১৫ হাজাৰ টকাৰ পঞ্জীয়ন মাচুল হ’ল ৫ লাখ! থলুৱা ঠিকাদাৰক পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰ

pwd

১৫ হাজাৰ টকাৰ পঞ্জীয়ন মাচুল হ’ল ৫ লাখ! থলুৱা ঠিকাদাৰক পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰ

ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ ঠিকাদাৰ সমাজ৷ বৃহৎ ঠিকাদাৰী সংস্থা আৰু চৰকাৰৰ ঘনিষ্ঠ ঠিকাদাৰৰ স্বাৰ্থত ৰাজ্য চৰকাৰে হঠকাৰী সিদ্ধান্ত লৈছে৷ অসমৰ থলুৱা ঠিকাদাৰসকলক পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে অসম চৰকাৰে৷ লোকনিৰ্মাণ বিভাগৰ ঠিকাৰ পঞ্জীয়নৰ মাচুল ৰাজ্য চৰকাৰে ভায়ৱহ হাৰত বৃদ্ধি কৰিছে৷ পূৰ্বতকৈ কেইবাগুণ মাচুল বৃদ্ধি কৰাত একাংশ ঠিকাদাৰে মূৰে-কপালে হাত দিছে৷ মাচুলৰ পৰিমাণ প্ৰত্যক্ষ কৰি ঠিকাদাৰৰ হাত-ভৰি লুকাইছে৷ এতিয়াৰ পৰা প্ৰথম শ্ৰেণীৰ এ-ৰ ঠিদাকাৰৰ পঞ্জীয়ন মাচুল কৰা হৈছে ৫ লাখ টকা৷ প্ৰথম শ্ৰেণীৰ বি-ৰ ঠিকাদাৰৰ পঞ্জীয়ন মাচুল কৰা হৈছে ২ লাখ টকা৷ প্ৰথম শ্ৰেণীৰ চি-ৰ ঠিকাদাৰৰ পঞ্জীয়ন মাচুল কৰা হৈছে ২ লাখ টকা৷ দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰৰ পঞ্জীয় মাচুল ৫০ হাজাৰ টকা৷ তৃতীয় শ্ৰেণীৰ ঠিকাদাৰৰ পঞ্জীয়ন মাচুল ২৫ হাজাৰ টকা৷  নতুনকৈ পঞ্জীয়ন আৰু নবীকৰণৰ ক্ষেত্ৰতো একেই মাচুল নিৰ্ধাৰণ কৰা হৈছে৷ পঞ্জীয়ন মাচুলৰ টকা লৈ ঘূৰাই নিদিয়ে লোকনিৰ্মাণ বিভাগে৷ যি টকা পূৰ্বে ঠিকাদাৰক ঘূৰাই দিছিল৷ ইপিনে ২০১৮ চন পৰ্যন্ত পঞ্জীয়ন মাচুল আছিল প্ৰথম শ্ৰেণীৰ এ-ৰ ঠিকাদাৰৰ ১৫ হাজাৰ টকা৷ প্ৰথম শ্ৰেণীৰ বি-ৰ ঠিকাদাৰৰ পঞ্জীয়ন মাচুল কৰা হৈছে ১০ হাজাৰ টকা, প্ৰথম শ্ৰেণীৰ চি-ৰ ঠিদাকাৰৰ পঞ্জীয়ন মাচুল কৰা হৈছে ৫ হাজাৰ টকা৷ দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰৰ পঞ্জীয়ন মাচুল ২ হাজাৰ টকা৷ তৃতীয় শ্ৰেণীৰ ঠিকাদাৰৰ পঞ্জীয়ন মাচুল ৫০০ টকা আছিল৷ মাথোঁ ৫ বছৰৰ ভিতৰত বিজেপি চৰকাৰৰ দিনত পঞ্জীন মাচুলৰ আকাশ-পাতাল পাৰ্থক্য হয়৷ পূৰ্বে পঞ্জীয়ন মাচুলৰ ধন নিৰ্দিষ্ট সময়ৰ অন্তত ওভতাই দিয়া হৈছিল৷ কিন্তু এতিয়াৰ পৰা সেই ধন ৰাজকোষলৈ যাব৷ ইয়াকে লৈ আজি পূব গুৱাহাটী বিহু সন্মিলনীৰ কাৰ্যালয়ত লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰ সন্থাই সভা অনুষ্ঠিত কৰে৷ সভাত এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে৷ ঠিকাদাৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে সংবাদ মাধ্যমক কয় যে আমাৰ ওপৰত বোজা জাপি দিয়া হৈছে৷ এই বোজা দিব খোজা নিৰ্দেশনা বাতিল কৰক৷ এই বোজা আমি বহন কৰিব নোৱাৰিম৷ তিনি বছৰৰ মূৰে মূৰে এনেকৈ টকা দি থাকিব লাগিব৷ আজিৰ সভাৰ পৰাই মুখ্যমন্ত্ৰী ড০ শৰ্মাক আৰ্জি দি এই নিৰ্দেশনা বাতিল কৰাৰ দাবী উত্থাপন কৰিছে৷ পূৰ্বৰ দৰেই পঞ্জীয়ন মাচুল বাহাল ৰখাৰ দাবী জনায়৷ ঠিকাদাৰসকলে কয় যে চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে বহু ঠিকাদাৰে ঠিকাদাৰী এৰিবলৈ বাধ্য হৈছে৷

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media