খাৰঘুলীত পাইপ বিস্ফোৰণথলীত ভূমিস্খলনৰ আশংকা

খাৰঘুলীত পাইপ বিস্ফোৰণথলীত ভূমিস্খলনৰ আশংকা

গুৱাহাটীঃ ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ খাৰঘুলিৰ নামঘৰ চ’কত জাইকাই বহুওৱা পানীৰ পাইপ বিস্ফোৰণ হৈ জলপ্ৰলয়ৰ সৃষ্টি হৈছিল৷ মুহূৰ্ততে চুনামি সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ পাইপ বিস্ফোৰণত ২৮টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল। প্ৰকাণ্ড গাতৰ পৰা প্ৰায় ৮০ ফুট ওপৰলৈ পানীৰ ফোৱোৰা উঠিছিল৷ পানীৰ সোঁত বৈ মানুহৰ ঘৰৰ সীমাৰ দেৱাল পৰ্যন্ত উটুৱাই নিয়াৰ লগতে এবুকু পৰ্যন্ত পানী হয়৷ পথ-ঘৰ প্লাবিত হৈ বিস্তৰ সম্পত্তি ধ্বংস হয়। ঘটনাই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক গৃহহাৰা হৈছে৷ ইপিনে পাহাৰীয়া এলেকাটোত ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে৷ ভূমিস্খলনৰ আশংকাৰ সৃষ্টি হোৱাত চিন্তিত হৈছে স্থানীয় লোক৷ গুৱাহাটী মেট্ৰ'পলিটান ড্ৰিংক ৱাটাৰ এণ্ড চিৱেজ ব'ৰ্ডে বিস্ফোৰণৰ দিনটোত চাৰিটা পৰিয়ালক ১ লাখ ২০ হাজাৰকৈ টকা ক্ষতিপূৰণ দিয়ে৷ আনোৱাৰ হুছেইন, আবু ফাতেহ আহমেদ, মমিন শ্বেখ, বিনিতা দাসক মুঠ ৪.৮ লাখ টকাই ক্ষতিপূৰণ আদায় দিয়ে। গুৱাহাটী মহানগৰ পানী যোগান আৰু নৰ্দমা পৰিষদ আইন-২০০৯ৰ অধীনত ক্ষতিপূৰণ প্ৰদান কৰা হৈছে। অধিক ক্ষতিগ্ৰস্ত বুলি তালিকাভুক্ত কৰি আজি পুনৰ ২৩ পৰিয়ালক ক্ষতিপূৰণ দিয়া হৈছে৷ ২৩ পৰিয়ালৰ বাবে ১১,৯৬,৫০০ টকা মঞ্জুৰ কৰিছে। গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকাহ দিয়াৰ লগতে ভৱিষ্যতে এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে৷ পাইপ বিস্ফোৰণত ২৮টা পৰিয়ালৰ ঘৰ-দুৱাৰ ধ্বংস হোৱা বুলি জানিব পৰা গৈছে৷ এটা কেঁচুৱা পানীত উটি গৈ কিছু সময় নিৰুদ্দেশ হৈছিল যদিও মাতৃয়ে অতিসাহসেৰে চুনামি সদৃশ পৰিৱেশত পানীত নামি গৈ কেঁচুৱাটোক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অস্থায়ী শিবিৰত ৰাখিছে। আশ্ৰয় শিবিৰত খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কয় যে পৰিস্থিতি নিৰীক্ষণত আছে৷ ভূমিস্খলনৰ আশংকাকে ধৰি বিভিন্ন আন প্ৰাকৃতিক দুৰ্যোগক লৈ নজৰ ৰাখি ব্যৱস্থা গ্ৰহণ কৰা হৈছে।সুৰক্ষা ব্যৱস্থা কৰা হৈছে৷ জানিব পৰা মতে, খাৰঘুলি পানী পৰিশোধন কেন্দ্ৰত চাৰ্জ প্ৰটেকচন টেংক স্থাপনৰ ফলত পানীৰ চাপৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনাটোৱে গুৱাহাটী মহানগৰৰ পৰিকাঠামোৰ নিৰাপত্তাৰ ওপৰত গুৰুতৰ প্ৰশ্ন তুলিছে। স্থানীয় ৰাইজে এনে ঘটনা ৰোধৰ বাবে যথাযথ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে। ক্ষতিগ্ৰস্ত এলেকাৰ মেৰামতিৰ কাম আৰু পুনসংস্থানপ কাৰ্য পূৰ্ণোদ্যমে চলি আছে। আনহাতে চৰকাৰী তথ্য মতে, ক্ষতিগ্ৰস্ত ২১টা পৰিয়ালৰ মুঠ জনসংখ্যা হৈছে ১১৩টা৷ ইয়াৰে ৪৬গৰাকী পুৰুষ আৰু ৫৫গৰাকী মহিলা৷ ৬টা পৰিয়ালৰ সম্পূৰ্ণ ৰূপে ঘৰ-দুৱাৰ ধ্বংস হয়৷ ৫ খন দোকান ধ্বংস হয়৷ জানিব পৰা মতে, সিদিনা দুপৰীয়া হঠাতে খাৰঘুলিৰ নামঘৰ চ’কত মানুহ ব্যস্ত হৈ থকাৰ সময়তে পানীৰ পাইপ বিস্ফোৰিত হয়৷ পানীৰ ফোৱাৰা সত্তৰ ফুট পৰ্যন্ত ওপৰলৈ উঠাত চৌদিশে হাহাকাৰ লাগে৷ পানী বিস্ফোৰিত হোৱাৰ গতি দেখি মানুহ আতংকিত হয়৷ সেই ঠাইৰ পৰা মানুহবোৰে পলায়ন কৰে আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ প্ৰয়াস কৰে৷ একাংশ লোকে সন্তানক বুকুৰ মাজত সোমাই লৈ নিজ ঘৰৰ বিছনাৰ তলত সোমাই পৰে৷ তৎমুহূৰ্ততে পানীৰ ঢল বৈ যোৱাত কেবাটাও পৰিয়ালৰ ঘৰৰ সামগ্ৰী উটুৱাই নিবলৈ ধৰে৷ পানীৰ সোঁত যিখিনি ঠাইৰে বৈ যায় সেই দিশত গাত হৈ পৰে৷ সীমাৰ দেৱাল ভাঙি, গছ-গছনি উঘালি চূচুৰ্মৈ কৰে৷ পানী মানুহৰ ঘৰত সোমাই পৰাত বস্তু-বাহিনী উটুৱাই নিয়ে৷ ৰৈ যোৱা সামগ্ৰীখিনিও নষ্ট হৈছে৷ পানীৰ ফোৱাৰাৰ পৰা শিল উৰি আহি মানুহৰ ঘৰৰ টিনপাত নষ্ট কৰে৷ বিস্ফোৰণত কুৰিটাতকৈ অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, সা-সামগ্ৰী, বস্ত্ৰ, জমাকৃত খাদ্য আদি নষ্ট হয়৷

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com