ৰাজনৈতিক আক্ৰোশপূৰ্ণ পৰিৱেশত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে কংগ্ৰেছ নেতা তথা সাংবাদিকৰ বিৰুদ্ধে অনুসূচিত জাতি-জনজাতি অত্যাচাৰ নিবাৰণ আইন, ১৯৮৯ৰ ধাৰা প্ৰয়োগ কৰাৰ অভিযোগৰ মাজতে বিজেপি নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ দাসৰ এক মন্তব্যে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মিত্ৰজোটৰ প্ৰাৰ্থীৰ হৈ ভোট বিচাৰিবলৈ গৈ মন্ত্ৰী ৰণজিৎ দাসে অসমৰ অনুসূচিত জাতিৰ লোকসকলক অপমান কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। ইতিমধ্যে, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ৰণজিৎ দাসৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
সোণাপুৰত বায়ুসেনাক ভূমি হস্তান্তৰৰ বিৰোধিতাত উত্তেজনা
গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত আজি হাজাৰ হাজাৰ জনজাতীয় লোকে বায়ুসেনাক ভূমি হস্তান্তৰৰ প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হয়। সোণাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিবাদত “তেজ দিম, মাটি নিদিওঁ” আৰু “ডিগাৰু এয়াৰ ফ’ৰ্চ মুৰ্দাবাদ” শ্লোগানেৰে জনজাতীয় লোকে নিজৰ ভূমিৰ ওপৰত হস্তক্ষেপৰ অভিযোগ তুলিছে।
বিবাদৰ মূল কাৰণ হৈছে ৰাজ্য চৰকাৰৰ ডিগাৰুৰ বিশাল ভূমি বায়ুসেনাক দিয়াৰ পৰিকল্পনা। ইয়াৰ ফলত জনজাতীয় লোকৰ মাটি আৰু জীৱিকাৰ অধিকাৰ খৰ্ব হোৱাৰ অভিযোগ উঠিছে। বায়ুসেনাই ডিগাৰু ঘাঁটিৰ ৯০০ মিটাৰৰ ভিতৰত নিৰ্মাণকাৰ্য বন্ধৰ নিৰ্দেশ জাৰি কৰাত উত্তেজনা বৃদ্ধি পাইছে।
দিলোৱাৰ হুছেইন মজুমদাৰক দ্বিতীয় গোচৰত জামিন মঞ্জুৰ
জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক দ্বিতীয়টো গোচৰত জামিন প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশৰ আদালতে। ২৭ মাৰ্চৰ পৰা জেৰা আৰু তালাচীৰ পিছত শুক্ৰবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত ২০ হাজাৰ টকাৰ বণ্ডত তেওঁক জামিন মঞ্জুৰ কৰা হয়। তেওঁৰ অধিবক্তা অংশুমান বৰাই যুক্তি দাঙি ধৰাৰ পিছত আদালতে এই সিদ্ধান্ত লয়।
গুৱাহাটী বিশ্ববিদ্যালয়ত পৰীক্ষা নিয়ন্ত্ৰকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা
গুৱাহাটী বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা নিয়ন্ত্ৰক ড০ কন্দৰ্প শৰ্মাৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন কৰি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ জনাইছিল। তেওঁলোকৰ মতে, শৰ্মাই শিক্ষাৰ্থীৰ সৈতে কেতিয়াবা উপযুক্ত আচৰণ নকৰে। এই কথা উপাচাৰ্য ড০ ননী গোপাল মহন্তৰ কাৰ্যালয়ৰ আগত তুলি ধৰাৰ পিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শৰ্মাক ৭ দিনৰ বাবে কামৰ পৰা সাময়িকভাৱে আঁতৰাই ৰাখিছে। লগতে, এই বিষয়টোৰ সঠিক তদন্তৰ বাবে এটা কমিটি গঠন কৰা হৈছে।
সাংবাদিক দিলোৱাৰৰ গ্ৰেপ্তাৰ: শ্বিলং প্ৰেছ ক্লাবৰ নিন্দা
