অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কংগ্ৰেছৰ

অসমীয়াৰ মূৰত লোৱা, থাপনা পাতি মূৰ দোৱা স্বাভিমানৰ প্ৰতীক গামোচাক কোনোৱেই অপমান কৰিব নোৱাৰে। গামোচা লৈ কৰা অপমানৰ প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত এক বিশাল প্ৰতিবাদ কাৰ্যসূচী পালন কৰে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰে। গামোচাৰ প্ৰতি কৰা এই অপমানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীক ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ দাবী জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা নকৰিলে উচ্চ ন্যায়ালয়লৈ যাব: অসম কংগ্ৰেছৰ চৰকাৰক কঠোৰ সতৰ্কবাণী

অসম প্ৰদেশ কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ৩০ মাৰ্চৰ ভিতৰত ঘোষণা নকৰিলে গৌহাটি উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি ভাবুকি দি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰক কঠোৰ সতৰ্কবাণী জনাইছে। দলৰ সভাপতি ভূপেন কুমাৰ বৰাই বিলম্ব হোৱাৰ ফলত কেন্দ্ৰীয় গ্ৰামোন্নয়ন পুঁজিত ১১০০ কোটি টকা কেন্দ্ৰলৈ উভতি যোৱাৰ আশংকা কৰিছে, যি টকা বৰ্তমান অব্যৱহৃত হৈ আছে।

গুৱাহাটীত চিটিবাছৰ অতপালি: স্কুটী চালক থিতাতে নিহত

গুৱাহাটী মহানগৰীত চিটিবাছৰ অতপালি অব্যাহত থাকোঁতে আজি পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হৈছে। নুনমাটিত সংঘটিত এই দুৰ্ঘটনাত এজন স্কুটী চালক থিতাতে নিহত হোৱা দেখা গৈছে। নিহত যুৱকজনৰ নাম অৰুণাচলৰ টিকিচি নবাব বুলি জনা গৈছে।

জানিব পৰা মতে, আজি দুপৰীয়া নাৰেংগী দিশৰ পৰা আহি থকা এএছ-০১-কেচি-৭৯৫১ নম্বৰৰ যাত্ৰী ভৰ্তি চিটিবাছখনে বিপৰীত দিশৰ পৰা আহি থকা এআৰ-০১-আৰ-০৮২৫ নম্বৰৰ স্কুটীখনক খুন্দা মাৰে। খুন্দা খাই স্কুটীখন বহু দূৰলৈ চোচোৰাই নিয়াত বাছখনৰ চকাৰ তলত সোমাই চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। ফলত স্কুটী চালকজন থিতাতে নিহত হয়।

নৈকোষ আৰু লাইপুলীয়া নদীৰ পাৰৰ জীৱনৰ এক আভাস

নৈকোষঃ

মোৰ শৈশৱ আৰু কৈশোৰৰ চিনাকি ঠাই নৈকোষ। ২০০৬ চনৰ কথা। মই বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰি মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছিলো। মোৰ লগতে নামভৰ্তি কৰা পবিতা, মিলন আদি সহপাঠীসকলে তেতিয়া আমাৰ বিদ্যালয়ৰ কাষত থকা লাইপুলীয়া নদীৰে টুলুঙা নাৱত উঠি পাৰ হৈ আহিবলগীয়া হৈছিল। নৈকোষ গাঁৱত উঠি আমি চাইকেল লৈ বিদ্যালয়লৈ যাওঁ। নৈকোষ গাঁৱৰ কাষতে আমাৰ বিদ্যালয়খন অৱস্থিত।

নৈকোষৰ পাৰৰ গাঁওবাসীৰ জীৱনৰ বহু উত্থান-পতনৰ সাক্ষী এই নদীখন। নদীপাৰৰ লোকসকলৰ জীৱনশৈলী, ইয়াৰ বৈচিত্ৰ্যময় পৰিৱেশ, নদী-মানুহ আৰু পানীৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ মই নৈকোষলৈ যাত্ৰা কৰিলোঁ।

গুৱাহাটীত তিনিটা স্থানত জাবৰ নিষ্কাশন প্ৰকল্পৰ ঘোষণা; কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনাৰ কথা উল্লেখ

গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ জনতা ভৱনত সংবাদমেল সম্বোধন কৰে। তেওঁ ৰাজধানী গুৱাহাটীৰ জ্বলন্ত সমস্যা কৃত্ৰিম বানপানী ৰোধৰ বাবে কেইবাটাও আঁচনি লোৱাৰ কথা উল্লেখ কৰে। মন্ত্ৰীজনে কয় যে বান নিয়ন্ত্ৰণৰ বাবে এক এছঅ’পি (Standard Operating Procedure) প্ৰস্তুত কৰা হৈছে। গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে বান সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সুকীয়া পদ্ধতি অৱলম্বন কৰিছে।

শ্বিলঙত গুৱাহাটী আৰক্ষীৰ অভিযান: ভুৱা তথ্যৰে ভাড়াত লৈ চুৰি কৰা ৩ বাহন উদ্ধাৰ

গুৱাহাটী আৰক্ষীয়ে গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানত নতুন সাফল্য পাইছে। মেঘালয়ৰ শ্বিলঙত চলোৱা এক গোপন অভিযানত গুৱাহাটী আৰক্ষীয়ে তিনিখন চুৰি হোৱা বিলাসী বাহন উদ্ধাৰ কৰাৰ লগতে সাতজন দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

