বেলতলা বজাৰত গাৰ্ডৱাল খহি ১ জনৰ মৃত্যু, ৩ জন আহত

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰৰ বেলতলা বজাৰ সংলগ্ন বাহিনী নদীৰ কাষত থকা প্ৰায় ১০ বছৰ পুৰণি ইটাৰে নিৰ্মিত এটা গাৰ্ডৱাল আচানক খহি পৰে। এই দুৰ্ঘটনাত এজন বিক্ৰেতাৰ মৃত্যু হয় আৰু আন তিনি জন গুৰুতৰভাৱে আহত হয়। ঘটনাটো দুপুর ২ বজাৰ পাছত সংঘটিত হয়, যেতিয়া কেইজনমান ক্ষুদ্ৰ ব্যৱসায়ী ভাঙি পৰা গাৰ্ডৱালখনৰ কাষত বহি আছিল।

মৃত মহিলাগৰাকী হ’ল ৫০ বছৰীয়া অঞ্জু ৰংপী, যি কামৰূপ (মেট্ৰো) জিলাৰ খেত্ৰী বৰবিতলী গাঁৱৰ বাসিন্দা আছিল। ঘটনাৰ পিছত তেওঁক ওচৰৰ এখন হাস্পতাললৈ নিয়াৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত (GMCH) ভৰ্তি কৰোৱা হয়, য’ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু ঘটে।

বাৰিষাৰ আৰম্ভণিতেই হাহাকাৰ উত্তৰ গুৱাহাটীত, জলমগ্ন বহু অঞ্চল

বাৰিষাৰ প্ৰথম দুজাকমান বৰষুণতেই হাহাকাৰ লাগিছে উত্তৰ গুৱাহাটীৰ বহু অঞ্চলত। মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্গত গুৰুত্বপূৰ্ণ বৃহত্তৰ অঞ্চলটোৰ বহু ঠাই বৰষুণৰ ফলত জলমগ্ন হৈ যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সৃষ্টি কৰিছে। যোৱা কেইদিনমান এৰা-ধৰাকৈ হৈ থকা প্ৰবল আৰু মধ্যমীয়া ধৰণৰ বৰষুণ কেইজাকে যেন সোঁৱৰাই দিলে আহি থকা দিনবোৰত হ'ব পৰা বিষম অৱস্থাৰ কথা। উল্লেখ্য যে বৃহত্তৰ উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলত লক্ষণীয়ভাৱে ৰাস্তা-ঘাটৰ নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ সংলগ্ন নলা-নৰ্দমা আদি বিজ্ঞানসন্মতভাৱে হোৱা নাই, যাৰ ফলত বৰষুণৰ ফলত জমা হোৱা পানী ওলাই যাব নোৱাৰে আৰু এজাক বৰষুণৰ পিছতেই বিভিন্ন অঞ্চল পানীত তল

চোৰাংচোৱা-গৃহ বিভাগৰ ব্যৰ্থতাৰ অভিযোগ: পাকিস্তানবিৰোধী শ্ল’গান দি কংগ্ৰেছৰ প্ৰতিবাদ

পেহেলগাম ঘটনাৰ বিৰুদ্ধে গুৱাহাটীৰ মহানগৰীৰ মাজমজিয়াত আজি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্যিক নেতাৰ উপস্থিতিত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্যিক সংখ্যালঘু বিভাগৰ সভাপতি ছলমান খানৰ নেতৃত্বত সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ পাকিস্তানী সন্ত্ৰাসবাদীৰ পুত্তলিকা দাহ কৰি পাকিস্তান মুৰ্দাবাদ শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদত অংশ লোৱা ৰাজ্যিক সংখ্যালঘু বিভাগৰ সভাপতি ছলমান খানে কয় যে আমি পেহেলগামৰ ভয়ংকৰ ঘটনাক তীব্ৰ গৰিহণা দিছো। আমাৰ প্ৰাৰ্থনা শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছে আৰু কঠোৰ তদন্ত আৰু দ্ৰুত ন্যায় দ

