গুৱাহাটীত ডেটিং এপ যোগে লগ পোৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড৷ ডেটিং এপ যোগে লগ পোৱা এগৰাকী যুৱতীক হোটললৈ নি শাৰীৰিক শোষণ কৰাৰ অভিযোগ উঠিছে৷ ৰঙালী বিহুৰ মাজতে গুৱাহাটী মহানগৰীত বিশ্ববিদ্যালয়ৰ এগৰাকী ১৯ বছৰীয়া ছাত্ৰীক গুৱাহাটীৰ মাজভাগৰ এখন হোটেলৰ কোঠাত এজন যুৱকে প্ৰলোভন দি মাতি নি যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, ডিগবৈৰ হেমন্ত সোণোৱাল নামৰ যুৱকজনে ছাত্ৰীগৰাকীক হোটেললৈ মাতি নি যৌন নিৰ্যাতন চলাইছিল৷ হেমন্ত সোণোৱালে ছাত্ৰীগৰাকীক এটা ডেটিং এপত লগ পাই বন্ধুত্ব কৰিছিল৷ তেওঁ নিজকে হিন্দুস্থান পেট্ৰ’লিয়ামৰ কৰ্মচাৰী বুলি চিনাকি দিছিল৷ ডেটিং এপৰ পৰা ইনষ্টাগ্ৰামলৈ আহে বন্ধুত্ব৷ তাৰ পিছতে ছাত্ৰীগৰাকীক হোটেলত লগ ধৰিব খোজে৷ গুৱাহাটীৰ হাতীগাঁৱৰ এখন হোটেলত লগ কৰিবলৈ মাতি আনে৷ ছাত্ৰীগৰাকী অহাৰ পিছতে যুৱকজনে হোটেলৰ কোঠালৈ নি শৰীৰত হাত দি শোষণ কৰিবলৈ আৰম্ভ কৰে৷ ছাত্ৰীগৰাকীয়ে বাধা দিয়াৰ পিছতো বলপূৰ্বক যৌন নিৰ্যাতন চলাইছিল। ফলত আঘাতপ্ৰাপ্ত হয় ছাত্ৰীগৰাকী৷ ছাত্ৰীগৰাকীয়ে ভয়ে ভয়ে ঘৰলৈ গৈ পৰিয়ালক অৱগত কৰাত পৰিয়ালে নুনমাটি থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি ভঙাগড়ত যুৱকজনক গ্ৰেপ্তাৰ কৰে৷ ছাত্ৰীগৰাকীয়ে গুৱাহাটীৰ এখন উচ্চ শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আছে।
