কামৰূপ মহানগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্রকাশ

গুৱাহাটী: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে। আয়োগে কামৰূপ (ম) জিলাৰ অন্তৰ্গত সকলো জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সমষ্টিসমূহৰ বাবে এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। উল্লেখ্য যে, এই ভোটাৰ তালিকাখন অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইট https://ermssec.assam.gov.in ত উপলব্ধ কৰা হৈছে।

ডেংগুৰ হটস্পট ভাস্কৰ নগৰ, চাৰিটা এলোকক ৰেড জ’ন ঘোষণা

ৰাজ্যৰ ৰাজধানী গুৱাহাটীত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব নেকি ডেংগুৱে?

নিয়ম নামানি প্ৰতিমা বিসৰ্জন! কদৰ্যময় হৈ পৰিছে চূনচালিৰ জাহাজঘাট

শেহতীয়াকৈ ৰাজ্যজুৰি উদযাপন কৰা হ’ল দুৰ্গা আৰু লক্ষ্মী পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা পূজাৰ অন্তত এতিয়া কেৱল একো একোটা নিৰ্জীৱ মাটি-খেৰৰ মূৰ্ত্তি হৈ পৰিছে দেৱীৰ প্ৰতিমাসমূহ। পূজাৰ দিনকেইটাত মণ্ডপে মণ্ডপে স-সন্মানে প্ৰতিষ্ঠা কৰা দেৱীৰ প্ৰতিমাৰ সন্মুখত মূৰ দোৱাই সেৱা ল’লে লক্ষ লক্ষ ভক্তই। শ্ৰদ্ধা আৰু ভক্তিৰ কেন্দ্ৰবিন্দু হৈ পৰা দেৱীৰ সেই প্ৰতিমাসমূহ বিসৰ্জনৰ পিছত এতিয়া পৰি ৰৈছে কোনো নৈ অথবা পুখুৰীৰ পাৰত। পূজাৰ অন্তত বিসৰ্জন কৰি থৈ যোৱা মণ্ডপৰ প্ৰতিমাসমূহ এতিয়া এলাগী হৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সৃষ্টি কৰিছে কদৰ্যময় ৰূপ। তেনে এক দৃশ্যই পৰিলক্ষিত হৈছে মহানগৰীৰ চূনচালিৰ জাহাজঘাটতো। 

গুৱাহাটীত লুইতৰ বুকুত ডুবিবলৈ ধৰা কিশোৰীক উদ্ধাৰ

ভাৰতীয় সেনাৰ সাহস আৰু তৎপৰতাত লুইতৰ বুকুৰ পৰা প্ৰাণ ৰক্ষা পৰিল এগৰাকী কিশোৰীৰ। সোমবাৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি যোৱা কিশোৰীগৰাকীৰ জীৱন ৰক্ষা কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰাৰ জোৱানে।

এক্সৰ জৰিয়তে এই ঘটনাৰ বিষয়ে তথ্য প্ৰদান কৰে গুৱাহাটীৰ প্ৰতিৰক্ষা বিভাগৰ জনসংযোগ বিষয়াই। তেওঁ জানিবলৈ দিয়া মতে, ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিবলৈ ধৰা কিশোৰীগৰাকীক প্ৰত্যক্ষ কৰি সমীপতে নিয়োজিত হৈ থকা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰৰ জোৱানেও নৈৰ বুকুত জাপ দিয়ে আৰু সাহস আৰু দক্ষতাৰে কোবাল সোঁতৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে। প্ৰতিৰক্ষা বিভাগৰ পি আৰ অ’ই এই উদ্ধাৰ অভিযানৰ এটা ভিডিঅ’ও এক্সত শ্বেয়াৰ কৰে।

বশিষ্ঠত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ

আজি গুৱাহাটী মহানগৰীৰ বশিষ্ঠত বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে৷ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় বশিষ্ঠ আৰক্ষী৷ বশিষ্ঠ আৰক্ষী থানা চৌহদৰ প্ৰায় ৫০০ মিটাৰ নিলগৰ বশিষ্ঠ চাৰিআলি আৰক্ষীয়ে অভিযান চলাই এই গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী মহানগৰীত ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সমগ্ৰীৰ অবৈধ বেহা অব্যাহত আছে৷ সময়ে সময়ে মহানগৰ আৰক্ষীয়ে অভিযান চলাই সৰবৰাহকাৰী আৰু ড্ৰাগছ আদিৰ দৰে সামগ্ৰী উদ্ধাৰ কৰে আহিছে৷ কিন্তু তেনে অভিযানক মুঠেও ভয় নকৰে সৰবৰাহকাৰীয়ে৷ মহানগৰীৰ বশিষ্ঠ এলেকাত আজিও নিচাজাতীয় সামগ্ৰীৰ গোপৰ বজাৰ চলি থকাৰ অভিযোগ উত্থাপ