দিগন্ত ভাৰতীক ক্ষমা খুজিলে সীমান্ত ঠাকুৰীয়াই

১০ দিনৰ মূৰকত হাইঠা মাটিত পৰিল৷ চানমাৰিৰ পূব গুৱাহাটী বিহু সন্মিলনীৰ দুই বিষয়ববীয়া সীমান্ত ঠাকুৰীয়াই ৰাজহুৱাকৈ ক্ষমা খোজে কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতী আৰু পত্নী ভাস্বতী ভাৰতীক৷ দিগন্ত ভাৰতীক বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ তুলি দি মাইক্ৰ’ফোন কাঢ়ি নি অপমান কৰি নমাই দিয়াত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতী আৰু পত্নী ভাস্বতী ভাৰতীয়ে ক্ষমা খোজাৰ দাবী তুলিছিল৷ ৯ দিনে নাও বুৰিলেও টিঙৰ পৰা ননমা পূব গুৱাহাটী বিহু সন্মিলনীয়ে অৱশেষত স্থিতি দুৰ্বল কৰিবলৈ সক্ষম হয়৷ বিষয়টোক লৈ দুয়োপক্ষই আক্ৰমণ-প্ৰত্যাক্ৰমণ, অভিযোগ-প্ৰতিঅভিযোগ অব্যাহত ৰখাৰ সময়

১৫ হাজাৰ টকাৰ পঞ্জীয়ন মাচুল হ’ল ৫ লাখ! থলুৱা ঠিকাদাৰক পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰ

ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ ঠিকাদাৰ সমাজ৷ বৃহৎ ঠিকাদাৰী সংস্থা আৰু চৰকাৰৰ ঘনিষ্ঠ ঠিকাদাৰৰ স্বাৰ্থত ৰাজ্য চৰকাৰে হঠকাৰী সিদ্ধান্ত লৈছে৷ অসমৰ থলুৱা ঠিকাদাৰসকলক পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে অসম চৰকাৰে৷ লোকনিৰ্মাণ বিভাগৰ ঠিকাৰ পঞ্জীয়নৰ মাচুল ৰাজ্য চৰকাৰে ভায়ৱহ হাৰত বৃদ্ধি কৰিছে৷ পূৰ্বতকৈ কেইবাগুণ মাচুল বৃদ্ধি কৰাত একাংশ ঠিকাদাৰে মূৰে-কপালে হাত দিছে৷ মাচুলৰ পৰিমাণ প্ৰত্যক্ষ কৰি ঠিকাদাৰৰ হাত-ভৰি লুকাইছে৷ এতিয়াৰ পৰা প্ৰথম শ্ৰেণীৰ এ-ৰ ঠিদাকাৰৰ পঞ্জীয়ন মাচুল কৰা হৈছে ৫ লাখ টকা৷ প্ৰথম শ্ৰেণীৰ বি-ৰ ঠিকাদাৰৰ পঞ্জীয়ন মাচুল কৰা হৈছে ২ লাখ টকা৷ প্ৰথম শ্ৰেণীৰ চি-ৰ

ডেটিং এপৰ ভয়াবহ ঘটনা: গুৱাহাটীত ছাত্ৰীৰ সৈতে যৌন নিৰ্যাতন কাণ্ড

 গুৱাহাটীত ডেটিং এপ যোগে লগ পোৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড৷ ডেটিং এপ যোগে লগ পোৱা এগৰাকী যুৱতীক হোটললৈ নি শাৰীৰিক শোষণ কৰাৰ অভিযোগ উঠিছে৷ ৰঙালী বিহুৰ মাজতে গুৱাহাটী মহানগৰীত বিশ্ববিদ্যালয়ৰ এগৰাকী ১৯ বছৰীয়া ছাত্ৰীক গুৱাহাটীৰ মাজভাগৰ এখন হোটেলৰ কোঠাত এজন যুৱকে প্ৰলোভন দি মাতি নি যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, ডিগবৈৰ হেমন্ত সোণোৱাল নামৰ যুৱকজনে ছাত্ৰীগৰাকীক হোটেললৈ মাতি নি যৌন নিৰ্যাতন চলাইছিল৷ হেমন্ত সোণোৱালে ছাত্ৰীগৰাকীক এটা ডেটিং এপত লগ পাই বন্ধুত্ব কৰিছিল৷ তেওঁ নিজকে হিন্দুস্থান পেট্ৰ’লিয়ামৰ কৰ

