যুৱকৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱকজন বিকাশ অধিকাৰী বুলি জানিব পৰা গৈছে। নিশা প্ৰায় ১২-৩০ বজাত খাদী ব’ৰ্ডৰ চৌহদত হঠাতে হুৱা-দুৱা লাগে৷ দৌৰা-দৌৰি লগাৰ পিছতে অৱগত হয় যে খাদী ব’ৰ্ডৰ চৌহদত থকা ল’জৰ পৰা যুৱক এজন তলত সৰি পৰিছে। হাস্পতালৰ নিয়াৰ ব্যৱস্তা কৰা হৈছিল যদিও কিছু সময় পাছতে যুৱকজনে মৃত্যুক আকোৱালি লয়৷ পল্টন বজাৰৰ এখন হোটেলত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত বিকাশ অধিকাৰীয়ে লজত বন্ধুৰ সৈতে পাৰ্টি কৰিবলৈ আহিছিল৷ নিশা যাপন কৰি তিনি বন্ধুয়ে একেলগে পাৰ্টি কৰিছিল বুলিও জানিব পৰা গৈছে। খবৰ পোৱা মাত্ৰকে ল’জখনত আৰক্ষীৰ দল উপস্থিত
পানীৰে ভৰা বৃহৎ খালত গা ধুবলৈ নামোতে মৃত্যু স্কুলীয়া ছাত্ৰৰ
দীঘলীপুখুৰীৰ ওচৰৰ উৰণীয়া সেতু নিৰ্মাণৰ বিকল্প প্ৰস্তাৱ দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গুৱাহাটীৰ দীঘলীপুখুৰীৰ ওচৰত উৰণীয়া সেতু নিৰ্মাণৰ বিকল্প প্ৰস্তাৱ দাখিলৰ নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ বিকল্প প্ৰস্তাৱ দাখিল কৰিবলৈ অসম চৰকাৰৰ মুখ্য সচিবলৈ নিৰ্দেশ জাৰি কৰে।
গছ কটাৰ বিপক্ষে জনস্বাৰ্থ জড়িত এক আবেদনৰ শুনানি গ্ৰহণৰ সময়ত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিশ্নই আৰু ন্যায়াধীশ এন উন্নিকৃষ্ণণ নায়াৰৰে গঠিত এখন বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে ৷ বিচাৰপীঠে লগতে আবেদনখনৰ শুনানিৰ পৰৱৰ্তী দিন ১৩ নৱেম্বৰ স্থিৰ কৰে। চৰকাৰৰ ফালৰ পৰা ১১ নৱেম্বৰৰ ভিতৰত শপথপত্ৰ দাখিলৰ নিৰ্দেশ প্ৰদান কৰা হয়।