ৰাজ্যত নৱম শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাক লৈ অসম প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাৰ বিৰোধ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগ দাবী কৰিছে। এক বিবৃতিৰ যোগে ভূপেন কুমাৰ বৰাই কয় যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অংকৰ পৰীক্ষা হঠাতে কোনো কাৰণ নোহোৱাকৈ পিছুৱাই দিছে পৰীক্ষা নিয়ন্ত্ৰকে। একেদৰে শেহতীয়াকৈ গম পোৱা মতে, বৰপেটা জিলাৰ নৱম শ্ৰেণীৰ অংকৰ পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ প্ৰকাশ হৈছে।
গুৱাহাটীত অপহৰণৰ ঘটনাত চাঞ্চল্য: তিনিজন সন্দেহভাজন আটক, মুক্তিপণৰ দাবী
গুৱাহাটীত এক নাটকীয় অপহৰণ কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৰিগাঁৱৰ ইক্ৰামুল হুছেইন চৌধুৰীক অপহৰণ কৰা হৈছে বুলি তেওঁৰ পত্নীয়ে দিছপুৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে তিনিজন সন্দেহভাজনক আটক কৰি অপহৰণত ব্যৱহৃত দুখন বাহন জব্দ কৰে।
অপহৃত চৌধুৰীয়ে সংবাদ মাধ্যমক কয় যে মঙলবাৰে সন্ধিয়া ৬:৩০ বজাত প্ৰায় ১০-১২ জনীয়া যুৱকৰ দলে তেওঁক বলপূৰ্বক অপহৰণ কৰি একাধিক স্থানলৈ লৈ যায়। অপহৰণকাৰীসকলে তেওঁৰ পত্নীক মুক্তিপণ হিচাপে ৬ লাখ টকা দাবী কৰে। এই সময়ত তেওঁৰ পত্নীয়ে মৰিগাঁও আৰক্ষীক সতৰ্ক কৰে।
উএছটিএমকলৈ বিজেপি-এনপিপিৰ সংঘাত; বিজেপিক অনুমান কৰি কথা নক’বলৈ সকীয়নি মন্ত্ৰী লিংডোৰ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাৰে বাৰে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় মেঘালয় চমুকৈ ইউএছটিএমক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে পৰীক্ষাত নম্বৰ বঢ়াই দিয়াৰ ছাত্ৰৰ অভিযোগৰ ভিত্তিত ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ কৰাত বৰ্তমানেও হক ন্যায়িক জিম্মাত কাৰাগাৰত বন্দী হৈ আছে৷ তাৰ মাজতে ইউএছটিএমক লৈ মেঘালয়ত দুই মেৰুত বিভাজিত হোৱা দেখা গৈছে বিজেপি আৰু এনপিপি দলক৷ বিজেপি আৰু এনপিপি দলে মিত্ৰতাৰে মেঘালয়ত চৰকাৰ চলাই থাকিলেও এনপিপ দল তথা দলৰটোৰ মুৰব্বী কনৰাড চাংমাই সদায়েই ইউএছটিএমৰ পক্ষত কথা কোৱা পৰিলক্ষিত হয়৷ আনহাতে অসমৰ বিজেপি নেতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অসমৰ টোপাটলিত গৰ্ভৱতী হাতী হত্যা
অসমৰ গুৱাহাটীৰ ওচৰৰ টোপাটলিত এটা গৰ্ভৱতী হাতী হত্যাৰ ঘটনাই চিন্তাৰ সৃষ্টি কৰিছে। চোৰাং চিকাৰীৰ দ্বাৰা হাতীটো হত্যা কৰি মাংস কাটি নিয়া হৈছে বুলি সন্দেহ কৰা হৈছে। হাতীটোৰ মৃতদেহ গুৱাহাটীৰ অসম-মেঘালয় সীমান্তত উদ্ধাৰ কৰা হৈছিল। মৃতদেহটো পচি গৈছিল আৰু দেহৰ পৰা মাংস কাটি নিয়া হৈছিল। অৱশ্যে, ভ্ৰূণটো এতিয়াও হাতীটোৰ গৰ্ভত আছে বুলি বন বিষয়াজনে পিটিআইক জনাইছে।
ডিব্ৰুগড় কাৰাগাৰৰ পৰা মুকলি অমৃতপালৰ তিনিগৰাকী সহযোগী
পঞ্জাৱ চৰকাৰে খালিস্তানি বিচ্ছিন্নতাবাদী আৰু লোকসভাৰ সাংসদ অমৃতপাল সিঙৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন (এনএছএ)ৰ ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। ফলত তেওঁক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পঞ্জাৱলৈ উভতাই অনাৰ পথ প্ৰশস্ত হৈছে। বৰ্তমান এনএছএৰ অধীনত আটক কৰা সিঙৰ আটকৰ ম্যাদ ২০২৫ চনৰ এপ্ৰিলত সমাপ্ত হ’ব। ইয়াৰোপৰি, পঞ্জাৱ আৰক্ষীয়ে ডিব্ৰুগড় কাৰাগাৰত বন্দী থকা অমৃতপাল সিঙৰ সাতজন সহযোগীক ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে, কিয়নো ৰাজ্য চৰকাৰে এনএছএৰ অধীনত আটকৰ ম্যাদ সম্প্ৰসাৰণ নকৰাৰ সিদ্ধান্ত লৈছে।
গিবন অভয়াৰণ্যৰ তেল-গেছৰ অন্বেষণ কিয়? লোকসভাত প্ৰশ্ন গৌৰৱ গগৈৰ
অসমত বনাঞ্চলৰ হ্ৰাস আৰু হোলোঙাপাৰ গিবন অভয়াৰণ্যত তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ অনুমতি প্ৰদানৰ বিষয়টো লৈ আজি লোকসভাত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। কংগ্ৰেছ দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে অসমত বনাঞ্চলৰ যথেষ্ট হ্ৰাস হোৱাৰ অভিযোগ উত্থাপন কৰি উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ হোলোঙাপাৰ গিবন অভয়াৰণ্যত তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ অনুমতি প্ৰদানৰ সন্দৰ্ভত ডাঙৰ তেল কোম্পানীৰ স্বাৰ্থ জড়িত থকাৰ প্ৰশ্ন উত্থাপন কৰিছে। গগৈয়ে বন ধ্বংসত জড়িত জিলা বন বিষয়াৰ ভূমিকাৰ ওপৰত তদন্ত হ’বনে বুলিও কঠোৰ প্ৰশ্ন উত্থাপন কৰিছে।