মিঞাজান! হাতীগাঁৱৰ এখন ঠাইক লৈ হঠাৎ বিতৰ্ক

মিঞাজান! হাতীগাঁৱৰ এখন ঠাইক লৈ হঠাৎ বিতৰ্ক

নিশাৰ ভিতৰতে গুৱাহাটীৰ এখন ঠাইৰ নাম সলনি কৰাক লৈ দিনদিয়েৰ পূৰ্বে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ মহানগৰীৰ হাতীগাঁৱৰ উত্তৰ নটবমাৰ এখন ঐতিহাসিক ঠাইৰ নাম সলনি কৰাৰ অভিযোগৰ পাছতে গুৱাহাটী পৌৰ নিগমে হস্তক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈ পৰে হয়৷ প্ৰকাশিত খবৰ অনুযায়ী হাতীগাঁৱৰ উত্তৰ নটবমাৰ ‘লখিমীজান’ক ‘মিঞাজান’ ৰূপে নামকৰণ কৰা বুলি প্ৰচাৰ চলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

একাংশ প্ৰতিক্ৰিয়াশীল লোকে হাতীগাঁও আৰক্ষী থানা এলেকাৰ লখিমীজানৰ নাম সলনি কৰি মিঞাজান নগৰ ৰূপে নামকৰণ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে বিষয়টো বিতৰ্কৰ আৱৰ্তত সোমাই পৰে। জানিব পৰা মতে, হাতীগাঁৱত সন্দেহজনক নাগৰিকক লৈ দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে অভিযোগ দিছিল গুৱাহাটী পৌৰ নিগমক। জাৰ্ণেলিষ্ট কলনীৰ সমীপত ‘মিঞাজান নগৰ’ৰ ফলক লগাইছিল কোনো লোকে। মছজিদ সংযোগী পথত লখিমীজানৰ ঠাইত ‘মিঞাজান’ ফলক লগোৱা বুলি দাবী কৰিছিল জনকপুৰ নাগৰিক সমিতিয়ে। সেই অভিযোগৰ পিছতে পুৱাই পৌৰ নিগমে উক্ত ফলক ভাঙি পেলায়৷

কিন্তু স্থানীয় লোকসকলে এয়া নীতিবিৰুদ্ধ আখ্যা দি ঠাইখিনিৰ ইতিহাস নজনা একাংশ লোকে অঞ্চলটোক জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ বাবে এনে কৰা বুলি মত প্ৰকাশ কৰিছে। স্থানীয় জামে মছজিদ সমিতিয়ে ঘটনাটোক ধিক্কাৰ দি এয়া ষড়যন্ত্ৰ আখ্যা দিয়ে৷ মছজিদ সমিতিৰ সভাপতিগৰাকীয়ে কয় যে সেই এলেকাত ২৭ বিঘা মাটি আছে। ১৯৯০ চনত এইসকল লোকে ভূমি ক্ৰয় কৰি ঘৰ নিৰ্মাণ কৰিছে।

তেওঁ আৰু জনাই যে ভূমিখিনিৰ প্ৰকৃত গৰাকীৰ নামেৰেই এই ঠাইখিনিৰ নাম ৰখা হৈছে। ভূমিখিনিৰ প্ৰকৃত গৰাকী আছিল মিঞাজান। ‘মিঞাজান’ নামৰ এই ব্যক্তিজনৰেই আজোনাতি হৈছে বৰ্তমান ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ। ৰেকিবুদ্দিন আহমেদৰ পৰিয়ালে পৰৱৰ্তী সময়ত মাটি বিক্ৰী কৰি নব্বৈৰ দশকত অন্য ঠাইলৈ যায়। তাৰ পূৰ্বেই নিজৰ বহু মাটি অঞ্চলটোৰ পথ তথা আন সামাজিক কামত ব্যৱহাৰ বাবেও দান কৰি গৈছিল মিঞাজানে। সেয়ে লোকজনৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিবলৈ ঠাইখিনিৰ নাম কাহানিবাতেই  মিঞাজান নগৰ ৰখা হৈছিল বুলিও স্থানীয় লোকসকলে জানিবলৈ দিয়ে।

তেতিয়াৰে পৰা অঞ্চলটো ‘মিঞাজান নগৰ’ হিচাপে পৰিচিত৷ একাংশ লোকে অভিযোগ কৰাৰ দৰে লখিমীজানৰ সৈতে মিঞাজানৰ কোনো সম্পৰ্ক নাই বুলিও স্থানীয় লোকসকলে স্পষ্ট কৰি দিয়ে।৷ দুষ্টচক্ৰই মিঞাজানৰ সৈতে লখিমীজানক সংযুক্ত কৰি অঞ্চলটোৰ বিষয়ে অপপ্ৰচাৰ কৰি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে। মিঞাজান নামটোৰ সৈতে মিঞা লোকৰ কোনো সম্পৰ্ক নাই বুলিও কয় লোকসকলে। সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ সময়ত মহানগৰীৰ ঠাইসমূহত পৌৰ নিগমে নাম ফলক লগাওঁতেই ঠাইখিনিত মিঞাজান নামেৰে ফলক লগোৱাৰ কথাও জানিবলৈ দিছে অঞ্চলবাসীয়ে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com