বাৰিষাৰ প্ৰথম দুজাকমান বৰষুণতেই হাহাকাৰ লাগিছে উত্তৰ গুৱাহাটীৰ বহু অঞ্চলত। মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্গত গুৰুত্বপূৰ্ণ বৃহত্তৰ অঞ্চলটোৰ বহু ঠাই বৰষুণৰ ফলত জলমগ্ন হৈ যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সৃষ্টি কৰিছে। যোৱা কেইদিনমান এৰা-ধৰাকৈ হৈ থকা প্ৰবল আৰু মধ্যমীয়া ধৰণৰ বৰষুণ কেইজাকে যেন সোঁৱৰাই দিলে আহি থকা দিনবোৰত হ'ব পৰা বিষম অৱস্থাৰ কথা। উল্লেখ্য যে বৃহত্তৰ উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলত লক্ষণীয়ভাৱে ৰাস্তা-ঘাটৰ নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ সংলগ্ন নলা-নৰ্দমা আদি বিজ্ঞানসন্মতভাৱে হোৱা নাই, যাৰ ফলত বৰষুণৰ ফলত জমা হোৱা পানী ওলাই যাব নোৱাৰে আৰু এজাক বৰষুণৰ পিছতেই বিভিন্ন অঞ্চল পানীত তল যায়।
এই পানী বহু দিনলৈ ওলাই নগৈ জমা হৈ থাকে আৰু শেষলৈ এক বিষাক্ত আৰু অস্বাস্থ্যকৰ পৰিবেশ গঢ়ি উঠি জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ বহুজনে এই ক্ষেত্ৰত নগৰীকৰণৰ নামত উত্তৰ গুৱাহাটীৰ প্ৰাকৃতিক জলাশয়সমূহ এফালৰ পৰা পুতি পেলোৱা কাৰ্যক পোনপটীয়াভাৱে দোষাৰোপ কৰিব খোজে যদিও আন এচাম সচেতন ব্যক্তিয়ে কয় যে গুৱাহাটী মহানগৰীক ভাৰমুক্ত কৰিবলৈ উত্তৰ গুৱাহাটীৰ নগৰীকৰণৰ বিকল্প নাই। এইক্ষেত্ৰত বিভিন্ন চৰকাৰী কাৰ্যালয় বা ঔদ্যোগিক ব্যৱস্থাপনাৰ বাবে জলাশয় পোতাটো স্বাভাৱিক কথা। মূল কথাটো হ'ল বিজ্ঞানসন্মত উপযুক্ত নলা-নৰ্দমা নিৰ্মাণ কৰি পানী নিৰ্গমনৰ সু-ব্যৱস্থা কৰিলেই আগন্তুক দিনৰ বিপৰ্যয় ৰোধ কৰাটো সম্ভৱ। পিছে সকলো যেন ফুটুকাৰ ফেন! যিয়ে যিয়েই যুক্তি নিদিয়ক কিয় চৰকাৰৰ এইবোৰৰ প্ৰতি কাণসাৰ নাই।
ফলত ফল ভুগিব লগা হৈছে সাধাৰণ জনতাই। উল্লেখ্য, গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ উত্তৰ পাৰৰ ছয় লেনযুক্ত মূল পথ সংযোগী পথৰ উচ্চতা ইমান বেছি যে ইয়াৰ বাবে উত্তৰ গুৱাহাটীৰ এটা বৃহৎ অঞ্চলৰ পানী আবদ্ধ হৈ পৰে। বৰ্তমানলৈকে আবদ্ধ পানী ওলাই যাব পৰা কোনো সু-ব্যৱস্থা দলং নিৰ্মাণৰ দায়িত্বত থকা এইচ পি শিংলা কোম্পানীয়ে নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আবদ্ধ পানীৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে উত্তৰ গুৱাহাটীস্থিত ৰহধলা, কটাহবজাৰ, অভয়পুৰ, বিহলঙনী, মাজগাঁও আদি অঞ্চলত। কিছুদিন আগতে হৈ যোৱা ধাৰাসাৰ বৰষুণত কটাহবজাৰ অঞ্চলৰ মূল পথত একঁকাল পানী হোৱাৰ উপৰি বহু কেইঘৰ মানুহৰ ঘৰৰ ভিতৰতো পানী সোমাই জীয়াতু ভোগাইছে। ৰাইজৰ এতিয়া এটাই প্ৰশ্ন - বৰ্ষাৰ আগমনতেই এই অৱস্থা, পিছলৈ কি হ'ব ? অনাগত দিনৰ কথা চিন্তা কৰি বৰ্তমান আতংকগ্ৰস্ত সমগ্ৰ উত্তৰ গুৱাহাটীবাসী।