গুৱাহাটীত ইউটিউবাৰ ৰণৱীৰ আল্লাহবাদিয়াক কেইবা ঘণ্টা জেৰা কৰিলে অসম আৰক্ষীয়ে

বিতৰ্কিত ইউটিউবাৰ ৰণৱীৰ আল্লাহবাদিয়াই আজি গুৱাহাটীত উপস্থিত হোৱাৰ পিছত অসম আৰক্ষীৰ সন্মুখত হাজিৰ হয়। 'ইণ্ডিয়া গট লেটেণ্ট' শ্ব'ত কৰা বিতৰ্কিত মন্তব্যৰ সৈতে জড়িত গোচৰৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে তেওঁক চমন দিছিল। ৰণৱীৰ আল্লাহবাদিয়াই আজি পুৱাই বিমানেৰে গুৱাহাটীলৈ আহে আৰু তাৰ পিছত অসম আৰক্ষীৰ অপৰাধ শাখাত উপস্থিত হয়। আৰক্ষীয়ে তেওঁক কেইবা ঘণ্টা জেৰা কৰি 'ইণ্ডিয়া গট লেটেণ্ট' শ্ব'ত কৰা মন্তব্যৰ বিষয়ে সোধ-পোছ কৰে। যদিও তেওঁক আজি যাবলৈ দিয়া হৈছে, কিন্তু নিশাৰ ভিতৰত গুৱাহাটী এৰিব নোৱাৰে বুলি জনা গৈছে। কাৰণ, প্ৰয়োজন হ'লে কাইলৈ পুনৰ জেৰা কৰিব পাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই।

ৰাজ্যজুৰি তৃতীয় দিনাও ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কৰ্মীৰ প্ৰতিবাদ

ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ অন্তৰ্গত সদৌ অসম স্বাস্থ্য-কাৰিকৰী কল্যাণ সন্থাৰ আহ্বানত ৰাজ্যজুৰি আজি তৃতীয় দিনাও কেইবা হাজাৰ স্বাস্থ্যকৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি তৃতীয় দিনাও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত চিকিৎসক, নাৰ্চ, ফাৰ্মাচিষ্ট, মিচন সমন্বয়ক, এনএনএম, জিএনএম, কমিউনিটি হেলথ অফিচাৰ, ফাৰ্মাচিষ্ট, লেবৰটৰি টেকনিছিয়ান, গাণনিক, বিপিএম, বিচিএম কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰে৷ ৬ মাৰ্চলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ ঠিকাভিত্তিক স্বাস্থ্য কৰ্মচাৰীয়ে অধিকাৰ বিচৰি ৰাজপথত গণতান্ত্ৰিক সংগ্ৰামৰ ঘোষণা কৰিছিল৷ সেই মতে, আজি তৃতীয়টো দিনাও প্ৰতিবাদ সাব্যস্ত কৰি প্ৰায় ২৪ হাজাৰ কৰ্মচাৰীয়ে৷ প্ৰতিখন জিল

নেগুৰ পেলালে, ক্ষমা খুজিবলৈ বাধ্য হ'ল মন্ত্ৰী অশোক সিংহল

আজি মন্ত্ৰী অশোক সিংহলে ক্ষমা খুজিবলৈ বাধ্য হয়৷ অশোক সিংহল ক্ষমা খোজৰ কিছু সময় পূৰ্বে গুৱাহাটী প্ৰেছ ক্লাৱে এটা ফেচবুক পোষ্ট দি তেওঁলোকৰ দাবীত অটল হৈ আছিল৷ সিংহলে ক্ষমা নোখোজা পৰ্যন্ত এৰি নিদিয়াৰ হুংকাৰ দিয়াৰ পিছতে সিংহলে ক্ষমা খোজে৷ আজি পুনৰবাৰ গুৱাহাটী প্ৰেছ ক্লাৱ কয় যে গুৱাহাটী প্ৰেছ ক্লাবৰ ভাওনালৈ সৰ্বস্তৰৰ ব্যক্তি, ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনক নিমন্ত্ৰণ জনোৱা হৈছে৷ ৩ মাৰ্চত এটা প্ৰতিনিধি দলে মন্ত্ৰী অশোক সিংহলক সাক্ষাৎ কৰোতে তেওঁ 'প্ৰেছ ক্লাবে ভাওনা কিয় পাতিব লাগে, ভাওনা ছেকুলাৰ নহয়' জাতীয় বাক্যৰে গুৰুজনাক অপমান কৰা কাৰ্যৰ পাছত তেওঁৰ মানসিকতা সলনি কৰি স্পষ্টীকৰণ বিচাৰিছিল ক্লাব

চচলত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উত্তাল প্ৰতিবাদ

আজি বাজেট অধিবেশনৰ উপলক্ষে চচলৰ ধৰ্ণাস্থলীত কেইবাটাও দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে দিনৰ ১১ বজাৰ পৰা ২ ঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্ণাস্থলীৰ পৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

মেঘালয়ৰ সামাজিক সংস্থাই অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন: শীঘ্ৰে ডিজিপিৰ ব্যৱস্থা গ্ৰহণৰ দাবী

মেঘালয়ৰ এটা সামাজিক সংগঠনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। হাইনিৱট্ৰেপ ইণ্টিগ্ৰেটেড টেৰিটৰিয়েল অৰ্গেনাইজেশ্যন (HITO) নামৰ সংগঠনটোৱে মেঘালয়ৰ ডিজিপিক অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে।

