ড্ৰাগছ, জালনোটৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে৷ বিগত কেইবাটাও দিনত ড্ৰাগছ আৰু জালনোট সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰি অহাৰ সময়তে আজি গুৱাহাটী মহানগৰ আৰক্ষীয়ে অভিযান চলাই জালনোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
আজি পুৱাৰভাগত আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলত গড়চুক আৰক্ষীৰ এটা দলে অভিযান চলাই জালনোটসহ হাফিজ আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ হাফিক আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৭০ লাখ টকাৰ নকল নোট উদ্ধাৰ কৰিবলৈ সক্ষম হয় গড়চুক আৰক্ষী৷ স
ৰবৰাহকাৰী হাফিজ আলীৰ ঘৰ গোগামুখত৷ ৭০ লাখ টকা বান্দৰদেৱাৰ এজন লোকৰ পৰা গুৱাহাটীলৈ আনিছিল বুলি প্ৰকাশ কৰিছে হাফিজে৷