এই অভিযানৰ প্ৰেক্ষাপটত কামৰূপ গ্ৰাম্য জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত সক্ৰিয় গাড়ী চোৰ চক্ৰটোৰ সৈতে মেঘালয়ৰ দুৰ্ধৰ্ষ চোৰ জড়িত বুলি অভিযোগ উত্থাপিত হৈছিল। গুৱাহাটী আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত শ্বিলঙত অভিযান চলাই তিনিখন বাহন উদ্ধাৰ কৰাৰ লগতে সাতজনক গ্ৰেপ্তাৰ কৰে।

গুণ্ডাটেক্স সংগ্ৰহৰ অভিযোগত বেলতলা বজাৰত আৰক্ষীৰ অভিযান; ৫ গ্ৰেপ্তাৰ, লক্ষাধিক টকা আৰু মোবাইল জব্দ

গুৱাহাটী মহানগৰীৰ বেলতলা সাপ্তাহিক বজাৰত দীৰ্ঘদিন ধৰি গুণ্ডাটেক্স সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে কঠোৰ অভিযান চলাই ৫জনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰকৃতসকলৰ পৰা লক্ষাধিক টকা, মোবাইল ফোন, আৰু ভুৱা ৰচিদ জব্দ কৰা হৈছে। অভিযোগমতে, শাসকীয় দল বিজেপিৰ সৈতে জড়িত কেইজনমান গুণ্ডাই বজাৰত ব্যৱসায়ী, বিশেষকৈ জনজাতীয় শাক-পাচলি বিক্ৰেতাসকলৰ পৰা জোৰকৈ গুণ্ডাটেক্স সংগ্ৰহ কৰিছিল। এই কাৰ্যত ব্যৱসায়ীসকল ভীতিগ্ৰস্ত হৈ পৰিছিল আৰু বহুতে বজাৰ এৰিবলৈ বাধ্য হৈছিল।

১৯ কোটি টকাৰ কেলেংকাৰীত জড়িত বিজেপি মন্ত্ৰী অশোক সিংহলৰ নাম, তীব্ৰ প্ৰতিবাদ কৰি তদন্তৰ দাবী কংগ্ৰেছৰ

বিগত প্ৰায় ৮ বছৰ ধৰি মন্ত্ৰী হৈ থকা অসমৰ বিজেপি নেতা তথা মন্ত্ৰী অশোক সিংহলে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগাধ সম্পত্তি গোটাইছে। একালৰ ধূপ-কাঠিৰ ব্যৱসায়ী আৰু কংগ্ৰেছ চৰকাৰৰ দিনত হকে-বিহকে সংবাদমেল পাতি অভিযোগ উত্থাপন কৰি নেতা হোৱা অশোক সিংহল আজি কেইবা হাজাৰ টকাৰ সম্পত্তিৰ মালিক। তৰুণ গগৈৰ চৰকাৰৰ কাৰ্যকালত ‘জন জাগৃতি’ নামৰ সংস্থা চলাই ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে বৃহৎ বান্ধ দিয়াৰ অভিযোগ আনি সংবাদমেল পাতিছিল। ধূপৰ ব্যৱসায়ী অশোক সিংহলে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত মাথোঁ ২৪ হাজাৰ টকা আৰু এখন স্পেলণ্ডাৰ বাইকৰ মালিক আছিল। সেই অশোক সিংহল আজি বিল্ডাৰ, চাহ কোম্পানীৰ মালিক, আৰু কোট

মুম্বাইলৈ গৈ আধামাহ ধৰি সন্ধানহীন হোৱা পাইকানা গাঁৱৰ ভাস্কৰ্য শিল্পী সনক কলিতা

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ওচৰৰ পাইকানা গাঁৱৰ বিশিষ্ট ভাস্কৰ্য শিল্পী সনক কলিতা গত আধামাহ ধৰি সন্ধানহীন হৈ থকাৰ বাবে অঞ্চলটোত চিন্তাৰ সৃষ্টি হৈছে। গুৱাহাটীত স্থায়ীভাৱে বসবাস কৰা সনক কলিতাই প্ৰায় ৩০ বছৰ আগতে ভাস্কৰ্য শিল্পৰ সৈতে জড়িত হৈ গুৱাহাটী আৰু অসমৰ বিভিন্ন ঠাইত একাধিক ভাস্কৰ্য নিৰ্মাণ কৰিছিল। অতি সম্প্ৰতি তেওঁ গুৱাহাটীৰ ভেটাপাৰা অঞ্চলত নিজা এটা ভাস্কৰ্য ষ্টুডিঅ’ স্থাপন কৰিছিল।

গুৱাহাটীত গ্ৰীণ বাছৰ চলাচল বন্ধ, ড্ৰাইভাৰ আৰু কণ্ডাক্টৰৰ প্ৰতিবাদত যাতায়ত ব্যৱস্থা অচল

বুধবাৰে গুৱাহাটীত যাতায়ত ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ বিঘ্নি ঘটিছে। প্ৰায় ১০০খন গ্ৰীণ বাছে চলাচল বন্ধ কৰি ড্ৰাইভাৰ আৰু কণ্ডাক্টৰসকলে তেওঁলোকৰ অপাৰেটিং কোম্পানী মাল্টিটেকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰীসকলে কোম্পানীটোৰ দ্বাৰা শোষণ আৰু অন্যায় ব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media