অসম ৰাজ্যিক চিৰিয়াখানা-কাম-বটানিকেল উদ্যানত থকা গঁড় 'পৰী'য়ে এটা সুস্থ গঁড়ৰ পোৱালি জন্ম দিছে।
"অসম ৰাজ্যিক চিৰিয়াখানাত 'পৰী'ৰ পৰা জন্ম লোৱা নতুন অতিথি হৈছে এটা গঁড়ৰ পোৱালি । ২০১৩ চনৰ পাছত এইবাৰেই প্ৰথমবাৰৰ বাবে @assamzoo-ত গঁড়ৰ জন্ম হৈছে। গঁড়ৰ পোৱালিৰ উপৰি চিৰিয়াখানাত এতিয়া ৪ টা মাইকী আৰু ৩ টা মতা গঁড় আছে।” -- অসম বন বিভাগে এইদৰে Xত লিখিছে।
আনহাতে মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে X-ত লিখিছে: “২০১৩ চনৰ পাছত প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাত এটা গঁড়ৰ বাচ্চা জন্মগ্ৰহণ কৰাৰ খবৰ ঘোষণা কৰাত মই আনন্দিত হৈছো। পাটোৱাৰীয়ে চিৰিয়াখানাৰ কৰ্মচাৰীৰ পৰিশ্ৰম আৰু দায়িত্ববোধৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
চিৰিয়াখানাত এতিয়া মুঠ আঠটা একশৃঙ্গী গঁড় আছে, য'ত চাৰি টা মাইকী আৰু তিনি টা মতা গঁড় আছে। নতুন গঁড় পোৱালিটোৰ নামকৰণ আৰু লিংগৰ বিষয়ে এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।
I am delighted to announce that the Assam State Zoo has welcomed its first rhino calf since 2013.
Under the visionary leadership of Hon'ble Chief Minister Dr. @himantabiswa, Assam has achieved numerous milestones in the conservation of wildlife. I extend my heartfelt thanks to… pic.twitter.com/Jmu9bmmPrh— Chandra Mohan Patowary (@cmpatowary) November 9, 2024