বশিষ্ঠত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ

বশিষ্ঠত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ

আজি গুৱাহাটী মহানগৰীৰ বশিষ্ঠত বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে৷ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় বশিষ্ঠ আৰক্ষী৷ বশিষ্ঠ আৰক্ষী থানা চৌহদৰ প্ৰায় ৫০০ মিটাৰ নিলগৰ বশিষ্ঠ চাৰিআলি আৰক্ষীয়ে অভিযান চলাই এই গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী মহানগৰীত ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সমগ্ৰীৰ অবৈধ বেহা অব্যাহত আছে৷ সময়ে সময়ে মহানগৰ আৰক্ষীয়ে অভিযান চলাই সৰবৰাহকাৰী আৰু ড্ৰাগছ আদিৰ দৰে সামগ্ৰী উদ্ধাৰ কৰে আহিছে৷ কিন্তু তেনে অভিযানক মুঠেও ভয় নকৰে সৰবৰাহকাৰীয়ে৷ মহানগৰীৰ বশিষ্ঠ এলেকাত আজিও নিচাজাতীয় সামগ্ৰীৰ গোপৰ বজাৰ চলি থকাৰ অভিযোগ উত্থাপন হৈছে৷ তাৰ মাজতে মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে আজি অভিযান চলায়। অভিযোগ অনুসৰি চিকা নামৰ এজন মাফিয়াই বশিষ্ঠত এনে অবৈধ সামগ্ৰীৰ সৰবৰাহ কৰি আহিছে৷ চিকাৰ নেতৃত্বতে বশিষ্ঠ অঞ্চলৰ পৰা মহানগৰীৰ ভিন্ন প্ৰান্তত নিষিদ্ধ গাঞ্জাৰ বেহা চলিছে বুলিও অভিযোগ উত্থাপিত হৈ আহিছে৷

About us

Guwahati Portal is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. The platform aims to promote local commerce, showcase Guwahati's culture, and foster community engagement through engaging multimedia content and social media presence.

Email: sales@guwahati.com

Advertisement