ভৰলুমুখত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অৱশেষত গ্ৰেপ্তাৰ হ'ল চিত্ৰশিল্পী মাৰ্চেল বৰুৱা আৰু ছাত্ৰ মুক্তিৰ সদস্য অংকুমান বৰদলৈ। কালি নিশা ভৰলুমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে। উল্লেখ্য কালি পুৱতি নিশা স্থানীয় প্ৰতিবাদকাৰী যুৱক কমল কুমাৰৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আৱাসৰ পৰা আটক কৰিছিল মাৰ্চেল বৰুৱা আৰু অংকুমান বৰদলৈক। কালি দিনটো জেৰাৰ অন্তত আৰক্ষীয়ে নিশা কমল কুমাৰক যাবলৈ দিয়াৰ বিপৰীতে গ্ৰেপ্তাৰ কৰে আন দুই প্ৰতিবাদকাৰী যুৱকক। গ্ৰেপ্তাৰৰ পিছত পুৱাই স্বাস্থ্য পৰীক্ষা কৰোৱা হয় দুয়োজনৰ। আনহাতে আজিয়ে দুয়োজনক আদালতত হাজিৰ কৰি ভৰলুমুখ আৰক্ষীয়ে জিম্মাত লোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ভৰলুমুখত ৬০ জোপাকৈ গছ কাটি উৰণ সেতু নিৰ্মাণৰ বিৰোধিতা কৰি "কিক হিমন্ত ছেভ নেচাৰ" শীৰ্ষক চিত্ৰ অংকনেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল দুয়োজনে।