‘ভূপেন দা তোমাৰ যে তুলনা নাই’ শীৰ্ষক গ্ৰন্থ উন্মোচন

‘ভূপেন দা তোমাৰ যে তুলনা নাই’ শীৰ্ষক গ্ৰন্থ উন্মোচন

অৱসৰপ্ৰাপ্ত সামৰিক বিষয়া তথা অসমৰ এগৰাকী বিশিষ্ট লেখক বীৰেণ বৰগোহাঁইৰ সংক্ষিপ্ত শব্দৰে লিখা "ভূপেন দা তোমাৰ যে তুলনা নাই" আৰু "মিহলি ফুলৰ শৰাই" শীৰ্ষক দুখন গ্ৰন্থ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। ড° ভূপেন হাজৰিকাৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা আৰু প্ৰীতিৰ প্ৰতিফলন স্বৰূপে বীৰেণ বৰগোহাঁইয়ে এই গ্ৰন্থ দুখন ৰচনা কৰিছে।

উন্মোচনী সভাত আদৰণি ভাষণ প্ৰদান কৰি বিশিষ্ট লেখকগৰাকীয়ে কয় যে, ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ সান্নিধ্য আৰু ঘনিষ্ঠতা, গণশিল্পীগৰাকীৰ গীত-কথাৰ লগতে তেওঁক লগ পোৱাৰ সৌভাগ্যই বৰগোহাঁইক বাৰুকৈয়ে মুগ্ধ কৰিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত তেওঁৰ মনত ক্ৰিয়া কৰিছিল ভূপেন হাজৰিকাৰ বিষয়ে এখন গ্ৰন্থ ৰচনা কৰাৰ। তেওঁৰ কৰ্মজীৱনত প্ৰখ্যাত শিল্পীগৰাকীৰ সান্নিধ্যই কেনেদৰে প্ৰভাৱ তথা অনুপ্ৰেৰণা যোগাইছিল আৰু তেওঁৰ দেশপ্ৰেমে কিদৰে সকলোৰে জীৱন জীপাল কৰি তুলিছিল, সেই বিষয়ে তেওঁ এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰাৰ কথা উল্লেখ কৰে।

তদুপৰি, এই গ্ৰন্থখনে পাঠক সমাজক ড° ভূপেন হাজৰিকাৰ বিষয়ে অধিক জনাত নিশ্চয়কৈ সহায় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।বিশিষ্ট সংগীত শিল্পী মণিষা হাজৰিকাই উক্ত গ্ৰন্থখন উন্মোচন কৰি ভূপেন হাজৰিকাৰ অসমৰ প্ৰতি অৱদান তথা অসমীয়া ভাষাৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা আৰু দুৰ্বলতাৰ বিষয়ে বিৱৰি কয়। আনহাতে, অৱসৰপ্ৰাপ্ত  মেজৰ জেনেৰেল পূৰ্ণানন্দ দাসে উন্মোচন কৰা দ্বিতীয়খন গ্ৰন্থ "মিহলি ফুলৰ শৰাই"ৰ সন্দৰ্ভত বিশিষ্ট লেখক ড° ধৰণী লাহনে কয় যে, বীৰেণ বৰগোহাঁইৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত ৰচনা কৰা গ্ৰন্থখনত বিচিত্ৰ ৰঙৰ ফুলৰ সুৱাস ঘটিছে।

উল্লেখ্য যে, অৱসৰপ্ৰাপ্ত সামৰিক বিষয়া বীৰেণ বৰগোহাঁইয়ে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতীয় সৈন্য বাহিনীৰ এগৰাকী সক্ৰিয় সদস্যৰূপে প্ৰদৰ্শন কৰা অদম্য সাহস, বীৰত্ব আৰু দেশপ্ৰেমৰ স্বীকৃতি স্বৰূপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২ বৰ্ষত প্ৰশস্তি পত্ৰ প্ৰদানেৰে সন্মানিত কৰিছিল। চিম্পী গগৈয়ে আঁতধৰা উক্ত অনুষ্ঠানটোত সভাপতিত্ব কৰে ৰাজীৱ পানী ফুকনে। অনুষ্ঠানটোত সুধাকণ্ঠৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা ৰূপম তালুকদাৰৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।

News Type

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com