দিপাৱলী নিশা কেনেকৈ সংঘটিত হ’ল দুজনৰ প্ৰাণহানি কৰা দুৰ্ঘটনাটো ? চিচি টিভি ফুটেজে কি কয় ?

দিপাৱলী নিশা কেনেকৈ সংঘটিত হ’ল দুজনৰ প্ৰাণহানি কৰা দুৰ্ঘটনাটো ? চিচি টিভি ফুটেজে কি কয় ?

 যোৱা দিপাৱলীৰ নিশা গুৱাহাটীৰ খানাপাৰাত দুই যুৱক-যুৱতীৰ প্ৰাণহানি কৰা ভয়ংকৰ দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হৈছিল ? এই দুৰ্ঘটনাৰ চিচি টিভি ফুটেজ সম্প্ৰতি ৰাজহুৱা হৈছে। চিচি টিভিৰ ফুটেজত দেখা গৈছে যে তীব্ৰ বেগেৰে যাত্ৰা কৰি থকা এখন ক'লা মহিন্দ্ৰা স্কৰপিঅ'ই এখন বগা স্কৰপিঅ'ক খানাপাৰাৰ ফুট অভাৰব্ৰিজৰ ওচৰত এটা ইউ-টাৰ্ণ লোৱাৰ সময়ত খুন্দিয়ায় । এই শোকাৱহ ঘটনা ১ নবেম্বৰৰ পুৱা প্ৰায় ৩-৪০ বজাত সংঘটিত হয় । বগা স্কৰপিঅ' গাড়ীখন (AS-01EG-0820)-ক ফুট অভাৰব্ৰিজৰ ওচৰত ইউ-টাৰ্ণ ল'বলৈ চেষ্টা কৰোতে গণেশগুৰিৰ ফালে গৈ থকা ক'লা স্কৰপিঅ'খনে (AS-01-GB-6269) খুন্দিয়ায় ৷ দুৰ্ঘটনাটোত ক'লা স্কৰপিঅ'খন চূৰমাৰ হয়। দুৰ্ঘটনাটোত ক’লা স্কৰপিঅ’খনত থকা দুই যুৱক-যুৱতীৰ মৃত্যু হয়।

এই চিচি টিভি ফুটেজে সামাজিক মাধ্যমত ব্যাপক চৰ্চা অৰ্জন কৰিছে। দুৰ্ঘটনাটোৰ বাবে একাংশই ইউ-টাৰ্ণ লৈ থকা বগা গাড়ীখনক দোষাৰোপ কৰিছে। আনহাতে, আন একাংশই ক'লা স্কৰপিঅ'খনৰ অধিক বেগক দায়ী কৰিছে ।

দুৰ্ঘটনাটোত মৃত দুজনক দীপিত দে' (ক'লা স্কৰপিঅ'খনৰ চালক) আৰু তেওঁৰ বন্ধু ২৪ বছৰীয়া কুনামিকা বসুমতাৰী বুলি চিনাক্ত কৰা হয় ৷ গাড়ীখনৰ আন এক  যুৱতী আৰোহী আহত হয় । তেওঁৰ নাম নিহাৰিকা বসুমতাৰী।

ত্যক্ষদৰ্শীয়ে জনোৱা মতে,  বগা স্কৰ’পিঅ’খনক ইমান জোৰত খুন্দিয়াই যে ক’লা স্কৰ’পিঅ’খন উফৰি গৈ পথৰ কাষত থকা ফুট অ’ভাৰব্ৰিজত উঠি পুনৰ পথলৈ ছিটিকি পৰে ৷

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com