ৰাভা হাছং উত্তপ্ত; নিৰ্বাচনী কাৰ্যালয় আৰু ঘৰ-দুৱাৰত দুষ্কৃতিকাৰীৰ আক্ৰমণ
২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া পৰিষদীয় নিৰ্বাচনৰ আগমুহূৰ্তত ৰাভা হাছংৰ বিভিন্ন সমষ্টি এলেকা উত্তপ্ত হৈ উঠিছে। এনে এক পৰিস্থিতিত মঙলবাৰে নিশা বকো আৰক্ষী থানা এলেকাৰ ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কেইবাটাও ঠাইত অচিনাক্ত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ ঘটনা প্ৰকাশ পাইছে। এই ঘটনাক লৈ সম্প্ৰদায়টোত চেপা উত্তেজনা বিৰাজ কৰিছে।
২০২৬ নিৰ্বাচনৰ আগতে চাহ শ্ৰমিকৰ বিক্ষোভ: দৈনিক মজুৰি ৩৫১ টকাৰ প্ৰতিশ্ৰুতি পূৰণৰ দাবী
অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া অসন্তুষ্টি এতিয়া জুইজ্বলা হৈ উঠিছে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ মুখামুখি হৈ হাজাৰ হাজাৰ শ্ৰমিকে ৰাজপথলৈ ওলাবলৈ সাজু হৈছে। অসম চাহ মজদুৰ সংঘই এপ্ৰিলৰ ২ আৰু ৩ তাৰিখে ৰাজ্যব্যাপী প্ৰতিবাদৰ ঘোষণা কৰিছে, য'ত বিজেপি চৰকাৰে ২০১৭ চনত দিয়া দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দাবী জনোৱা হ'ব। ব্ৰহ্মপুত্ৰ উপত্যকাত ২৫১ টকা আৰু বৰাক উপত্যকাত ২২৮ টকা মজুৰিত কষ্ট কৰি জীৱন নিৰ্বাহ কৰা শ্ৰমিকসকলৰ বাবে এই দাবী এতিয়া জীৱন-মৰণৰ প্ৰশ্ন হৈ পৰিছে।
এপেক্স বেংকৰ দুৰ্নীতি
পেক্স বেংকৰ সংঘটিত কোটি কোটি টকাৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্দে আজি বিৰোধী দল অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ গুৱাহাটীৰ পাণবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দি শেহতীয়াকৈ সংঘটিত বিয়াগোম কেলেংকাৰীৰ দতদন্ত দাবী কৰে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে৷ আজি দুপৰীয়া অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে দুৰ্নীতি তদন্ত কৰাৰ লগতে বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনক পদৰ পৰা অপসাৰণ কৰাৰ দাবী উত্থাপন কৰে৷ জাতীয় যুৱ শক্তিক শতাধিক নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ শ্ল’গান দিয়াত উত্তাল পৰিৱেশৰ সৃষ্টি হয়৷ লুট
নামঘোষা গাই অসমবাসীক ক্ষমা খুজিলে ৰূপজ্যোতি কূৰ্মীয়ে
মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে মাধৱদেৱ গুৰুজনাৰ ৰচিত নামঘোষাৰ "মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো/ৰসময় মাগোহো ভকতি" ফাকি গাই অসমবাসীৰ ওচৰত ক্ষমা যাচিছে। আজি বিধানসভাৰ বাহিৰত সাংবাদিকৰ সন্মুখত তেওঁ এই ক্ষমা যাচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ পৰামৰ্শক্ৰমে কৰা বুলি উল্লেখ কৰে।
"এটি এটি কথা": সুৰভী সোনমনি হাজৰিকাৰ কণ্ঠত ৰোমান্টিক গীতৰ মুক্তি
গুৱাহাটীৰ অ’ডিটেক ষ্টুডিঅ’ত সম্প্ৰতি ৰোমান্টিক দৃশ্য-শ্ৰাব্য গীত "এটি এটি কথা"ৰ মুক্তি দিয়া হৈছে। বিশিষ্ট শিল্পী শান্তা উজীৰে গীতটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে। গীতটোত গহপুৰৰ কণ্ঠশিল্পী সুৰভী সোনমনি হাজৰিকাই কণ্ঠদান কৰাৰ লগতে সুৰ, ৰচনা কৰিছে।। উন্মোচন অনুষ্ঠানত সংগীতজ্ঞ মানস হাজৰিকা, সংগীত পৰিচালক পলাশ গগৈ, সংগীতকাৰ দ্বীপ ৰাজবংশীকে ধৰি সংগীতজগতৰ বহু গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল।
শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক বৰ্খাস্ত, শিক্ষামন্ত্ৰী ৰণজিৎ পেগুৰ পদত্যাগ দাবী কংগ্ৰেছৰ
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ (SEBA) অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবীত আজি গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত পৰিষদৰ কাৰ্যালয় ঘেৰাও কৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকল। কংগ্ৰেছে অভিযোগ কৰিছে যে জৈনৰ নেতৃত্বত পৰিষদে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰিবলৈ অপচেষ্টা চলাইছে, যাৰ ফলত অসমত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ধাৰাবাহিক ঘটনাই শিক্ষা ব্যৱস্থাক অস্থিৰ কৰি তুলিছে।
প্ৰতিবাদৰ জোৱাৰত গুৱাহাটী: অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী আৰু NPS কৰ্মচাৰীসকলৰ তীব্ৰ আন্দোলন
গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰুদ্ধে বাৰ এছ’চিয়েচনৰ তীব্ৰ প্ৰতিবাদ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনে আজি উচ্চ ন্যায়ালয় ৰংমহললৈ স্থানান্তৰৰ চৰকাৰী প্ৰস্তাৱৰ বিৰুদ্ধে পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এছ’চিয়েচনে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি উচ্চ ন্যায়ালয় স্থানান্তৰক যুক্তিহীন বুলি কটাক্ষ কৰে। তেওঁলোকে স্পষ্টকৈ ঘোষণা কৰে যে ৰংমহললৈ উচ্চ ন্যায়ালয় স্থানান্তৰৰ সলনি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উচ্চতম ন্যায়ালয়ৰ এটা বিচাৰপীঠ স্থাপনৰ দাবী জনাইছে।
জয়ন্তমল্লৰ ভয়ত বিজেপিৰ কাৰ্যালয়লৈ অহা নাছিল ৰাজেন গোহাঁই, কংগ্ৰেছত ৩০ জনৰ যোগদান
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি বিজেপিৰ নৈতিকতাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে বিজেপি বিধানসভাত ষাঁড়-গৰুৰ দৰে ইফালে-সিফালে দৌৰি ফুৰিছে আৰু অসমৰ ভাগ্য ভাল যে এইবোৰৰ পৰা মুক্ত হ’ল। ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰ মাজত চলি থকা সংঘাতৰ কথা উল্লেখ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে হীৰণ গোহাঁইক মালটো কৰপৰা টপকিল বুলি কৈছে, আনহাতে দিলীপ শইকীয়াৰ ছাৰক নমস্য বুলি কয়। শইকীয়াই দাদা ব্ৰিগেডৰ সদস্যক শ্বকজ জাৰি কৰিছে, কিন্তু নোমল মমিনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। নোমল মমিনে ব্যৱস্থা ল’লেহেঁতেন অধ্যক্ষৰ চকীৰ গ’লহেঁতেন।