গুৱাহাটী, ১১ নৱেম্বৰ: অসমৰ জনগণ বৰ্তমান আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত ত্ৰাহি ত্ৰাহি কৰিছে। নিম্ন মধ্যবিত্ত, মধ্যবিত্ত, দৰিদ্ৰ, খাটিখোৱা আৰু দিনমজদুৰ শ্রেণীৰ লোকবোৰে একেবাৰে দৈনিক ভাতসাজৰ চিন্তাত দিন পাৰ কৰিবলগীয়া হৈছে। মূল্যবৃদ্ধিয়ে সমাজৰ এক বিশেষ শ্ৰেণীক জোকাৰি যাওঁতে দেখা গৈছে যে বিৰোধী দল আৰু জাতীয় সংগঠনসমূহে সাধাৰণতঃ যেতিয়া মাত মাতিব লাগে, সেয়া যথাযথভাৱে হোৱা নাই।
এই পৰিস্থিতিৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুদিন পূৰ্বে অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত মূল্যবৃদ্ধিৰ বিষয়টোক গুৰুত্বসহকাৰে আলোচনা কৰা হয়। এই বৈঠকৰ ফলত সিদ্ধান্ত লোৱা হয় যে ৰাজ্য শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে দুদিনব্যাপী প্ৰতিবাদ সাব্যস্ত কৰা হ'ব।
আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে। গুৱাহাটী মহানগৰীতো আছুৱে উল্লেখযোগ্য পৰিমাণে প্ৰতিবাদ সংঘটিত কৰে। উজানবজাৰৰ এম.জি. ৰোডত শতাধিক নেতা-কৰ্মীৰ উপস্থিতিত চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ অংশস্বৰূপে, যোগানমন্ত্ৰী ৰণজিৎ দাসৰ প্ৰতিমূৰ্তি জ্বলাই, মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত "লেই লেই ছেই ছেই", "মূল্যবৃদ্ধি ৰোধ কৰক", "গৰীবক জীয়াই থাকিবলৈ দিয়ক" আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰা হয়।
গুৱাহাটী মহানগৰীৰ লগতে আন আন আঞ্চলিক সমিতিসমূহেও নিজ নিজ এলেকাত যোগানমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ প্ৰকাশ কৰে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰঞ্জল ডেকাই কৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ অনিয়ন্ত্রিত মূল্যবৃদ্ধিৰ পিছতো চৰকাৰৰ কাণসাৰ নাই। তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্রতি সতর্কবাণী দি, শীঘ্ৰে এই মূল্যবৃদ্ধি ৰোধ নকৰিলে আন্দোলন তীব্ৰ হব বুলি ঘোষণা কৰে।
আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সদৌ অসম ছাত্ৰ সন্থাই যোগানমন্ত্ৰী ৰণজিৎ দাসৰ প্ৰতিমূৰ্তি দাহ কৰাৰ সৈতে সংগতি ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই ৰাজপথৰ প্ৰতিবাদৰ লক্ষ্য হৈছে শীঘ্ৰে এই সমস্যা সমাধানৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা। ৯ নৱেম্বৰত আছুৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকত এই প্ৰতিবাদৰ সিদ্ধান্ত লৈছিল। ২০ নৱেম্বৰত প্রতিখন জিলাৰ সদৰতো আছুৱে বৃহৎ বিক্ষোভ প্ৰদৰ্শনৰ কথা ঘোষণা কৰিছে।