গুৱাহাটীত মণিপুৰৰ বিদ্ৰোহীক গ্ৰেপ্তাৰ; মণিপুৰত অব্যাহত অভিযান, ৮ বিদ্ৰোহীক গ্ৰেপ্তাৰ

PLA Aarrested

গুৱাহাটীত মণিপুৰৰ বিদ্ৰোহীক গ্ৰেপ্তাৰ; মণিপুৰত অব্যাহত অভিযান, ৮ বিদ্ৰোহীক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে৷ মহানগৰীৰ সদাব্যস্ত পল্টনবজাৰত গোপনে বাহৰ পাতি থকা হিংসা জৰ্জৰিত মণিপুৰৰ বিদ্ৰোহী সংগঠনৰ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ পল্টনবজাৰ অঞ্চলৰ এখন হোটেলত নিষিদ্ধ বিদ্ৰোহী সংগঠন পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) সক্ৰিয় সদস্যক চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গুৱাহাটী আৰক্ষী৷ বশিষ্ঠ আৰক্ষী, বিশেষ অভিযান গোট, পল্টন বজাৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত সিঙক পল্টন বজাৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। কেডাৰজন মণিপুৰৰ থৌবাল জিলাৰ মায়াংলাম্বাম ববি সিং বুলি জানিব পৰা গৈছে৷ হিংসাপীড়িত মণিপুৰত হিংসাত্মক কাৰ্যকলাপত জড়িত থকাৰ অভিযুক্ত বুলি সন্দেহ কৰা হৈছে। সহঃআৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয় যে কিছুদিনৰ পৰা বেহাৰবাৰী অঞ্চলত বসবাস কৰি আছিল। আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে যদিও কোনো অস্ত্ৰ বা গোলা-বাৰুদ উদ্ধাৰ হোৱা নাই৷ বৰ্তমান বশিষ্ঠ আৰক্ষীয়ে জেৰা কৰি আছে আৰু পৰৱৰ্তী তদন্তৰ বাবে শীঘ্ৰেই মণিপুৰ আৰক্ষীক গতাই দিয়া হ'ব। পিএলএৰ আন আন নেতাই বসবাস কৰিবলৈ আৰম্ভ কৰিছে যদিও নিৰীক্ষণ কৰি থকা হৈছে৷ মণিপুৰত নিৰাপত্তা বাহিনীয়ে পিপলছ লিবাৰেচন আৰ্মীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৱা ৪৮ ঘণ্টাত ৰাজ্যিক আৰু কেন্দ্ৰীয় বাহিনীৰ এটা যুটীয়া দলে উপত্যকা জিলাসমূহত কেইবাটাও অভিযানত আঠটা পৃথক নিষিদ্ধ গোটৰ সৈতে জড়িত ৮ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ এই অভিযানৰ ফলত অস্ত্ৰ-শস্ত্ৰ, সামৰিক সঁজুলি, মোবাইল ফোন আৰু নগদ ধন উদ্ধাৰ হয়। মণিপুৰৰ থৌবাল জিলাত নিৰাপত্তাৰক্ষীয়ে পুৱাৰ ভাগত চলোৱা অভিযানত এজন ১৫ বছৰীয়া কিশোৰসহ সাতজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ৰাজ্যিক আৰক্ষী আৰু চিআৰপিএফৰ এটা যুটীয়া দলে পুৱা প্ৰায় ২.২০ বজাত এই অভিযান চলাইছিল৷ চোৰাংচোৱা তথ্যৰ ওপৰত অভিযান চলাই হেইৰোক অংশ-৩ৰ ৱাইবিচি ক্লাবত লুকাই থকা সশস্ত্ৰ দুৰ্বৃত্তৰ দলটোক ধৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত স্থানীয় লোকে নিৰাপত্তাৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰে৷ যাৰ ফলত কিছু আৰক্ষী আৰু চিআৰপিএফৰ বাহন ক্ষতিগ্ৰস্ত হয়। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে বাহিনীয়ে জনতাক ছত্ৰভংগ দিবলৈ অ-মাৰাত্মক গোলা-বাৰুদ ব্যৱহাৰ কৰাত পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে৷ বাহিনীটোৱে দুটা আইএনএছএএছ ৰাইফল, এটা এলএমজি, এটা কাৰ্বাইন, এটা এমএ-৩ আৰু এমকে-১১ ৰাইফল, ১৫০ ৰাউণ্ডতকৈও অধিক গোলা-বাৰুদ, কেইবাটাও মোবাইল ফোন, এখন চাৰিচকীয়া বাহন, এখন বাইক, নেপালী মুদ্ৰা আৰু বিভিন্ন সামগ্ৰী, গুৰুত্বপূৰ্ণ অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি উদ্ধাৰ কৰে। ইপিনে ফেব্ৰুৱাৰী মাহত হোজাই জিলাৰ মোৰাঝাৰৰ পৰা একেটা সংগঠনৰ আন এজন কেডাৰ য়াইখোম তাণ্ডাবা সিঙক আটক কৰিছিল। হোজাইৰ এছ পি সৌৰভ গুপ্তাৰ মতে তাণ্ডাবা সিং অস্ত্ৰ ব্যৱসায় আৰু ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল৷ অস্ত্ৰৰ চোৰাং সৰবৰাহ নেটৱৰ্ক স্থাপনৰ বাবে কাম কৰি আছিল।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media