মিঞাজান! হাতীগাঁৱৰ এখন ঠাইক লৈ হঠাৎ বিতৰ্ক

নিশাৰ ভিতৰতে গুৱাহাটীৰ এখন ঠাইৰ নাম সলনি কৰাক লৈ দিনদিয়েৰ পূৰ্বে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ মহানগৰীৰ হাতীগাঁৱৰ উত্তৰ নটবমাৰ এখন ঐতিহাসিক ঠাইৰ নাম সলনি কৰাৰ অভিযোগৰ পাছতে গুৱাহাটী পৌৰ নিগমে হস্তক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈ পৰে হয়৷ প্ৰকাশিত খবৰ অনুযায়ী হাতীগাঁৱৰ উত্তৰ নটবমাৰ ‘লখিমীজান’ক ‘মিঞাজান’ ৰূপে নামকৰণ কৰা বুলি প্ৰচাৰ চলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

দুর্গোৎসৱৰ সময়ত গুৱাহাটীত মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা

গুৱাহাটী, ৯ অক্টোবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো শাৰদীয় দুর্গোৎসৱক লৈ দেখা গৈছে উখল-মাখল পৰিৱেশ৷ দুৰ্গোৎসৱৰ সময়ত জনসাধাৰণৰ সুবিধাৰ বাবে মহানগৰ আৰক্ষীয়ে যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নির্দেশনা জাৰি কৰিছে। দুর্গা পূজাৰ সময়ছোৱাত হ'বলগীয়া তীব্র যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ যানবাহন চলাচলৰ ক্ষেত্ৰত কিছু নীতি-নির্দেশনা জাৰি কৰিছে।

নীতি-নিৰ্দেশনাসমূহঃ

অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ১৪০ কোটি টকাৰ কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ

গুৱাহাটী, ৭ অক্টোবৰ: গুৱাহাটীৰ সৰুমটৰিয়াত অৱস্থিত অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত আজি দুপৰীয়াৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত প্ৰায় তিনি শতাধিক লোকে সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ আৰম্ভ কৰে। প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ, পোষ্টাৰ আৰু ফেষ্টুন লৈ শ্ল'গান দিয়াৰ লগতে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে, যাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

আজৱ কাণ্ড! মহাবাহু উদ্যানৰ ষ্টাৰবাক্সত একো নাখালেও দিব লাগিব ৮০ টকা

গুৱাহাটীৰ পাণবজাৰত বিশ টকাৰ টিকট কাটি মহাবাহুৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি ষ্টাৰবাক্সত একো নোখোৱাকৈ উভতি আহিলেই আপুনি ভৰিব লাগিব আশী টকাৰ অতিৰিক্ত জৰিমনা। শেহতীয়াকৈ গুৱাহাটী মহানগৰ জিলাৰ পূৰ্বৰ উপায়ুক্তৰ পাণবজাৰৰ চৰকাৰী বাসভৱনটোৰ সৌন্দৰ্য্যবৰ্ধ্বন কৰি 'মহাবাহু ৰিভাৰ হেৰিটেজ চেণ্টাৰ’ নাম দি ষ্টাৰবাক্স নামৰ এটা বহুজাতিক কোম্পানীক অতি কৌশলগতভাৱে গতাই দিছে অসমৰ বিজেপি চৰকাৰে। কিন্তু বহুজাতিক কোম্পানীৰ হাতত পৰাৰ পিছতে এতিয়া সাধাৰণ জনতাৰ বাবে মহঙা হৈ পৰিছে মহাবাহুৰ সৌন্দৰ্য্য উপভোগ কৰাটো। মহাবাহুৰ পাৰৰ এই নৈসৰ্গিক উদ্যানখনলৈ প্ৰৱেশ-প্ৰস্থানৰ বাবে বহুজাতিক কোম্পানীটোৱে আৰোপ কৰা ব্যৱসায়িক চৰ্তই তীব্ৰ

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media