সাতপুখুৰী পানী যোগান আঁচনিৰ ট্রেন্সফৰ্মাৰ বিকল হোৱাৰ ফলত, গুৱাহাটীৰ কেইবাটাও অঞ্চলত দুদিনৰ বাবে পানী যোগান ব্যাহত হ'ব। এই ঘটনাৰ ফলত ১২ আৰু ১৩ নৱেম্বৰ তাৰিখে পানী যোগান বন্ধ থাকিব। জিএমচিৰ অধীনস্থ এই অঞ্চলসমূহৰ ৰাইজে এই সময়ছোৱাত পানীৰ অসুবিধাৰ সন্মুখীন হ'ব।
প্ৰভাৱিত অঞ্চলসমূহত উজাবজাৰ, চেনিকুঠি, গুৱাহাটী ক্লাব, চিলপুখুৰী, চান্দমাৰী, চৰকাৰী মুদ্ৰণ এলেকা, খাৰঘুলী, হাউচিং কলনী, কৃষ্ণনগৰ, নিজাৰাপাৰ, কানৱাচল, নবগিৰি, পেঞ্চনপাৰা, মিলনপুৰ, নবগ্ৰহ, উদয়গিৰি, চিত্ৰাচল পৰ্বত আদি অন্তৰ্ভুক্ত।
জিএমচিয়ে ৰাইজৰ অসুবিধাৰ বাবে দু:খ প্ৰকাশ কৰি ৰাইজৰ ধৈৰ্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে।