গুৱাহাটী, ২৮ জানুৱাৰীঃ বিশ্ব অভিলেখৰ বাবে পুনৰ মঞ্চত উঠিবলৈ সাজু হৈছে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডধাৰী মেণ্ডলিন বাদক কুন্তল ৰাজ চক্ৰৱৰ্তী। এইবাৰ ৩৮ ঘণ্টা ধৰি মেণ্ডলিন বাদনেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য লৈছে সুপ্ৰসিদ্ধ মেণ্ডলিন বাদকগৰাকীয়ে। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ব্যতিক্ৰমৰ উদ্যোগত আয়োজন কৰা এক সংবাদমেলত সংগীতজ্ঞগৰাকীয়ে জানিবলৈ দিয়া মতে, অহা ৩১ জানুৱাৰীত গুৱাহাটীৰ গীতানগৰ হাইস্কুল খেলপথাৰত সন্ধিয়া ৬ বজাৰ পৰা ‘মেণ্ডলিন মেজিক’ শীৰ্ষক মেণ্ডলিন বাদনৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।
সংবাদমেলত কুন্তল ৰাজ চক্ৰৱৰ্তীয়ে কয় যে এই অনুষ্ঠানত একেৰাহে ৩৮ ঘণ্টা মেণ্ডলিন বাদনেৰে তেওঁ নিজৰ নামতে থকা ৩৬ ঘণ্টীয়া মেণ্ডলিন বাদনৰ অভিলেখ ভংগ কৰাৰ চেষ্টা কৰিব। উল্লেখ্য যে, ২০১৭ চনত ২৬ ঘণ্টা ৪১ মিনিট একেৰাহে মেণ্ডলিন বজাই বিশ্ব অভিলেখ গঢ়িছিল কুন্তল ৰাজ চক্ৰৱৰ্তীয়ে। কিন্তু ২০২২ চনত অষ্ট্ৰেলিয়াৰ ষ্টিফেন অলিভাৰে ২৭ ঘণ্টা ৮ মিনিটৰ নতুন অভিলেখ গঢ়াত তেওঁ সেই অভিলেখৰ সন্মান হেৰুৱাবলগীয়া হয়। ২০২৩ চনত তেওঁ পুনৰ ৩৬ ঘণ্টীয়া মেণ্ডলিন বাদনৰ নতুন অভিলেখ গঢ়াৰ চেষ্টা কৰে যদিও এতিয়ালৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কর্তৃপক্ষই তেওঁক সেই সাফল্যক স্বীকৃতি প্ৰদান কৰা নাই।
এইবাৰ ৩৮ ঘণ্টাৰ অভিলেখ স্থাপনৰ লক্ষ্যৰে যুঁজিবলৈ ককাঁলত টঙালি বান্ধিছে সংগীতজ্ঞগৰাকীয়ে। সংবাদমেলত তেওঁ জনায় যে, অভিলেখ গঢ়াৰ সময়ত ১৫০০ নতুন গীত পৰিবেশন কৰিব, য’ত কোনো গীতৰ পুনৰাবৃত্তি কৰা নহ’ব। সংগীতৰ সৈতে পোহৰ, শব্দ আৰু ৪৮ ঘণ্টাৰ মাৰাথন নিৰীক্ষণৰ বাবে তিনিটাকৈ কেমেৰাৰ ব্যৱস্থা কৰাৰ প্ৰয়োজনীয়তাৰ কথাও সংবাদমেলত প্ৰকাশ কৰে কুন্তল ৰাজ চক্ৰৱৰ্তীয়ে। ইফালে এই মেণ্ডলিন মেজিক শীৰ্ষক অনুষ্ঠানটোৰ উদ্যোক্তা ব্যতিক্ৰমৰ পৃষ্ঠপোষক ড০ সৌমেন ভাৰতীয়াই কয় যে, এই অনুষ্ঠানটিয়ে অসমবাসীক অনুপ্ৰাণিত কৰাৰ লগতে সৃষ্টিশীলতা আৰু প্ৰতিভাৰ মাহাত্ম্য প্ৰচাৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। সমগ্ৰ অসমবাসীক এই অনুষ্ঠানত অংশগ্ৰহণৰ কৰি কুন্তল ৰাজক তেওঁৰ এই প্ৰচেষ্টাৰ বাবে উৎসাহিত কৰিবলৈ আহ্বান জনায় সৌমেন ভাৰতীয়াই।