নাৰেংগীৰ সেনা শিবিৰৰ চাৰিসীমাৰ ভিতৰত বিগত তিনিমাহ ধৰি আৱদ্ধ হৈ আছে এটি আঘাতপ্ৰাপ্ত বন্যহস্তী। "লালি" বুলি পৰিচিত হাতীটোৰ পিছ ভৰিত গম্ভীৰ আঘাতৰ বাবে ইয়াৰ স্বাভাৱিক চলাফলা বন্ধ হৈ আছে। এই অৱস্থাত বন বিভাগে হাতীটোক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছে।
লালিয়ে আমচিং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি কোনো কাৰণত পিছ ভৰিত আঘাত পাইছিল। ফলত, খোজ কাঢ়িবলৈ অক্ষম হৈ হাতীটোৱে সেনা শিৱিৰৰ চৌহদতে আৱদ্ধ হৈ পৰে। স্থানীয় ৰাইজৰ অভিযোগ মতে, বন বিভাগে এই ঘটনাত চূড়ান্ত অৱহেলা দেখুৱাইছে। হাতীটোক পৰ্যাপ্ত খাদ্য যোগানৰ ব্যৱস্থাও কৰা হোৱা নাই।