অসম আৰক্ষীত কৰ্মৰত একাংশ লোকৰ আচৰণ লৈ গভীৰ চিন্তাৰ কাৰণ হৈছে। মায়া-মমতাৰ অভাৱ দেখুওৱা একাংশ আৰক্ষী বিষয়াৰ আচৰণে ঠেলাৱালা, ৰিক্সাৱালা, আৰু ডেলিভাৰী বয় আদি দুখীয়া লোকৰ ওপৰত অত্যাচাৰ কৰি আসুৰিক তৃপ্তি লাভ কৰাৰ ঘটনাক লৈ বহুতো প্ৰশ্ন উত্থাপন হৈছে। এনে এটাৰ সাম্প্ৰতিক উদাহৰণ গুৱাহাটী চহৰত সংঘটিত হৈছে, য'ত এজন জমেটোৰ ডেলিভাৰী বয়ক এজন আৰক্ষী বিষয়াই ৰাজহুৱা স্থানত চৰম নিৰ্মমতাৰে প্ৰহাৰ কৰিছে।
ফাঁচী বজাৰৰ জেইল ৰোডত হোৱা এই ঘটনাত ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে ৰাজহুৱা স্থানত ডেলিভাৰী বয়জনক নৃশংসভাৱে মাৰধৰ কৰে। ঘটনাৰ সময়ত বিষয়াজনে ডেলিভাৰী বয়জনক মূৰ চেপি, ষ্ট্ৰীট ফুডৰ দোকানত তীব্ৰ হিংস্ৰতাৰে প্ৰহাৰ কৰে। এই ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত মানুহৰ মাজত তীব্ৰ প্ৰতিবাদ আৰু অসন্তোষ সৃষ্টি কৰিছে।
এক প্রত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে যে সন্ধিয়া প্ৰায় ৬:৩০ বজাত এই ঘটনা সংঘটিত হৈছিল। স্থানীয় লোকৰ মতে, ডেলিভাৰী বয়জনে চিগনেল অমান্য কৰিছিল বুলি অভিযোগ তোলা হৈছে। বিষয়াজনে দূৰৰ পৰা তেওঁৰ গতিবিধি লক্ষ্য কৰি, পথৰ দাঁতিলৈ টানি লৈ প্ৰহাৰ আৰম্ভ কৰে। ডেলিভাৰী বয়জনে কাগজ-পত্ৰ দেখুওৱাৰ পিছতো বিষয়াজনৰ আঘাত অব্যাহত থাকে। আন এক প্রত্যক্ষদৰ্শীয়ে ভিডিঅ' ৰেকৰ্ডিং কৰি থাকোতে বিষয়াজনে তেওঁক ভাবুকি দিয়ে।
এনেধৰণৰ আচৰণত বহু লোকে অসম আৰক্ষীৰ একাংশৰ দয়া-মমতাহীন অৱস্থা প্ৰশ্নবিদ্ধ কৰিছে। মুখ্যমন্ত্ৰী, ডিজিপি বহু বাৰেই আৰক্ষী বিষয়াসকলক জনতাৰ প্ৰতি সদয় ব্যৱহাৰ আৰু বন্ধুত্বপূৰ্ণ মনোভাৱ প্ৰদৰ্শনৰ বাবে আহ্বান জনাইছে। তথাপি, কিছু বিষয়াই প্ৰভাৱশালী লোকৰ সন্মুখত নম্ৰ আচৰণেৰে থাকে, কিন্তু অসহায় ৰিক্সাৱালা, ঠেলাৱালা, বা ডেলিভাৰী বয়ৰ ওপৰত অত্যাচাৰ কৰি নিজৰ বৰমতা প্ৰদৰ্শন কৰে। এই ঘটনাই অসম আৰক্ষীৰ চৰিত্ৰৰ এটা নেতিবাচক ছবি সমাজত প্ৰদান কৰিছে।