মেঘালয়ৰ শ্বিলং প্ৰেছ ক্লাবে (এছপিচি) অসমৰ জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ তীব্ৰ নিন্দা জনাই এক বিবৃতি জাৰি কৰিছে। ক্ৰছকাৰেণ্ট ডিজিটেল মিডিয়াৰ মুখ্য মজুমদাৰক প্ৰথমে ২৫ মাৰ্চৰ নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। ২৬ মাৰ্চত তেওঁক জামিন মঞ্জুৰ কৰাৰ পিছতো ২৭ মাৰ্চত অসম এপেক্স বেংকৰ পৰিচালন সঞ্চালকৰ এজাহাৰৰ ভিত্তিত পুনৰ গ্ৰেপ্তাৰ কৰা হয়।
সাংবাদিকৰ মৌন প্ৰতিবাদ: দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে পাণবজাৰ থানাৰ সন্মুখত ক’লা কাপোৰেৰে মুখ বান্ধি ধৰ্ণা
সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে দ্বিতীয়টো গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে পাণবজাৰ আৰক্ষী থানাৰ সন্মুখত সাংবাদিকসকলে তীব্ৰ প্ৰতিবাদ জনাইছে। মুখত ক’লা কাপোৰ বান্ধি মৌন ধৰ্ণাত বহি তেওঁলোকে এই গ্ৰেপ্তাৰক স্বৈৰাচাৰী বুলি অভিহিত কৰি দিলোৱাৰৰ শীঘ্ৰ মুক্তিৰ দাবী উত্থাপন কৰিছে। কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকৰ নেতৃত্বত এই প্ৰতিবাদত বিভিন্ন মিডিয়া হাউছৰ সাংবাদিকে অংশ লৈছিল।
পৰীক্ষা নিয়ন্ত্ৰকৰ দুৰ্ব্যৱহাৰত ছাত্ৰৰ প্ৰতিবাদ: ‘মোক মাৰা’ বুলি চিঞৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ
গুৱাহাটী বিশ্ববিদ্যালয়ত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ জনাইছে। প্ৰতিবাদৰ মাজতে উপাচাৰ্য ড০ ননীগোপাল মহন্তই ছাত্ৰসকলক শান্ত কৰাৰ পৰিৱৰ্তে মাটিত বহি ‘মোক মাৰা, মোক মাৰা’ বুলি চিঞৰি হৈ-হাল্লা কৰা দেখা গৈছে। এই আচৰণে ছাত্ৰ সমাজক আৰু উত্তেজিত কৰি তুলিছে, ফলত বিশ্ববিদ্যালয় চৌহদ পুনৰ উত্তপ্ত হৈ পৰে।
সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ পুনৰ গ্ৰেপ্তাৰ: গুৱাহাটী আৰক্ষীৰ জিম্মালৈ
সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গুৱাহাটী আৰক্ষীয়ে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰি পানবজাৰ আৰক্ষী থানালৈ নিয়া হৈছে। এই গ্ৰেপ্তাৰি মুখ্যতঃ ১১১/২৫ নম্বৰৰ গোচৰৰ সৈতে সম্পৰ্কিত, য’ত ভাৰতীয় দণ্ড বিধিৰ ৩২৯, ৩২৪(৪), ৩৫১(৩), ৩০৯(৪), আৰু ১১৫ ধাৰাৰ অধীনত একাধিক অভিযোগ দাখিল কৰা হৈছে। উল্লেখযোগ্য যে, ৩০৯(৪) ধাৰাটো জামিন অযোগ্য, য’ত দোষী সাব্যস্ত হ’লে ১০ বছৰলৈকে কাৰাদণ্ডৰ বিধান আছে।
সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক জামিন মঞ্জুৰ
সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক বুধবাৰে আদালতে জামিন মঞ্জুৰ কৰিছে। কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে এই জামিন প্ৰদান কৰে, আৰু তেওঁ বৃহস্পতিবাৰে জামিনৰ চৰ্ত্ত, পূৰণ কৰাৰ পিছত মুক্তি লাভ কৰিব।
সাংবাদিক দিলোৱাৰৰ গ্ৰেপ্তাৰক গৰিহণা প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ
প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়া (PCI)ই অসম আৰক্ষীৰ দ্বাৰা জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ কাৰ্য্যক কঠোৰ ভাষাৰে নিন্দা কৰিছে। PCI-ৰ সভাপতি গৌতম লাহিড়ী আৰু মহাসচিব নীৰজ ঠাকুৰে এক বিবৃতিত কৈছে যে পৰিয়ালক অৱগত নকৰাকৈ আৰু কাৰোবাক সাক্ষাৎ কৰিব নিদিয়াকৈ মজুমদাৰক দীৰ্ঘ সময় ধৰি আটক ৰখাৰ পিছত গ্ৰেপ্তাৰ কৰাটো ন্যায়বিৰোধী।