প্ৰাপ্যৰ দাবীত পুনৰ আন্দোলন আৰম্ভ কৰিছে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই। আজি গুৱাহাটীৰ চচলত উত্তাল প্ৰতিবাদ কৰি, দীর্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবী পুনৰ জনাই। কৰ্তব্যৰ পোছাক পিন্ধি প্ৰতিবাদকাৰীসকলে শ্লোগানেৰে চচল ধৰ্মঘট ক্ষেত্ৰ উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰীসকলে দাবী কৰে, “আমাৰ দৰমহা বৃদ্ধি, স্থায়ী কৰ্মচাৰীৰ হাৰত দৰমহা, আৰু অতিৰিক্ত শ্ৰমৰ বাবে অতিৰিক্ত মজুৰি প্ৰদান হোৱা উচিত।” তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্মাৰকপত্ৰ প্ৰদান কৰিছে।
“যদি দাবীসমূহ শীঘ্ৰে মানি লোৱা নহয়, তেন্তে কৰ্মবিৰতি আৰু অনশন কৰা হ'ব,” সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই হুংকাৰ দিয়ে।
দীৰ্ঘদিনীয়া দাবীসমূহৰ সমৰ্থনত আৰু অধিক অধিকাৰৰ বাবে, ১০৮ কৰ্মচাৰীয়ে গুৱাহাটীত আন্দোলনৰ পথ বাছি লৈছে।