টুইন টাৱাৰক লৈ বিজেপিৰ নিতৌ নতুন কাহিনী, কেতিয়াৰ পৰা অসমত আৰম্ভ হৈছিল এই প্ৰসংগ?

বিজেপিয়ে প্ৰথমবাৰৰ বাবে অসমত চৰকাৰ গঠন কৰাৰ পিছত ৰাজ্যৰ ৰাজধানী গুৱাহাটীত টুইন টাৱাৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল। ২০১৮ চনত এই ঘোষণাৰ পিছত ৰাজ্যত ব্যাপক চৰ্চা হৈছিল। গুৱাহাটীৰ বেতকুছি এলেকাত এখন বেনাৰ লগাই টুইন টাৱাৰৰ আৰ্হি প্ৰদৰ্শন কৰা হৈছিল। কিন্তু আজিলৈকে টুইন টাৱাৰ নিৰ্মাণৰ আধাৰশিলাও স্থাপন হোৱা নাই। এই প্ৰকল্পটো লৈ বিৰোধী দলে বাৰে বাৰে বিজেপি চৰকাৰক সমালোচনা কৰি আহিছে।

প্ৰয়াত অ’চি বিৰিঞ্চি দাসৰ স্কুটীত খুন্দিওৱা চালকক গ্ৰেপ্তাৰ

নলবাৰী জিলাৰ ঘোগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি কুমাৰ দাসক খুন্দা মাৰা বাহনখনৰ চালকজনক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। খ্ৰীষ্টান বস্তীৰ পৰা বশিষ্ঠ আৰক্ষীয়ে আজি পুৱাই চালকজনক গ্ৰেপ্তাৰ কৰিছে। চালকজনৰ নাম বিচ্ছেক সিংঘাল বুলি জানিব পৰা গৈছে। দুদিন ধৰি পলায়ন কৰি থকাৰ পিছত আজি গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই খ্ৰীষ্টানবস্তিত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিশা প্ৰায় ২ বজাত বিৰিঞ্চি কুমাৰ দাসক এখন ছুইফট বাহনেৰে খুন্দা মাৰি পলায়ন কৰিছিল বিচ্ছেক সিংঘালে। বিৰিঞ্চি কুমাৰ দাসে স্কুটী চলাই ঘৰলৈ আহি থকাৰ সময়তে বিচ্ছেক সিংঘালে খুন্দা মাৰি পেলাই থৈ যায়, য’ত ভাৰপ্ৰাপ্ত বিষয়া ব

গুৱাহাটীত বাহনৰ গ্লাছ ভাঙি টকাৰ বেগ নিয়া ডকাইত কমলক গ্ৰেপ্তাৰ

গুৱাহাটী আৰক্ষীয়ে বাইক চোৰ, ড্ৰাগছ মাফিয়া, চিলনী চোৰৰ বিৰিদ্ধে অভিযান অব্যাহত ৰাখিছে৷ বিগত কেইবাটাও দিনত অভিযান চলাই বাইক চোৰ, ড্ৰাগছ মাফিয়া, চোৰ-ডকাইতক জালত পেলাবলৈ সক্ষম হোৱাৰ সময়তে অভিযান চলাই বিশেষ সফলতা লাভ কৰিছে৷ গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই গাড়ীৰ গ্লাছ ভাঙি টকাৰ বেগ লৈ উধাও হোৱা এজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ দিছপুৰ আৰক্ষীয়ে নিৰ্মল নাথ নামৰ গাড়ীৰ গ্লাছ ভাঙি ধনৰ বেগ লৈ উধাও হোৱা ডকাইতজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিৰ্মল নাথে গুৱাহাটীৰ কেইবাটাও প্ৰান্তত গাড়ী গ্লাছ ভাঙি ডকাইতি কৰিছিল বুলি জানিব পৰা যায়৷ গুৱাহাটী কেইবাটাও ঘটনাৰ তথ্য আহৰণ কৰি কমল নাথেই যে বহু ঘটনাত জড়িত সে

গুৱাহাটীত নিষিদ্ধ হ’ল সকলো প্ৰতিবাদ-মিছিল-শোভাযাত্ৰা

অসম চৰকাৰে প্ৰতিবাদ, মিছিল আদি কঠোৰ হাতেৰে দমন কৰিবলৈ সাজু হৈছে। এডভাণ্টেজ অসম আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ আগতীয়াকৈ দল-সংগঠন আৰু অন্যান্য সংস্থাৰ সকলো ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ চৰকাৰ আৰু আৰক্ষী-প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰে স্পষ্ট কৰিছে যে বিৰোধী দল, জাতীয় সংগঠন আৰু অন্যান্য প্ৰতিষ্ঠানৰ কাৰ্যকলাপ সহ্য নকৰা হ’ব। দেশ-বিদেশৰ অতিথিৰ সন্মুখত গুৱাহাটীৰ পথত দল-সংগঠন আৰু সংস্থাৰ সক্ৰিয়তা বন্ধ কৰিবলৈ চৰকাৰ আৰু আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’ব।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ: দীপৰ বিলৰ পুতি পেলাৱা মাটি আঁতৰাবলৈ আদেশ

