গুৱাহাটী পৌৰনিগম কৰ্মী সংঘৰ আন্দোলন ঘোষণা

গুৱাহাটী পৌৰনিগম কৰ্মী সংঘৰ আন্দোলন ঘোষণা

পেঞ্চন মুকলিকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত গুৱাহাটী পৌৰনিগম কৰ্মী সংঘ (GMKS)ই অহা ২৬ ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন ধর্মঘট ঘোষণা কৰিছে। গুৱাহাটী পৌৰনিগম (GMC)ৰ কৰ্মীসকলক প্ৰতিনিধিত্ব কৰা কৰ্মী সংঘৰ নেতৃত্বই জানিবলৈ দিয়া মতে, কেতবোৰ দীৰ্ঘদিনীয়া  সমস্যা সমাধান নোহোৱাত কৰ্মীসকল অসন্তুষ্ট। এই ধর্মঘটৰ ফলত পৌৰনিগমে আগবঢ়োৱা দৈনন্দিন সেৱাসমূহত গুৰুতৰ বাধা পৰাৰ সম্ভাৱনা আছে।

ধৰ্মঘটৰ মুখ্য দাবীসমূহ হ’ল পৌৰনিগমৰ কৰ্মীসকলৰ পেঞ্চন নিয়মীয়া কৰণ, প্ৰতিশ্ৰুতি অনুসৰি দৈনিক মজুৰি আৰু ঠিকাভিত্তিক কৰ্মীসকলৰ বেতন বৃদ্ধি কৰা হয় আৰু স্থায়ী কৰ্মীসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰা আদি।

অৱসৰপ্ৰাপ্ত কৰ্মীসকলৰ পেঞ্চন সময়মতে মুকলি নকৰাৰ বাবে পৌৰনিগমৰ কৰ্তৃপক্ষক কঠোৰ সমালোচনা কৰা হৈছে। নিগমৰ বহু কৰ্মী আছে, যিসকলে পৌৰনিগমত বহু বছৰ কৰ্মৰত হৈ থকাৰ পাছতো তেওঁলোকৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰা হোৱা নাই। অৱসৰৰ পাছত এনে বহু কৰ্মী আৰ্থিক সংকটত ভোগ কৰি আছে ৷

উল্লেখ্য যে এক সমিতিয়ে গুৱাহাটী পৌৰনিগমৰ কৰ্মীসকলৰ বাবে পুনৰীক্ষিত বেতন প্ৰয়োগৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু দীৰ্ঘকাল পাৰ হৈ যোৱা সত্ত্বেও এই বেতন পৰিকল্পনাৰ প্ৰয়োগ এতিয়াও হোৱা নাই। সমিতিৰ সমন্বয়ত থকা বিষয়াসকলে কোনো স্পষ্ট যুক্তি নিদিয়াকৈ এই প্ৰক্ৰিয়া স্থগিত ৰাখিছে।

তদুপৰি পৌৰনিগমৰ স্থায়ী কৰ্মীসকলৰ পদোন্নতি বহু বছৰ ধৰি স্থগিত হৈ আছে। কৰ্মীসকলে  যোগ্যতা আৰু অভিজ্ঞতা থকাৰ পাছতো পদোন্নতি লাভ কৰা নাই। ফলত কৰ্মীসকলৰ মনোবল হ্ৰাস পাইছে আৰু তেওঁলোকৰ কামত অৱনতি ঘটিছে।  
উক্ত কৰ্মী সংঘই পৌৰনিগমৰ ধন ব্যৱহাৰ নীতি সম্পৰ্কে গুৰুতৰ অভিযোগ তুলিছে। কৰ্মীসংঘৰ মতে, পৌৰনিগমৰ বিষয়াসকলৰ ব্যক্তিগত সুবিধাৰ বাবে অতি সহজে ধন ব্যৱহাৰ কৰা হয় ৷  অথচ কৰ্মীসকলৰ কল্যাণৰ ক্ষেত্ৰত আৰ্থিক সংকটৰ কথা কোৱা হয়।

ইপিনে, পৌৰনিগমৰ মেয়ৰ মৃগেন শইকীয়াই জনায় যে পৌৰনিগমে চৰকাৰৰ পৰা ইতিমধ্যে ৯ কোটি টকা লাভ কৰিছে আৰু এই ধন পেঞ্চনৰ বাবে শীঘ্ৰে ব্যৱহাৰ কৰা হ'ব।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com