চৰকাৰী পুঁজিৰ অপব্যৱহাৰঃ অসমৰ পাঁচজনক কাৰাদণ্ড চিবিআই আদালতৰ

চৰকাৰী পুঁজিৰ অপব্যৱহাৰঃ অসমৰ পাঁচজনক কাৰাদণ্ড চিবিআই আদালতৰ

গুৱাহাটী, ৩ নৱেম্বৰঃ চৰকাৰী পুঁজি অপব্যৱহাৰৰ এটা ২৪ বছৰ পুৰণি গোচৰত চিবিআইৰ গুৱাহাটীস্থিত বিশেষ আদালতে দুজন প্ৰাক্তন চৰকাৰী বিষয়া-কৰ্মচাৰীসহ পাঁচজন লোকক আৰ্থিক জৰিমনাসহ তিনিবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে। বুধবাৰে চিবিআইৰ বিশেষ আদালতে এই পাঁচজন লোকৰ শাস্তি ঘোষণা কৰে। কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হোৱা এই লোককেইজনে জালিয়াতিৰে কোষাগাৰৰ পৰা চৰকাৰী পুঁজিৰ ধন উলিয়াই নিছিল। চিবিআইৰ বিশেষ আদালতখনে এই পাঁচজন লোকক তিনিবছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে ১.৬ লাখ টকাৰ আৰ্থিক জৰিমনাৰ শাস্তি বিহে ।  ১৯৯৩ত এই লোককেইজনৰ বিৰুদ্ধে চৰকাৰী পুঁজিৰ ধন জালিয়াতিৰে উলিয়াই নিয়াৰ গোচৰ ৰুজু হয়। চিবিআইৰ বিশেষ আদালতে গোচৰটোত শাস্তি বিহা লোককেইজন হ’ল ফুৰণিস্থিত হাঁহ প্ৰজনন কেন্দ্ৰৰ প্ৰাক্তন প্ৰৱন্ধক এম ৰহমান, পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিভাগৰ তেতিয়াৰ উচ্চবৰ্গৰ সহায়ক বি এন চক্ৰৱৰ্তী, জয়ন্ত শৰ্মা, টি কে দাস আৰু প্ৰণৱ শইকীয়া। তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত চৰকাৰী অপব্যৱহাৰৰ অভিযোগ আদালতত সত্য প্ৰমাণিত হয়। সেই অনুসৰি আদালতে তেওঁলোকক গোচৰটোত দোষী সাব্যস্ত কৰি ৰায় দিয়ে। আদালতে গোচৰটোত বি এন চক্ৰৱৰ্তী, জয়ন্ত শৰ্মা আৰু টি কে দাসক তিনিবছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি বিহে। তদুপৰি ইয়াৰে চক্ৰৱৰ্তীক ২৫ হেজাৰ টকাৰ, শৰ্মাক ৪০ হেজাৰ টকাৰ আৰু দাসক ২৫ হেজাৰ টকাৰ আৰ্থিক জৰিমনাৰ শাস্তি বিহিছে। আনহাতে, এম ৰহমানক দুবছৰৰ কাৰাদণ্ডসহ ৩৫ হেজাৰ টকাৰ জৰিমনা আৰু প্ৰণৱ শইকীয়াক ১০ হেজাৰ টকাসহ ডেৰ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে। উল্লেখ্যে যে এই পাঁচজন লোকে ভুৱা বিল দাখিল কৰি ১৯৯১-৯২ৰ সময়ছোৱাত কোষাগাৰৰ পৰা ১.২ কোটি টকা উলিয়াই নিয়ে ।  জালিয়াতিৰে এই চৰকাৰী ধন উলিয়াই নিয়াৰ ঘটনা সংঘটিত হৈছিল পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিভাগৰ তদানীন্তন অতিৰিক্ত সঞ্চালক টি বৰগোহাঁইৰ তত্ত্বাৱধানত। ইতিমধ্যে বৰগোহাঁইকে ধৰি গোচৰটোৰ একাংশ অভিযুক্তৰ মৃত্যু হৈছে। চিবি আইয়ে গোচৰটোৰ তদন্ত কৰি ১৯৯৪ত আদালতত অভিযোগনামা দাখিল কৰে। 

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com