ৰাজধানী গুৱাহাটীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত বিৰল অৰিহণা যোগাই অহা দীপৰ বিল অস্তিত্বৰ সংকটত পৰাটো নতুন কথা নহয়৷ প্ৰতিখনে চৰকাৰ পুঁজিপতি বণিয়াক দীপৰ বিলৰ বৃহৎ বৃহৎ অংশ গতাই দিয়াত নিৰ্মাণ কাৰ্য গঢ়ি তুলিছে। যাৰ বাবে ক্ৰমে সংকুচিত হৈ আহিছে দীপৰ বিল৷ এইবাৰ আকৌ চৰকাৰী সংস্থাই পুতি পেলাইছে দীপৰ বিলৰ বৃহৎ অংশ৷

‘ভূপেন দা তোমাৰ যে তুলনা নাই’ শীৰ্ষক গ্ৰন্থ উন্মোচন

অৱসৰপ্ৰাপ্ত সামৰিক বিষয়া তথা অসমৰ এগৰাকী বিশিষ্ট লেখক বীৰেণ বৰগোহাঁইৰ সংক্ষিপ্ত শব্দৰে লিখা "ভূপেন দা তোমাৰ যে তুলনা নাই" আৰু "মিহলি ফুলৰ শৰাই" শীৰ্ষক দুখন গ্ৰন্থ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। ড° ভূপেন হাজৰিকাৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা আৰু প্ৰীতিৰ প্ৰতিফলন স্বৰূপে বীৰেণ বৰগোহাঁইয়ে এই গ্ৰন্থ দুখন ৰচনা কৰিছে।

অসমীয়াত ভইচ টাইপিঙৰ সুবিধা! ‘আখৰ ডট ইন’ শীৰ্ষক বিশেষ এপ মুকলি

কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআইয়ে বৰ্তমান সময়ত আমাৰ জীৱনধাৰণত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে। বিজ্ঞানী আৰু অভিযন্তাসকলে ইতিমধ্যে এআই প্ৰণালীসমূহক বৃহৎ পৰিমাণৰ তথ্য প্ৰদান কৰি প্ৰশিক্ষণ দিয়াৰ উপৰিও এই ক্ষেত্ৰত বিভিন্ন উদ্ভাৱনীমূলক কাম কৰি আছে। তাৰে সমান্তৰালকৈ, অসমৰ দুই যুৱক তথা ভাতৃদ্বয়ে অসমীয়া ভাষাক প্ৰাধান্য দি উদ্ভাৱন কৰিলে এক বিশেষ এআই সঁজুলি।

ৰাজহুৱা শিক্ষা ব্যৱস্থাক লৈ ফ’ৰাম ফৰ ৰাইট টু এডুকেচনৰ প্ৰতিবাদী সভা

চৰকাৰী উদ্যোগত ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংসৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তত অল ইণ্ডিয়া ফ'ৰাম ফৰ ৰাইট টু এডুকেচনৰ উদ্যোগত এসপ্তাহযোৰা প্ৰতিবাদ অব্যাহত আছে। ২৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰি ১ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হোৱা এই কাৰ্য্যসূচীৰ অংশ হিচাপে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন আলোচনা সভা অনুষ্ঠিত কৰা হয়।

একেৰাহে ৩৮ ঘণ্টা মেণ্ডলিন বজাই বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য কুন্তল ৰাজ চক্ৰৱৰ্তীৰ

গুৱাহাটী, ২৮ জানুৱাৰীঃ বিশ্ব অভিলেখৰ বাবে পুনৰ মঞ্চত উঠিবলৈ সাজু হৈছে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডধাৰী মেণ্ডলিন বাদক কুন্তল ৰাজ চক্ৰৱৰ্তী। এইবাৰ ৩৮ ঘণ্টা ধৰি মেণ্ডলিন বাদনেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য লৈছে সুপ্ৰসিদ্ধ মেণ্ডলিন বাদকগৰাকীয়ে। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ব্যতিক্ৰমৰ উদ্যোগত আয়োজন কৰা এক সংবাদমেলত সংগীতজ্ঞগৰাকীয়ে জানিবলৈ দিয়া মতে, অহা ৩১ জানুৱাৰীত গুৱাহাটীৰ গীতানগৰ হাইস্কুল খেলপথাৰত সন্ধিয়া ৬ বজাৰ পৰা ‘মেণ্ডলিন মেজিক’ শীৰ্ষক মেণ্ডলিন বাদনৰ অনুষ্ঠান অনুষ্ঠিত হ’ব। 

সন্ত্ৰাসপীড়িত সময়ৰ ত্ৰিৰংগ উত্তোলনৰ স্মৃতি

এতিয়া চাৰিওফালে 'হৰ ঘৰ তিৰংগা' বা 'ঘৰে-ঘৰে ত্ৰিৰংগ'ৰ ধ্বনি । 'জাতীয় দিৱস'সমূহত আমাৰ ত্ৰিৰংগ জাতীয় পতাকাক কেনেকৈ, কিমান সন্মানেৰে ঘৰে-ঘৰে , চুবুৰীয়ে-চুবুৰীয়ে উত্তোলন কৰা হ'ব তাৰ বাবেই চাৰিওফালে উছৱমুখৰ পৰিবেশ ! 'স্বাধীনতা দিৱস' আৰু 'গণৰাজ্য দিৱস' বিশেষ জাকজমকতাৰে পালন কৰিবলৈ এতিয়া  চৰকাৰৰ লগতে সৰ্বসাধাৰণ ৰাইজেও উছাহ-উদ্দীপনাৰে আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে । 

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media