নিয়ম নামানি প্ৰতিমা বিসৰ্জন! কদৰ্যময় হৈ পৰিছে চূনচালিৰ জাহাজঘাট

নিয়ম নামানি প্ৰতিমা বিসৰ্জন! কদৰ্যময় হৈ পৰিছে চূনচালিৰ জাহাজঘাট

শেহতীয়াকৈ ৰাজ্যজুৰি উদযাপন কৰা হ’ল দুৰ্গা আৰু লক্ষ্মী পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা পূজাৰ অন্তত এতিয়া কেৱল একো একোটা নিৰ্জীৱ মাটি-খেৰৰ মূৰ্ত্তি হৈ পৰিছে দেৱীৰ প্ৰতিমাসমূহ। পূজাৰ দিনকেইটাত মণ্ডপে মণ্ডপে স-সন্মানে প্ৰতিষ্ঠা কৰা দেৱীৰ প্ৰতিমাৰ সন্মুখত মূৰ দোৱাই সেৱা ল’লে লক্ষ লক্ষ ভক্তই। শ্ৰদ্ধা আৰু ভক্তিৰ কেন্দ্ৰবিন্দু হৈ পৰা দেৱীৰ সেই প্ৰতিমাসমূহ বিসৰ্জনৰ পিছত এতিয়া পৰি ৰৈছে কোনো নৈ অথবা পুখুৰীৰ পাৰত। পূজাৰ অন্তত বিসৰ্জন কৰি থৈ যোৱা মণ্ডপৰ প্ৰতিমাসমূহ এতিয়া এলাগী হৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সৃষ্টি কৰিছে কদৰ্যময় ৰূপ। তেনে এক দৃশ্যই পৰিলক্ষিত হৈছে মহানগৰীৰ চূনচালিৰ জাহাজঘাটতো। 

মহানগৰীৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ আয়োজন কৰা দুৰ্গা আৰু লক্ষ্মী পূজাৰ পিছত পূজা কমিটীসমূহে বিসৰ্জন কৰি যোৱা দেৱীৰ পৰিত্যক্ত প্ৰতিমাই ম্লান কৰিছে জাহাজঘাটৰ প্ৰাকৃতিক সৌন্দৰ্য। এনে পৰিপ্ৰেক্ষিততে এতিয়া চূনচালিৰ বহু স্থানীয় নিৱাসীয়ে পূজা কমিটীসমূহৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। মহা ধুমধামেৰে পূজাৰ আয়োজন কৰি পূজাৰ শেষত প্ৰতিমাসমূহ এনেদৰে য’তে ত’তে পেলাই থৈ যোৱাটো ধৰ্ম নহয় বুলিও আক্ষেপ ব্যক্ত কৰিছে স্থানীয় বাসিন্দাই। 

জাহাজঘাটত দোকান দি পৰিয়াল পোহপাল দি অহা এগৰাকী মহিলাই কয়, ''পূজা মণ্ডপৰ প্ৰতিমাই এতিয়া গোটেই জাহাজঘাটটো ডাষ্টবিন কৰি পেলাইছে। পূজা কমিটীবোৰে চাকি-ধূপ জ্বলাই পথৰ কাষতে প্ৰতিমাবোৰ এৰি থৈ যায়। অলপ আঁতৰাই থ’বলৈ ক’লেও ওলোটাই ভেকাহি মাৰিহে উঠে। এই মূৰ্ত্তিবোৰৰ বাবে এতিয়া গোটেই পৰিৱেশটোৱেই দেখিবলৈ বেয়া হৈ পৰিছে।’’ ইফালে স্থানীয় আন এগৰাকী যুৱতীয়ে ক্ষোভ জাহিৰ কৰে পূজা কমিটীসমূহৰ ওপৰত। 

তেওঁ কয়, ''এয়া ধৰ্ম কেনেকৈ হ’ব? মণ্ডপত প্ৰতিষ্ঠা কৰি ভক্তিৰে আৰাধনা কৰা দেৱীক পূজাৰ শেষত এনেদৰে পেলাই থৈ যোৱাটো ধৰ্ম হ’বই নোৱাৰে। পূজা কমিটীবোৰে আৰু্ অলপ কষ্ট কৰি প্ৰতিমাবোৰ পানীত বিসৰ্জন কৰিবলৈও টান পায়।’’ উল্লেখ্য যে, পূজাৰ পিছৰ এনে দৃশ্য কেৱল চূনচালিতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈ-পুখুৰীৰ ঘাটতো সুলভ হৈ পৰে। আনহাতে দেৱ-দেৱীৰ প্ৰতিমাসমূহ বিসৰ্জনৰ পিছত সেই প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ কৰা ৰসায়নিক পদাৰ্থবোৰে পৰিৱেশৰ ওপৰতো ঋণাত্মক প্ৰভাৱ পেলাই অহাৰ অভিযোগ দীৰ্ঘসময়ৰ পৰাই উত্থাপন হৈ আহিছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com