অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ সভাপতি পদৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা আজি প্ৰকাশিত হৈছে। সমিতিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি, পাঁচজনীয়া তালিকাখন সদৰী কৰা হয়। তালিকাত অন্তৰ্ভূক্ত সাহিত্যিকসকল হল অনুৰাধা শৰ্মা পূজাৰী, ড. গোবিন্দ প্ৰসাদ শৰ্মা, ড. উপেন ৰাভা হাকাচাম, ড. ভীমকান্ত বৰুৱা আৰু ড. বসন্ত কুমাৰ গোস্বামী।
ফোনযোগে প্ৰাৰ্থীসকলৰ অনুমতি লোৱাৰ পিছত উচ্চ ক্ষমতা সম্পন্ন সমিতিয়ে আনুষ্ঠানিকভাৱে তালিকাখন ঘোষণা কৰে।
সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ বাবে এই তালিকাৰ প্ৰকাশৰ পাছত বিভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে। কিছুদিন পূৰ্বে সাহিত্যিক ড. নগেন শইকীয়াই প্ৰতিবাদৰ সূৰ তুলিছিল, য'ত তেওঁ কয়, ‘মই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি ক’বলৈ লাজ পাওঁ’ আৰু ‘অসাহিত্যিকে দায়িত্ব পালে সভাপতিৰ পদমৰ্যাদা নাথাকে’।