ৰাজহুৱা শিক্ষা ব্যৱস্থাক লৈ ফ’ৰাম ফৰ ৰাইট টু এডুকেচনৰ প্ৰতিবাদী সভা

ৰাজহুৱা শিক্ষা ব্যৱস্থাক লৈ ফ’ৰাম ফৰ ৰাইট টু এডুকেচনৰ প্ৰতিবাদী সভা

চৰকাৰী উদ্যোগত ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংসৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তত অল ইণ্ডিয়া ফ'ৰাম ফৰ ৰাইট টু এডুকেচনৰ উদ্যোগত এসপ্তাহযোৰা প্ৰতিবাদ অব্যাহত আছে। ২৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰি ১ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হোৱা এই কাৰ্য্যসূচীৰ অংশ হিচাপে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন আলোচনা সভা অনুষ্ঠিত কৰা হয়।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ ৰাজহুৱা শিক্ষা বিৰোধী দফাবোৰ সংশোধন কৰাৰ দাবীৰ লগতে মুঠ চাৰিটা প্ৰধান বিষয়বস্তুকলৈ উক্ত আলোচনা সভাখন অনুষ্ঠিত কৰা হয়। তদুপৰি ভাৰত চৰকাৰৰ বিভিন্ন নব্য উদাৰবাদী নীতি যেনে মাচুল বৃদ্ধি, স্ব-বিত্তীয় পাঠ্যক্ৰম আৰম্ভ কৰা, বিভিন্ন স্তৰত বিত্তীয় অনুদান কমাই অনাৰ উপৰিও শিক্ষানুষ্ঠান সমূহত ৰাজনৈতিক নিযুক্তি আৰু পাঠ্যক্ৰম পৰিৱৰ্তন আদিৰ দৰে প্ৰতিক্ৰিয়াশীল নীতিৰে ৰাজহুৱা শিক্ষা ব্যৱস্থা  সমূহ কিদৰে ধ্বংস কৰিবলৈ লৈছে সেই কথা সদৰী কৰে অনুষ্ঠানটোৰ উদ্যোক্তা সকলে।

ইন্দ্ৰানী দত্তই সভাপতিত্ব কৰা উক্ত সভাত চৰকাৰৰ এনে নীতি বহিৰ্ভূত কাৰ্যৰ বাবে কিদৰে শিক্ষক তথা ছাত্ৰ সমাজৰ মাজত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে সেই বিষয়েও আলোচনা কৰা হয়। অনুষ্ঠানটোত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল গোস্বামীয়ে শিক্ষাৰ অধিকাৰ আইন ২০০৯ -ৰ গুৰুত্বপূৰ্ণ তথ্যসমূহৰ বিশ্লেষণ দাঙি ধৰাৰ লগতে সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সম্পাদক হৰমোহন বৰা আৰু সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাৰ নেত্ৰী পূৰৱী শইকীয়াই তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়েও অৱগত কৰে।

সভাৰ শেষত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ বাতিল কৰা, মুঠ ঘৰুৱা উৎপাদনৰ ১০ শতাংশ শিক্ষাত খৰছ কৰা, শিক্ষকক পাঠ্যক্রম বহির্ভূত অনাশৈক্ষিক কামৰ পৰা আঁতৰাই ৰখা আৰু শিক্ষাৰ যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ বাহাল ৰখাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত অনুষ্ঠানত অল ইণ্ডিয়া ফ'ৰাম ফৰ ৰাইট টু এডুকেচনৰ বিষয়ববীয়াসকলৰ লগতে বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

News Type

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com