আগন্তুক নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব চানডুবি মহোৎসৱ। এইবাৰ ১৫ সংখ্যক বাৰৰ বাবে চানডুবি মহোৎসৱ পালন কৰা হ’ব। কামৰূপ জিলাৰ এইবাৰৰ চানডুবি মহোৎসৱ ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ আয়োজন কৰা হৈছে। এই মহোৎসৱে দূৰ-দূৰণীৰ অগনন পৰ্যটকক আকৰ্ষণ কৰি আহিছে। মহোৎসৱ দিনকেইটাত পৰ্যটকসকলে অঞ্চলটোৰ সাংস্কৃতিক বৈচিত্র আৰু প্ৰাকৃতিক সৌন্দৰ্য উদযাপন কৰিব।
এই বাৰ্ষিক মহোৎসৱে ক্ৰমে এটা গুৰুত্বপূর্ণ অনুষ্ঠানৰ ৰূপ লৈছে। সদৌ ৰাভা ছাত্ৰ সন্থাৰ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিভিন্ন ৰাভা সংগঠনৰ সহযোগত আয়োজন কৰি অহা এই মহোৎসৱৰ মূল উদ্দেশ্য হৈছে চানডুবি হ্ৰদ সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা আৰু এই হ্ৰদক কেন্দ্ৰ কৰি এটা উল্লেখযোগ্য পৰ্যটনস্থলী গঢ়ি তোলা ।
পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত ৰাভা আৰু আন জনজাতিসকলৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব। মহোৎসৱটোৰ অন্যতম বিশেষ আকর্ষণ হৈছে ৰাভা আৰু ৰাজ্যৰ অন্যান্য জনজাতিৰ বৈচিত্র্যময় পৰম্পৰাক প্ৰতিফলিত কৰা সাংস্কৃতিক শোভাযাত্ৰা।
যোৱা ১৪ বছৰৰ পৰা চানডুবি মহোৎসৱে অঞ্চলটোৰ লোক-সংস্কৃতি, বৈচিত্ৰ্যপূৰ্ণ ভোজন, পৰম্পৰাগত বস্ত্ৰ আৰু বয়ন শিল্প, নাও চালন আদিৰ বাবে এটা পৰিচিত মঞ্চৰ ৰূপ ধাৰণ কৰিছে। উল্লেখ্য যে ১৮৯৭ চনৰ বৃহৎ ভূমিকম্পৰ ফলত সৃষ্ট প্ৰাকৃতিক মিঠাপানী হ্ৰদৰ সৌন্দৰ্যও এই মহোৎসৱৰ মূল আকৰ্ষণ। বৰ্তমানে চানডুবি হ্ৰদ আৰ্থিক দিশত স্থানীয় ৰাইজৰ বাবে এটা গুৰুত্বপূৰ্ণ জলাশয়ত পৰিণত হৈছে।
অলপতে এক অনুষ্ঠানত পশ্চিম কামৰূপ বনসংমণ্ডল বিষয়াসভা সুবোধ তালুকদাৰে চানডুবি মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে। এই পাঁচদিনীয়া মহোৎসৱত বিভিন্ন জনগোষ্ঠীয় বৈচিত্ৰ্যৰ প্ৰদৰ্শনৰ লগতে থলুৱা খাদ্য পৰিবেশনৰ বাবে এক বিশেষ খাদ্য প্ৰাংগনো থাকিব।