গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰি-খানাপাৰা সংযোগী পথত নিতৌ পথচাৰীয়ে যমৰ-যাতনা ভূগিবলীয়া হৈছে৷ অসম সচিবালয়, প্ৰশাসনিক কলেজ, পশু চিকিৎসা মহাবিদ্যালয়, চাহ নিলাম কেন্দ্ৰ, ব্যক্তিগত-চৰকাৰী বহু কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ আহ-যাহত ব্যৱহাৰ কৰা সদাব্যস্ত গণেশগুৰি-খানাপাৰা সংযোগী পথত যান-জঁটত পৰিব লগা হৈছে পথচাৰী৷ পথত যান-জঁট লগাৰ কাৰণ হৈছে ছয়মাইলৰ উৰণীয়া সেঁতু৷
চাৰিমাহে বাঁহৰ বেৰিকেড লগাই ৰখা হৈছে সেঁতুখন৷ এটা খুঁটাত ফাট মেলাত প্ৰশাসন তথা লোকনিৰ্মাণ বিভাগে সেঁতুখনেৰে যাতায়ত বন্ধ কৰি ৰাখিছে৷ যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ২০০৪ চনত নিৰ্মাণ আৰম্ভ কৰা আৰু ২০০৯ চনত মুকলি কৰা সেঁতুখন মাথো ১৭ বছৰৰ পিছতে অকমিলা হৈ পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ তদানীন্তন তৰুণ গগৈ চৰকাৰৰ দিনত নিৰ্মাণ কৰা সেঁতুখন নিৰ্মাণত ঠিকাদাৰ আৰু গড়কাপ্তানি বিভাগে দুৰ্নীতিৰ আশ্ৰয় লৈছিল নেকি তাকে লৈ আৰম্ভ হৈছে চৰ্চা৷ নিৰ্মাণৰ ১৬ বছৰ পিছতেই সেঁতুখনৰ চাৰি নং খুঁটাটোত বৃহৎ ফাঁট মেলে৷
উৰণীয়া সেঁতুখনৰ পুনৰ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হৈছিল গৌতম কনষ্ট্ৰাকচনক। লোকনিৰ্মাণ বিভাগে বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰি পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰয়াস কৰিছিল৷ আগশাৰীৰ ৰে’লৱেৰ অভিযন্তা, ৰাজস্থান, কলকাতাৰ বিশেষজ্ঞৰ দলে সেঁতুখন পৰীক্ষা কৰিছে। বিশেষজ্ঞই মেৰামতি কৰিব নোৱাৰিব বুলি মত দিয়া বুলি জানিব পৰা গৈছে৷ যদি তেনেকৈয়ে সেঁতুখন ব্যৱহাৰ কৰা তেন্তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে৷
২৪ বছৰ পূৰ্বে নিৰ্মাণত জড়িত ঠিকাদাৰী প্ৰতিষ্ঠান ছিমপ্লেক্স আৰু লোকনিৰ্মাণ বিভাগৰ একাংশ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ যদি সঁচাকৈয়ে মেৰামতি কৰিব পৰা নাযায় তেন্তে সেঁতুখন ভাঙি পেলাবলগীয়া হ’ব পাৰে বুলি চৰ্চা চলা দেখা গৈছে৷ যদি ভাঙি পেলাবলগীয়া হয় তেন্তে ৰাজ্যৰ ৰাজকোষৰ কেইবা কোটি টকা পানীত পৰিব৷ অৱসৰৰ পাছতো লোকনিৰ্মাণ বিভাগৰ বিশেষ দায়িত্বত থকা অভিযন্তা দিব্যজ্যোতি চহৰীয়া উৰণীয়া সেঁতুখন নিৰ্মাণৰ সময়ত লোকনিৰ্মাণ বিভাগত চাকৰি কৰি আছিল৷ সেঁতুখনৰ নিৰ্মাণত হোৱা দুৰ্নীতিত এইগৰাকী অভিযন্তাৰ নাম উচ্চাৰণ হৈছে৷ সেঁতুখনৰ জৰিয়তে মহানগৰবাসীৰ যাতায়ত সহজ হৈ পৰিছিল যদিও এতিয়া তীব্ৰ যানজঁটৰ মাধ্যম হৈ পৰিছে। নিম্নমানৰ সামগ্ৰী, অভিযন্তাৰ দুৰ্নীতি আদিৰ বাবে আজি ৰাইজে যমৰ-যাতনা ভূগিবলীয়া হৈছে৷