ডেংগুৰ হটস্পট ভাস্কৰ নগৰ, চাৰিটা এলোকক ৰেড জ’ন ঘোষণা

ডেংগুৰ হটস্পট ভাস্কৰ নগৰ, চাৰিটা এলোকক ৰেড জ’ন ঘোষণা

ৰাজ্যৰ ৰাজধানী গুৱাহাটীত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব নেকি ডেংগুৱে? গুৱাহাটীৰ কেইবাটাও এলেকাত পুনৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত এই আশংকা কৰা হৈছে৷ ইতিমধ্যে ডেংগুত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে৷ মহিলাৰ মৃত্যুৰ পাছতে ন-ন অঞ্চললৈ সংক্ৰমণ হোৱাৰ আশংকা কৰিছে স্বাস্থ্য বিভাগে৷ স্বাস্থ্য বিভাগ তথা কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ কেইবাটাও এলেকাৰ লোকক সতৰ্ক কৰিছে৷ জুৰোডৰ ভাস্কৰ নগৰ, কাৰ্বিপথ, অম্বিকাগিৰি নগৰ আৰু বামুণীমৈদাম ৰে’লৱে ক’লনীবাসীক সতৰ্ক কৰা হৈছে৷ এই চাৰি এলেকাক ৰেড জ’ন ঘোষণা কৰিছে প্ৰশাসনে। মঙলবাৰে ডেংগুত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় এগৰাকী মহিলাৰ। মহিলাগৰাকীৰ ঘৰ জুৰোডৰ ভাস্কৰ নগৰত বুলি জানিব পৰা গৈছে৷ বৰষুণ কমি অহাৰ পাছতে মহানগৰীৰ ইটোৰ পাছত সিটো অঞ্চলত ডেংগুৰ প্ৰাদুৰ্ভাৱ হোৱাত আতংকিত হৈছে মহানগৰবাসী৷ ইফালে বৃষ্টি কমি অহাৰ সময়ত তথা খৰালিত বতৰ শুকান হ’বলৈ ধৰাৰ সময়তে স্বাস্থ্য বিভাগ তথা কামৰূপ মহানগৰ জিলা প্ৰশাসনে মহামাৰী প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে মহানগৰৰ একাংশ নিৱাসীয়ে। এই সময়ত ভাস্কৰ নগৰ, হাতীগড় চাৰিআলি, গীতানগৰ, কাৰ্বি পথ এলেকাত ইজনৰ পিছত সিজন আক্ৰান্ত হৈছে ডেংগুত। বিগত এটা মাহত জুৰোডৰ ভাস্কৰনগৰৰ ৩০জনৰো অধিক লোক ডেংগুত আক্রান্ত হৈছে। ডেংগুৰ হটস্পটত পৰিণত হৈছে গুৱাহাটীৰ ভাস্কৰ নগৰ। গুৱাহাটীত বছৰি বৃদ্ধি পোৱা ডেংগুৰ প্ৰাদুৰ্ভাৱক লৈ চিন্তিত হৈ পৰিছে মহানগৰবাসী। মন কৰিবলগীয়া যে, গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বছৰি ডেংগুৰ কবলত পৰি আহিছে বহু লোক। আনকি এই মহামাৰীৰ প্ৰভাৱতো মৃত্যুৰ ঘটনাও সঘনাই সংঘটিত হৈ আহিছে। ডেংগু সংক্ৰমিত হোৱাৰ কাৰণ হৈছে এডিছ মহ৷ এই মহবোৰে চাফ-চিকুণ ঘৰত বাস কৰি পৰিষ্কাৰ পানীত কণী পাৰে। ঘৰৰ চালত বা বাৰাণ্ডাৰ ফুলৰ টাবত, নিৰ্মাণাধীন ভৱন, পৰি থকা টায়াৰ বা আন পাত্ৰত জমা হোৱা পানীত প্ৰজনন কৰে এনে মহে। এজাক বৰষুণতে পানী জমা হোৱা গুৱাহাটী যেন বাৰে বাৰে এনে মহৰ বংশবৃদ্ধিৰ উপযুক্ত স্থান হৈ আহিছে। মহানগৰবাসীক ঘৰৰ চৌহদত পানী জমা নকৰিবলৈ সতৰ্ক কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে প্ৰশাসনে। একে সময়তে ৰাজহুৱা স্থানত জমা হোৱা পানীও নিষ্কাষণৰ কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। গুৱাহাটীৰ ভাস্কৰ নগৰ, কাৰ্বিপথ, জু-ৰোডৰ অম্বিকাগিৰি নগৰ আৰু বামুণীমৈদাম ৰে’লৱে কলনীৰ পৰা শিক্ষা লৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু কামৰূপ মহানগৰ প্ৰশাসনে অনগাত দিনত ব্যৱস্থা গ্ৰহণ কৰিব নে নাই সেয়া লক্ষ্যণীয় বিষয় হৈ পৰিছে৷

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com