গুৱাহাটীত মণিপুৰৰ বিদ্ৰোহীক গ্ৰেপ্তাৰ; মণিপুৰত অব্যাহত অভিযান, ৮ বিদ্ৰোহীক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে৷ মহানগৰীৰ সদাব্যস্ত পল্টনবজাৰত গোপনে বাহৰ পাতি থকা হিংসা জৰ্জৰিত মণিপুৰৰ বিদ্ৰোহী সংগঠনৰ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ পল্টনবজাৰ অঞ্চলৰ এখন হোটেলত নিষিদ্ধ বিদ্ৰোহী সংগঠন পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) সক্ৰিয় সদস্যক চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গুৱাহাটী আৰক্ষী৷ বশিষ্ঠ আৰক্ষী, বিশেষ অভিযান গোট, পল্টন বজাৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত সিঙক পল্টন বজাৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। কেডাৰজন মণিপুৰৰ থৌবাল জিলাৰ মায়াংলাম্বাম ববি সিং বুলি জানিব পৰা গৈছে৷ হিংসাপীড়িত মণিপুৰত হিংসাত্মক কাৰ্যক

বায়ু প্ৰদূষণ আৰু অস্বাস্থ্যকৰ খাদ্যাভাসে কমাইছে অসমীয়াৰ গড় আয়ুস!

অসমৰ মানুহে ভাৰতৰ গড় আয়ুষতকৈ কম বছৰ জীয়াই থাকে। এক গৱেষণাৰ মতে, ভাৰতৰ গড় আয়ুস প্ৰায় ৬৯ বছৰ, আনহাতে অসমত ইয়াৰ হাৰ মাত্ৰ ৬৬ বছৰ। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতো অসমৰ গড় আয়ুস সৰ্বনিম্ন। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত গড় আয়ুস ৭৫ বছৰ, মিজোৰাম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্রদেশতো অসমতকৈ বেছি।

নুমলীগড় শোধনাগাৰৰ প্ৰদূষণে ধনশিৰি নদীৰ অস্তিত্ব বিপন্ন: জননী লাইভৰ বিশেষ প্ৰতিবেদন

গোলাঘাট, অসম – ব্ৰহ্মপুত্ৰৰ এটা প্ৰধান উপনদী ধনশিৰি নদী নুমলীগড় শোধনাগাৰ (NRL)ৰ পৰা নিৰ্গত হোৱা প্ৰদূষিত পদাৰ্থৰ বাবে বিপন্ন হৈ পৰিছে। গোলাঘাটৰ স্থানীয় বাতৰি পোৰ্টেল জননী লাইভৰ এক বিশেষ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। নদীখনৰ পানীৰ গুণাগুণ ক্রমে অধোগতি হোৱাৰ লগে লগে ইয়াৰ ওপৰত নিৰ্ভৰশীল জলজ জীৱ-জন্তুৰ বাবে বিপদৰ সৃষ্টি হৈছে।

এপেক্স বেংক কেলেংকাৰীৰ তদন্তৰ দাবীত প্ৰধানমন্ত্ৰীক পত্ৰ গৌৰৱ গগৈৰ

অসম কো-অপাৰেটিভ এপেক্স বেংকত সংঘটিত প্ৰায় ৭০ কোটি টকাৰ আৰ্থিক অনিয়মৰ তদন্তৰ দাবী জনাই কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। গগৈৰ মতে, এই কেলেংকাৰীত এজন বহিৰাগত ব্যৱসায়ী ৰাজেশ বাজাজে প্ৰায় ২০ কোটি টকা আৰু ডাটা মজুত ব্যৱস্থাৰ নিবিদাৰ নামত ৫০ কোটি টকাৰ অনিয়ম সংঘটিত কৰিছে। তেওঁ প্ৰধানমন্ত্ৰীৰ পৰা এই ঘটনাৰ স্বতন্ত্ৰ তদন্তৰ আহ্বান জনাইছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media