পেহেলগাম ঘটনাৰ বিৰুদ্ধে গুৱাহাটীৰ মহানগৰীৰ মাজমজিয়াত আজি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্যিক নেতাৰ উপস্থিতিত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্যিক সংখ্যালঘু বিভাগৰ সভাপতি ছলমান খানৰ নেতৃত্বত সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ পাকিস্তানী সন্ত্ৰাসবাদীৰ পুত্তলিকা দাহ কৰি পাকিস্তান মুৰ্দাবাদ শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদত অংশ লোৱা ৰাজ্যিক সংখ্যালঘু বিভাগৰ সভাপতি ছলমান খানে কয় যে আমি পেহেলগামৰ ভয়ংকৰ ঘটনাক তীব্ৰ গৰিহণা দিছো। আমাৰ প্ৰাৰ্থনা শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছে আৰু কঠোৰ তদন্ত আৰু দ্ৰুত ন্যায় দাবী কৰিছো। কেন্দ্ৰই আহতসকলৰ সঠিক চিকিৎসা সেৱা প্ৰাপ্ত কৰিবলৈ নিশ্চিত কৰিব লাগে। এইটো আচৰিত যে ইমান কঠোৰ নিৰাপত্তা থকা সত্ত্বেও পাকিস্তানী সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰি এনে বৰ্বৰ কাৰ্য কৰিবলৈ সক্ষম হৈছে। এইটো আমাৰ চোৰাংচোৱা আৰু গৃহ বিভাগৰ এক স্পষ্ট ব্যৰ্থতা। আমি গৃহমন্ত্ৰীক দায়িত্ব ল'বলৈ আৰু চৰকাৰক সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক সাহসী, আপোচহীন স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাসমূহক লৈ প্ৰশ্ন উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰক সন্ত্ৰাসবাদবিৰোধী ৰণনীতি সংশোধন আৰু শক্তিশালী কৰিবলৈ আহ্বান জনায়। কংগ্ৰেছে কেৱল ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে স্থানীয় শাসনৰ বিফলতাৰ অভিযোগ উত্থাপন কৰে। আনহাতে, সাংবাদিকৰ মুখামুখি হৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৰ্তমান উজনি অসমৰ ব্যস্ত কংগ্ৰেছ সভাপতি ভূপেন বৰাই পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ প্ৰাণ হেৰুওৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গুৰুতৰ নিৰাপত্তা ত্ৰুটি বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰিছে। গৃহ মন্ত্ৰালয়ক নিৰাপত্তা ৰক্ষাৰ দায়িত্ব ল'বলৈ আহ্বান জনাই ভূপেন বৰাই কয় যে পেহেলগামত পৰ্যটকৰ নিৰ্মম হত্যাকাণ্ডক আমি গৰিহণা দিছো। এই সময়ত আমি একত্ৰিত হ'ব লাগিব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক শক্তিশালী, ঐক্যবদ্ধ প্ৰতিক্ৰিয়া গঢ়িব লাগিব। সন্ত্ৰাসবাদীৰ বাবে কোনো ধৰ্ম বা জাতি নাই- সন্ত্ৰাসবাদ হৈছে সন্ত্ৰাসবাদ, ইয়াক নিৰ্মূল কৰিব লাগিব। চৰকাৰ আৰু গৃহ মন্ত্ৰালয়ে এনে এক সংবেদনশীল অঞ্চলৰ নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটি স্বীকাৰ কৰিব লাগিব আৰু নিশ্চিত কৰিব লাগিব যাতে এনে ঘটনাৰ পুনৰাবৃত্তি কেতিয়াও নহয়।
