গুৱাহাটীৰ এখন ডায়াগনষ্টিক চেণ্টাৰৰ বিৰুদ্ধে মহিলাৰ গোপনীয়তা ভংগ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। বেলতলাৰ চাৰ্ভেস্থিত আল্ট্ৰা কেয়াৰ ডায়াগনষ্টিক চেণ্টাৰত এগৰাকী যুৱতীয়ে বিভিন্ন পৰীক্ষাৰ বাবে যোৱাৰ সময়ত তেওঁক চিচিটিভিৰ সন্মুখত কাপোৰ খুলিবলৈ বাধ্য কৰা হৈছিল বুলি অভিযোগ কৰিছে।
যুৱতীগৰাকীয়ে পৰীক্ষাৰ বাবে যোৱাৰ সময়ত তেওঁক এটা কোঠালিত পোছাক খুলিবলৈ দিয়া হৈছিল। পিছত তেওঁ গম পাইছিল যে সেই কোঠালিত চিচিটিভি কেমেৰা লাগি আছিল। এই কথা গম পাই যুৱতীগৰাকীয়ে ডায়াগনষ্টিক চেণ্টাৰৰ বিৰুদ্ধে গোপনীয়তা ভংগৰ অভিযোগ উত্থাপন কৰে। তেওঁ প্ৰশ্ন কৰে, "যি কোঠালিত ৰোগীয়ে পোছাক খুলিব লগা হয়, তাত চিচিটিভি কেমেৰা কিয় লাগি আছিল?"
যুৱতীগৰাকীয়ে এই অভিযোগ উত্থাপন কৰাৰ পিছত হাতীগাঁও আৰক্ষীয়ে আল্ট্ৰা কেয়াৰ ডায়াগনষ্টিক চেণ্টাৰত অভিযান চলাই এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চলাই আছে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।
আৰক্ষীয়ে আন ভুক্তভোগীসকলকো আগবাঢ়ি আহি একে ধৰণৰ অভিজ্ঞতাৰ অভিযোগ দিবলৈ আহ্বান জনাইছে। ৰোগীৰ স্বাস্থ্য পৰীক্ষাক লৈ ব্যৱসায় কৰা এই চেণ্টাৰৰ বিৰুদ্ধে গোপনীয়তা ভংগৰ অভিযোগ উত্থাপন হোৱাত একাংশ লোকৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে। তেওঁলোকে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ৰোগীৰ গোপনীয়তা ৰক্ষাৰ বিষয়ে পুনৰ আলোচনাৰ সূচনা কৰিছে।