মহানগৰীৰ চানমাৰিস্থিত খাদী ব’ৰ্ডৰ ল’জৰ পৰা পৰি এজন যুৱকৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱকজন বিকাশ অধিকাৰী বুলি জানিব পৰা গৈছে। নিশা প্ৰায় ১২-৩০ বজাত খাদী ব’ৰ্ডৰ চৌহদত হঠাতে হুৱা-দুৱা লাগে৷ দৌৰা-দৌৰি লগাৰ পিছতে অৱগত হয় যে খাদী ব’ৰ্ডৰ চৌহদত থকা ল’জৰ পৰা যুৱক এজন তলত সৰি পৰিছে। হাস্পতালৰ নিয়াৰ ব্যৱস্তা কৰা হৈছিল যদিও কিছু সময় পাছতে যুৱকজনে মৃত্যুক আকোৱালি লয়৷ পল্টন বজাৰৰ এখন হোটেলত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত বিকাশ অধিকাৰীয়ে লজত বন্ধুৰ সৈতে পাৰ্টি কৰিবলৈ আহিছিল৷ নিশা যাপন কৰি তিনি বন্ধুয়ে একেলগে পাৰ্টি কৰিছিল বুলিও জানিব পৰা গৈছে। খবৰ পোৱা মাত্ৰকে ল’জখনত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত বিকাশক হত্যা কৰিব পাৰে বুলিও সন্দেহ কৰা হৈছে৷ ইপিনে দুৰ্ভাগ্যৱশত বা আত্মহত্যা কৰিব পাৰে বুলিও সন্দেহ কৰা হৈছে৷