যোৱা ১৯ ডিচেম্বৰত গুৱাহাটীত কংগ্ৰেছৰ "ৰাজভৱন চলো" আন্দোলনৰ সময়ত আৰক্ষীৰ কন্দুৱাৰ গেছৰ প্ৰভাৱত মৃত্যুক আঁকোৱালি লোৱা কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলামৰ মৃত্যু সন্দর্ভত অসম মানৱ অধিকাৰ আয়োগে (AHRC) এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে।
উল্লেখ্য যে উক্ত প্ৰতিবাদী কাৰ্যসূচীত হেজাৰৰো অধিক কংগ্ৰেছ নেতা-কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে। প্ৰতিবাদৰ মূল উদ্দেশ্য আছিল শীঘ্ৰে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ, আদানিৰ ঘোচ কেলেংকাৰীৰ তদন্ত কৰা, মণিপুৰৰ সংকট, আৰু প্ৰস্তাৱিত "এক ৰাষ্ট্ৰ, এক নিৰ্বাচন" বিধেয়কৰ বিৰোধিতা কৰা ।
প্ৰতিবাদত অংশগ্ৰহণ কৰা কংগ্ৰেছ নেতা-নেত্ৰীসকলৰ মাজত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, জেষ্ঠ নেতা ৰিপুন বৰাও আছিল ৷
অভিযোগ অনুসৰি, প্ৰতিবাদকাৰীসকলৰ সৈতে কংগ্ৰেছ কৰ্মী ইছলামে কন্দুৱা গেছৰ ক্ষতিকাৰক প্ৰভাৱৰ দ্বাৰা আক্ৰান্ত হয় । তদুপৰি গুৱাহাটীৰ তিনিজন সাংবাদিক অমৰেন্দ্ৰ ডেকা, ৰাজু বৰা আৰু অজয় শর্মাই কন্দুৱা গেছৰ প্ৰভাৱত বমি কৰাৰ লগতে অস্বস্তিত ভোগে। তেওঁলোকে ঘটনাৰ দিনা সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা গ্ৰহণ কৰে।
আনহাতে, এই গুৰুতৰ অভিযোগক লৈ অসম মানৱ অধিকাৰ আয়োগে কামৰূপ (মহানগৰ)ৰ জিলা আয়ুক্ত আৰু গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্তক ঘটনা সম্পৰ্কত বিস্তৃত প্ৰতিবেদনসহ প্ৰাসংগিক নথি-পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে।