১০ দিনৰ মূৰকত হাইঠা মাটিত পৰিল৷ চানমাৰিৰ পূব গুৱাহাটী বিহু সন্মিলনীৰ দুই বিষয়ববীয়া সীমান্ত ঠাকুৰীয়াই ৰাজহুৱাকৈ ক্ষমা খোজে কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতী আৰু পত্নী ভাস্বতী ভাৰতীক৷ দিগন্ত ভাৰতীক বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ তুলি দি মাইক্ৰ’ফোন কাঢ়ি নি অপমান কৰি নমাই দিয়াত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতী আৰু পত্নী ভাস্বতী ভাৰতীয়ে ক্ষমা খোজাৰ দাবী তুলিছিল৷ ৯ দিনে নাও বুৰিলেও টিঙৰ পৰা ননমা পূব গুৱাহাটী বিহু সন্মিলনীয়ে অৱশেষত স্থিতি দুৰ্বল কৰিবলৈ সক্ষম হয়৷ বিষয়টোক লৈ দুয়োপক্ষই আক্ৰমণ-প্ৰত্যাক্ৰমণ, অভিযোগ-প্ৰতিঅভিযোগ অব্যাহত ৰখাৰ সময়তে অৱশেষত আপোচ মীমাংসাৰে নিষ্পত্তি কৰাৰ সিদ্ধান্ত লয়৷ সেই অনুসৰি আজি দুয়োপক্ষই একেলগে বহি বিষয়টোক লৈ আপোচ মীমাংসা কৰে৷ কিন্তু ইতিমধ্যে অসমৰ চলচ্চিত্ৰ সমাজে গোচৰ ৰুজু কৰিছিল৷ ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰিবনে নাই সেই কথা জানিব পৰা নাযায়৷ আজি দুয়োপক্ষই এক বিবৃতি জাৰি কৰাৰ লগতে সংবাদমেল সম্বোধন কৰি ক্ষমা খোজা বুলি উল্লেখ কৰিছে৷ দিগন্ত ভাৰতী, পত্নী ভাস্বতী ভাৰতী, বিহু সমিতিৰ বিষয়ববীয়া বিপুল তালুকদাৰ আৰু সীমান্ত ঠাকুৰীয়াই স্বাক্ষৰ কৰা বিবৃতিত কোৱা হৈছে যে সেই দিনা নিশা অনাকাংক্ষিত আৰু অনিচ্ছাকৃতভাৱে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে আমি বিহু সন্মিলনৰ তৰফৰ পৰা বিপুল তালুকদাৰ আৰু সীমান্ত ঠাকুৰীয়াই দুখ প্ৰকাশ কৰি ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰে কামনা কৰো৷ বিষয়টোক লৈ দিগন্ত ভাৰতী, পত্নী ভাস্বতী ভাৰতীয়েও দুখ প্ৰকাশ কৰাত অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ আয়োজক আৰু শিল্পী, কলা-কুশলীৰ স্বাৰ্থত সমিলমিলেৰে উদ্ভৱ হোৱা বিবাদৰ সামৰণি মাৰিবলৈ সন্মত হয়৷ দুয়ো পক্ষই বিবৃতি প্ৰকাশৰ পিছতে বিষয়টোক লৈ বিবাদ নিষ্পত্তি হোৱা বুলি দাবী কৰা হৈছে৷ ১০ দিন চলি থকা বিতৰ্কৰ অন্ত হয়৷ ১৬ এপ্ৰিলত ৰঙালী বিহুৰ উছাহৰ মাজতে চানমাৰিৰ পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত সংঘটিত হৈছিল এই বিবাদ৷ পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ শিল্পী দিগন্ত ভাৰতীক মঞ্চৰ পৰা জোৰকৈ নমাই আনিছিল বিহু উদযাপন সমিতিৰ বিষয়ববীয়াই। পূব গুৱাহাটী বিহু সন্মিলন সমিতিৰ বিষয়ববীয়া সীমান্ত ঠাকুৰীয়াই সুৰামত্ত অৱস্থাত শিল্পী দিগন্ত ভাৰতীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল। উল্লেখ্য যে ১৬ এপ্ৰিলত পূব গুৱাহাটী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী ভাস্বতী ভাৰতী। কণ্ঠশিল্পী তথা পত্নীৰ অনুষ্ঠান চাবলৈ দৰ্শকৰ আসনত বহি আছিল দিগন্ত ভাৰতী। কিন্তু তেতিয়া পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ একাংশ বিষয়ববীয়াই কণ্ঠশিল্পীগৰাকীক জোৰ কৰিছিল মঞ্চত গীত গাবলৈ। বহুবাৰ মঞ্চত গীত পৰিৱেশন নকৰো বোলাৰ পিছতো জোৰকৈ মঞ্চলৈ মাতি নিছিল শিল্পী দিগন্ত ভাৰতীক। মঞ্চত উঠাৰ পিছত পূব গুৱাহাটী বিহু সন্মিলন সমিতিৰ বিষয়ববীয়াই সম্বৰ্ধনাও জনাইছিল শিল্পীগৰাকীক। ৰাইজ আৰু উপস্থিত সমিতিৰ বিষয়ববীয়াৰ অনুৰোধত এটি গীতো গুণগুণাইছিল শিল্পী দিগন্ত ভাৰতীয়ে। সমিতিৰ বিষয়ববীয়াৰ মতে ধুতি নিপিন্ধাকৈ মঞ্চত উঠাৰ বাবেই অপমান কৰে। তাৰ পিছতে মঞ্চৰ পৰা নমাই লৈ গৈছিল শিল্পী দিগন্ত ভাৰতীক। এই ঘটনাৰ পিছতে দিগন্ত ভাৰতীক অপমান কৰা সীমান্ত ঠাকুৰীয়াৰ বিৰুদ্ধে ঠায়ে ঠায়ে দাখিল কৰিছিল এজাহাৰ। আনফালে দিগন্ত ভাৰতীক ক্ষমা খুজিবলৈ প্ৰতিবাদো কৰিছিল ৰাজ্যৰ শিল্পী সমাজে।
