ভাৰতীয় সেনাৰ সাহস আৰু তৎপৰতাত লুইতৰ বুকুৰ পৰা প্ৰাণ ৰক্ষা পৰিল এগৰাকী কিশোৰীৰ। সোমবাৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি যোৱা কিশোৰীগৰাকীৰ জীৱন ৰক্ষা কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰাৰ জোৱানে।
এক্সৰ জৰিয়তে এই ঘটনাৰ বিষয়ে তথ্য প্ৰদান কৰে গুৱাহাটীৰ প্ৰতিৰক্ষা বিভাগৰ জনসংযোগ বিষয়াই। তেওঁ জানিবলৈ দিয়া মতে, ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিবলৈ ধৰা কিশোৰীগৰাকীক প্ৰত্যক্ষ কৰি সমীপতে নিয়োজিত হৈ থকা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰৰ জোৱানেও নৈৰ বুকুত জাপ দিয়ে আৰু সাহস আৰু দক্ষতাৰে কোবাল সোঁতৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে। প্ৰতিৰক্ষা বিভাগৰ পি আৰ অ’ই এই উদ্ধাৰ অভিযানৰ এটা ভিডিঅ’ও এক্সত শ্বেয়াৰ কৰে।
অৱশ্যে কিশোৰীগৰাকী কেনেকৈ পানীত পৰিছিল সেয়া স্পষ্ট হোৱা নাই। সমান্তৰালভাৱে কিশোৰীগৰাকীৰ পৰিচয়ো এতিয়ালৈকে জানিব পৰা নাই।
In a swift and heroic effort, troops of Eastern Command #IndianArmy displayed exceptional courage and teamwork by saving the life of a young girl from drowning in the Brahmaputra River on 21 Oct 2024@SpokespersonMoD@adgpi@easterncomd @CMOfficeAssam @diprassam @PIB_Guwahati pic.twitter.com/V7b3jZH0wP
— PRO, Defence, Guwahati (@prodefgau) October 21, 2024