২৪ হাজাৰ চৰকাৰী স্বাস্থ্যকৰ্মীৰ ধৰ্ণা-আন্দোলন অব্যাহত, স্বাস্থ্য সেৱাত ব্যাপক প্ৰভাৱ

গুৱাহ‌টী, মাৰ্চ ৫: ৰাজ্যখনৰ ২৪ হাজাৰ চৰকাৰী স্বাস্থ্যকৰ্মীয়ে দ্বিতীয় দিনটোও ধৰ্ণা-আন্দোলন অব্যাহত ৰাখিছে। এই আন্দোলনৰ ফলত ৰাজ্যৰ স্বাস্থ্য সেৱাত ব্যাপক প্ৰভাৱ পৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত এতিয়া ধৰ্ণা-আন্দোলন নহয় বুলি দাবী কৰাৰ প্ৰত্যুত্তৰত স্বাস্থ্যকৰ্মীসকলে তেওঁলোকৰ প্ৰতিবাদ জাৰী ৰাখিছে। স্বাস্থ্যকৰ্মীসকলে তেওঁলোকৰ দাবীসমূহৰ প্ৰতি চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকে দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ, পেন্সন ব্যৱস্থা কৰা, মৃত কৰ্মচাৰীৰ পৰিয়ালক ২৫ লাখ টকাৰ আৰ্থিক সাহায্য, ভ্ৰমণ ভাত্তা, দৈনিক ভাত্তা, বিনামূলীয়া চিকিৎসা সেৱা আৰু ৰাজ্য চ

মন্ত্ৰী অশোক সিংহলৰ ভাওনা সম্পৰ্কীয় মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া, সংস্কৃতিৰ অপমান বুলি অভিযোগ

অসমৰ মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, য’ত বিভিন্ন ৰাজনৈতিক দল, সংগঠন আৰু সাংস্কৃতিক অনুষ্ঠানে মন্ত্ৰীজনক গৰিহণা দিছে।

ঘটনাটোৰ আৰম্ভণি হৈছে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এটা ভাওনা অনুষ্ঠানলৈ মন্ত্ৰী অশোক সিংহলক নিমন্ত্ৰণ জনোৱাৰ সময়ত। প্ৰতিবেদন অনুসৰি, মন্ত্ৰীয়ে ভাওনাক লৈ তাচ্ছিল্যসূচক মন্তব্য কৰি কৈছিল, “ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট।” এই মন্তব্যৰ প্ৰতিবাদত সাংবাদিক পংকজ শৰ্মাই মন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

জাগীৰোডৰ ছেমি কণ্ডাক্টৰ আৰু টাউন চিপ অঞ্চলৰ নাম ৰতন টাটাৰ নামেৰে নামকৰণ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৈঠকত অসমৰ জাগীৰোডত অৱস্থিত ছেমি কণ্ডাক্টৰ আৰু টাউন চিপ অঞ্চলটোক ভাৰতৰ বিশিষ্ট উদ্যোগী আৰু সমাজসেৱী ৰতন টাটাৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই অঞ্চলটো এতিয়া ‘ৰতন টাটা ইলেকট্ৰনিক চিটি’ হিচাপে পৰিচিত হ’ব।

গুৱাহাটীৰ ‘মান্যবৰ’ বিপণীত অসমীয়া কৰ্মচাৰীসকলৰ ওপৰত নিৰ্যাতনৰ অভিযোগ

গুৱাহাটীৰ মাজ-মজিয়াত অনা-অসমীয়া বণিয়াৰ দপ-দপনি দিনে দিনে বৃদ্ধি পাইছে। এইবাৰ গণেশগুৰিৰ বিতৰ্কিত ব্যৱসায়িক প্ৰতিষ্ঠান ‘মান্যবৰ’ত কৰ্মৰত থলুৱা যুৱক-যুৱতীসকলক ব্যাপক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই সমগ্ৰ অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

১৫ বিধায়কক নিলম্বন, বিধানসভাত উত্তাল পৰিৱেশ

আজি বিধানসভাৰ পৰা অখিল গগৈসহ মুঠ ১৫ গৰাকী বিধায়কক নিলম্বন কৰা হৈছে। প্ৰশ্নত্তোৰ ঘণ্টাৰ সময়ত সদনত উত্তাল পৰিৱেশৰ সৃষ্টি হয়৷ যাৰ ফলত অধ্যক্ষই এই কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হয়।

প্ৰশ্নকালীন ঘণ্টাৰ প্ৰথমটো মৌখিক প্ৰশ্ন আছিল বিধায়ক আশ্ৰাফুল হুছেইনৰ। মৌখিক প্ৰশ্নৰ পৰিপূৰক প্ৰশ্ন কৰিবলৈ যোৱাৰ সময়ত আশ্ৰাফুল হুছেইনে অধ্যক্ষৰ নিৰ্দেশনা নমনাত অধ্যক্ষ দৈমাৰীয়ে তেওঁক প্ৰশ্নোত্তৰ কালৰ পৰা এক ঘণ্টাৰ বাবে নিলম্বন কৰে। ইয়াৰ পিছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উত্তৰ দি থকাৰ সময়ত বিধায়ক অখিল গগৈয়ে আসনৰ পৰা উঠি ওলোটাই প্ৰশ্ন কৰিবলৈ ধৰাত তেওঁকো প্ৰশ্নোত্তৰ কালৰ পৰা নিলম্বিত হয়।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media