পানীৰে ভৰা বৃহৎ খালত গা ধুবলৈ নামোতে মৃত্যু স্কুলীয়া ছাত্ৰৰ

পানীৰে ভৰা বৃহৎ খালত গা ধুবলৈ নামোতে মৃত্যু স্কুলীয়া ছাত্ৰৰ

মহানগৰীৰ গৰলীয়া অঞ্চলত আজি পুৱা এটা পুখুৰীসদৃশ খালত পৰি এজন দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হয়।  বেতকুছি হাইস্কুলৰ বিশাল দাস নামৰ এই ছাত্ৰজনে তিনিজন বন্ধুৰ সৈতে এটা পানীৰে পৰিপূৰ্ণ পুখুৰীসদৃশ গাঁতত গা ধুবলৈ নামোতে মৰ্মান্তিক ঘটনাটো সংঘটিত হয় ৷ বিকাশে লখৰাৰ লালুং গাঁৱত পৰিয়ালৰ সৈতে বাস কৰিছিল।

প্ৰাপ্ত তথ্য অনুসৰি, বিশাল আৰু তেওঁৰ তিনিজন বন্ধুৱে গৰলীয়াৰ এটা বৃহৎ পানীৰে পৰিপূৰ্ণ পুখুৰীত গা ধুবলৈ যায়। পাছত পুখুৰীটোত ডুবি ছাত্ৰজনৰ মৃত্যু হয়। এই পুখুৰী সদৃশ গাঁত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ বাবে মাটি তুলি থোৱাৰ ফলত সৃষ্টি হৈছে ৷ এনে একোটা গাঁত বহু গভীৰ আৰু বিপজ্জনক ৷ স্থানীয় লোকৰ মতে, গাঁতবোৰ বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ বাবে বিপজ্জনক।

পুখুৰী সদৃশ গাঁতটোত ধুবলৈ নমাৰ পাছতে বিশাল  পানীত বুৰ যায় আৰু উদ্ধাৰ কৰাৰ আগতেই মৃত্যুমুখত পৰে। উদ্ধাৰকাৰী দলে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাই গৰলীয়া আৰু লখৰা লালুংগাঁও অঞ্চলত শোকৰ ছাঁ পেলাইছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com